--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মশালাত ভাৰতে জয়লাভ কৰাৰ পিছতে পোহৰলৈ আহে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহৰ এই টুইট। তাতে দেশৰ টেষ্ট খেলা ক্ৰিকেটাৰসকলৰ বাবে পৃথকে পৃথকে ইনসেন্টিভ ঘোষণা কৰে ব’ৰ্ডৰ সম্পাদকগৰাকীয়ে। ৰাহুল দ্ৰাবিড়ে মেচৰ পিছত সেই ঘোষণাক পোহৰলৈ আনিলে। ভাৰতীয় প্ৰশিক্ষকগৰাকীৰ মতে ইয়াক ইনসেন্টিভতকৈ পুৰস্কাৰ হিচাপেহে চাব লাগে।

দ্ৰাবিদে কয়, টেষ্ট ক্ৰিকেট খেলিবলৈ কোনো ধৰণৰ ইনসেন্টিভৰ প্ৰয়োজন নাই। কিন্তু ইমান দিনৰ মূৰত টেষ্ট খেলখনক স্বীকৃতি দিয়াটো দেখি ভাল লাগিছে। টেষ্ট অতি কঠিন ফৰ্মেট। ব’ৰ্ডে বুজি পাইছে যে এইটো এটা পুৰস্কাৰ, ইনসেন্টিভ নহয়।” পিছত দ্ৰাবিদে কয়, ‘আমি কেতিয়াও ১০০খন টি-২০ মেচ খেলাৰ লগত ১০০খন টেষ্ট খেলাৰ তুলনা নকৰো।"

প্ৰসংগক্ৰমে ধৰ্মশালাত ভাৰতৰ জয়ৰ কিছু সময়ৰ পিছতে এটা পোষ্টত জয় শ্বাহে লিখিছে, "পুৰুষ দলীয় ক্ৰিকেটাৰৰ বাবে 'টেষ্ট ক্ৰিকেট ইনসেন্টিভ আঁচনি' আৰম্ভ কৰি মই সুখী। ইয়াৰ দ্বাৰা আমাৰ সন্মানীয় খেলুৱৈসকলৰ আৰ্থিক অৱস্থা উন্নত হ’ব। ২০২২-২৩ ছিজনৰ পৰা আৰম্ভ হ’ব ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’। টেষ্ট মেচ খেলাৰ বাবে প্ৰতিখন মেচত ১৫ লাখ টকাৰ উপৰিও এই ধনৰাশি প্ৰদান কৰা হ’ব।”

জয়ে পোষ্টৰ সৈতে এখন তালিকা দিলে। ধৰি লওক ভাৰতে এটা ছিজনত ৯ খন টেষ্ট খেলিব। যদি কোনো ক্ৰিকেটাৰে ৫০%তকৈ কম অৰ্থাৎ ৪ খনতকৈ কম টেষ্ট খেলিছে, তেন্তে তেওঁ ‘ইনসেন্টিভ’ হিচাপে কোনো ধন নাপাব। যদি কোনো ক্ৰিকেটাৰে ৫০ শতাংশতকৈ অধিক অৰ্থাৎ ৫ বা ৬ খন টেষ্ট খেলিছে তেন্তে তেওঁ ‘Incentive’ পাব। প্ৰথম এঘাৰত থাকিলে প্ৰতিখন মেচত ৩০ লাখ টকা আৰু প্ৰথম এঘাৰত নাথাকিলে প্ৰতিখন মেচত ১৫ লাখ টকা পাব।

যদি এজন ক্ৰিকেটাৰে ৭৫ শতাংশতকৈ অধিক অৰ্থাৎ ৯খন খেলৰ ভিতৰত ৭খন বা তাতকৈ অধিক খেল খেলে, তেন্তে ধনৰ পৰিমাণ বহুত বৃদ্ধি পাব। তেনে ক্ষেত্ৰত প্ৰথম এঘাৰ ক্ৰিকেটাৰে প্ৰতিখন মেচতে ৪৫ লাখ টকা লাভ কৰিব। যদি আপুনি প্ৰথম এঘাৰত নাথাকে তেন্তে প্ৰতিখন মেচত ২২.৫ লাখ টকা পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু