--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম টেষ্টত শতক অৰ্জন কৰি এক নতুন নজিৰ গঢ়ি তুলিছে ৰোহিত শৰ্মাই। ৱেষ্ট ইণ্ডিজৰ ক্ৰীছ গেলক অতিক্ৰম কৰে। এতিয়া তেওঁৰ আগত কেৱল শচীন টেণ্ডুলকাৰ আৰু ডেভিদ ৱাৰ্নাৰ।

শুকুৰবাৰে ৰোহিতৰ বেটৰ পৰা আহে ১০৩ ৰানৰ ইনিংছ। ইয়াৰ লগে লগে ৰোহিতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৩টা শতক অৰ্জন কৰে। তেওঁ অ’পেনাৰ হিচাপে গেইলৰ ৪২ শতকৰ উদাহৰণক অতিক্ৰম কৰিলে। শচীন তাৰ সন্মুখত। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অ’পেনাৰ হিচাপে শচীনে ৪৫টা শতক অৰ্জন কৰিছে।

অৱশ্যে এই বিশ্ব অভিলেখ অষ্ট্ৰেলিয়াৰ ৱাৰ্নাৰৰ হাতত আছে। তেওঁ অ’পেনাৰ হিচাপে ৪৯ শতক ৰান সংগ্ৰহ কৰে। এই তালিকাত ৰোহিতে অকলেই তৃতীয় স্থানলৈ আহিছিল।

ইয়াৰ উপৰিও তেওঁ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপতো এক নজিৰ গঢ়ি তুলিছে। ষ্টিভ স্মিথৰ উদাহৰণে চুই গ’ল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে এই পৰ্যন্ত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৯টা শতক অৰ্জন কৰিছে। শুকুৰবাৰে ৰোহিতে কৰা শতকটো আছিল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত তেওঁৰ নৱমটো শতক। এই তালিকাৰ শীৰ্ষত আছে ইংলেণ্ডৰ জো ৰুট। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত তেওঁ এতিয়ালৈকে ১৩টা শতক অৰ্জন কৰিছে। এই তালিকাৰ দ্বিতীয় স্থান অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুচেনৰ। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এতিয়ালৈকে তেওঁ ১১টা শতক অৰ্জন কৰিছে। নিউজিলেণ্ডৰ কেন উইলিয়ামছন ১০ শতকৰে তৃতীয় স্থানত আছে। ৰোহিত আৰু স্মিথে যৌথভাৱে চতুৰ্থ স্থান দখল কৰে। ষষ্ঠ স্থানত আছে পাকিস্তানৰ বাবৰ আজম। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত এতিয়ালৈকে তেওঁ ৮টা শতক অৰ্জন কৰিছে।

মুঠতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিতৰ শতকৰ সংখ্যা ৪৮টা। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে টেষ্টত ১২টা, এদিনীয়াত ৩১টা আৰু টি-২০ ক্ৰিকেটত ৫টা শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ