--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাতৰিৰ শিৰোনামাত আছে জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম। কোনো নতুন গানৰ কাৰণে তেওঁ শিৰোনাম দখল কৰা নাই, এগৰাকী ৰাজনীতিবিদৰ ওপৰত ক্ষোভ উজাৰি সংবাদ শিৰোনাম দখল কৰিছে চনু নিগমে। সাহস আৰু স্বাভিমানৰ বলত চনু নিগমে সমাজলৈ প্ৰেৰণ কৰিলে এক বাৰ্তা।

তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি একাংশ ৰাজনীতিবিদক এক বিশেষ অনুৰোধ কৰিছে। তেওঁ কয় যে শেহতীয়াকৈ ৰাজস্থানৰৰ জয়পুৰৰ চনু নিগমৰ কনচাৰ্টত মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই শ্ব’ চলি থাকোতেই তাৰ পৰা গুচি গৈছিল আৰু চনু নিগমে সেই কথা ভাল নাপালে। তেওঁ অনুৰোধ জনায় যে যদি তেওঁ মাজতে শ্ব’ এৰিবলগীয়া হয় তেন্তে তেওঁ শ্ব’টোত একেবাৰেই উপস্থিত থকা উচিত নহয়।

ভিডিঅ’টোত চনু নিগমে কৈছিল- ‘ৰাজস্থানৰ জয়পুৰত মোৰ শ্ব’ আছিল। বৰ ভাল আছিল, বহুত ভাল মানুহ আহিছিল। ৰাজস্থানৰ গৌৰৱ বৃদ্ধিৰ বাবে চুক-কোণৰ ​​পৰা প্ৰতিনিধি আহিছিল।ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ লগতে ক্ৰীড়া মন্ত্ৰীও আছিল। বহুত মানুহ আছিল অনুষ্ঠানটোত। আন্ধাৰত সকলোকে দেখাও নাপালোঁ, মানুহ বেছি আছিল। কিন্তু শ্ব’টোৰ মাজতে দেখা পালোঁ মুখ্যমন্ত্ৰী ছাৰ আৰু আন মানুহবোৰ উঠি গুচি গ’ল। তেওঁ যোৱাৰ লগে লগে সকলো প্ৰতিনিধিও গুচি গ’ল।

চনুৱে লগতে কয়- 'সকলোকে অনুৰোধ জনালোঁ যে আপোনালোকে যদি শিল্পীক সন্মান নকৰে তেন্তে বাহিৰৰ মানুহে কি সন্মান কৰিব।' আমেৰিকাত যেতিয়া কোনোবাই অনুষ্ঠান পৰিৱেশন কৰি থাকে তেতিয়া তাত থকা ৰাষ্ট্ৰপতিগৰাকী হঠাতে উঠি গুচি যোৱা কেতিয়াও দেখা পোৱা নাই। তেওঁ কোনো কথা কৈ যাব বা ইংগিত দি যাব। যদি আপোনালোকে উঠি যাবই লাগে, তেন্তে হয় নাহিব নহয় শ্ব’ আৰম্ভ হোৱাৰ আগতেই গুচি যাব।

আৰু চনুৱে কয়- ‘যিকোনো শিল্পীৰ অনুষ্ঠান চলি থকাৰ মাজতে উঠি গুচি যোৱাটো সৰস্বতীৰ অপমান। চনু নিগমে ভিডিঅ'টোৰ কেপচনত লিখিছে - ভাৰতৰ সকলো ৰাজনীতিবিদকে অনুৰোধ কৰিলো যে কোনো শিল্পীৰ অনুষ্ঠানত উপস্থিত নাথাকিব যদিহে মাজতে এনেকৈ উঠি যাবলগীয়া হয়। এয়া শিল্প, শিল্পী আৰু মা সৰস্বতীৰ প্ৰতি অসন্মান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ