--°C
Loading...
Listen to Article
2 min read
80%
বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক মৰমেৰে বলীউডৰ ‘হি-মেন’ বুলি অভিহিত কৰা হয়। হিন্দী চিনেমাৰ আটাইতকৈ সুদৰ্শন অভিনেতা হিচাপে ধৰ্মেন্দ্ৰ পৰিচিত । ছয় দশকৰো অধিক দীঘলীয়া আৰু বিখ্যাত কেৰিয়াৰত তেওঁ ২০০ খনতকৈও অধিক ছবিত কাম কৰিছে। আজিও প্ৰবীণ অভিনেতাই নিজৰ অনুৰাগীৰ হৃদয়ত শাসন কৰে। 

১৯৬০ চনত ধৰ্মেন্দ্ৰই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ৮৯ বছৰ বয়সতো তেওঁ সক্ৰিয় হৈ আছে। উদ্যোগটোত তেওঁৰ যাত্ৰা অবিশ্বাস্য আৰু অনুৰাগীসকলে কিংবদন্তিগৰাকীৰ জীৱনৰ ওপৰত এখন বায়’পিক চাব বিচাৰে। অভিনেতাজনে এবাৰ তেওঁৰ বায়’পিকখনত কোনজন অভিনেতা বিচাৰে সেই বিষয়ে উল্লেখ কৰিছিল।

Dharmendra Revealed Which Actor Should Play Him In His Biopic, Surprisingly It's Not Sunny Or Bobby

আচলতে কেইবছৰমান আগতে ধৰ্মেন্দ্ৰই প্ৰকাশ কৰিছিল যে তেওঁৰ বায়’পিকখনত কোনজন অভিনেতাক তেওঁৰ চৰিত্ৰত অভিনয় কৰাটো বিচাৰে। আশ্চৰ্যজনক কথাটো যে তেওঁ নিজৰ চৰিত্ৰৰ বাবে নিজৰ পুত্ৰ ছানি দেউল বা ববি দেউলক বাছি লোৱা নাই। বৰঞ্চ তেওঁ প্ৰকাশ কৰে যে তেওঁৰ বাবে ছলমান খান এই চৰিত্ৰটোৰ বাবে এক ডাঙৰ পছন্দ হ’ব।


Dharmendra, Salman Khan

২০১৮ চনত হোৱা ধৰ্মেন্দ্ৰৰৰ এক সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল যে যদি তেওঁৰ ওপৰত বায়’পিক নিৰ্মাণ কৰা হয়, তেন্তে তেওঁৰ ভূমিকা পালন কৰিবলৈ উপযুক্ত প্ৰাৰ্থী কোন হ’ব। এই বিষয়ে প্ৰবীণ অভিনেতাগৰাকীয়ে সকলোকে আচৰিত ধৰণৰ উত্তৰ দিলে। তেওঁ ক’লে যে, "মই ভাবো যে বায়'পিকখনত ছলমান খানে মোৰ ভূমিকা ল'ব পাৰে। তেওঁ মোৰ প্ৰিয় আৰু তেওঁৰ মোৰ দৰে কিছুমান অভ্যাস আছে। আপোনালোকে সকলোৱে ছলমান আৰু মোৰ অভ্যাসবোৰ ভালদৰে জানে।"

এক সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰৰ অনুৰাগীয়ে মৰমেৰে ‘লৰ্ড ববী’ বুলি অভিহিত কৰা ধৰ্মেন্দ্ৰৰ কনিষ্ঠ পুত্ৰ ববি দেউলে ছলমান খানৰ সৈতে পিতৃৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল। তেওঁ প্ৰকাশ কৰে যে ছলমান সদায় তেওঁৰ লগত আছে আৰু তেওঁৰ পিতৃক বহুত ভাল পায়। তেওঁ কয়, "তেওঁ মোৰ দেউতাক বহুত ভাল পায়। তেওঁলোকৰ মাজত যি বন্ধন আছে সেয়া আচৰিত।মোৰ দেউতাক তেওঁ বহুত সন্মান কৰে। মোৰ দেউতা আৰু মোৰ পৰিয়ালৰ প্ৰতি তেওঁৰ হৃদয়ত সুকীয়া স্থান আছে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ