--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মশালাত ভাৰতে জয়লাভ কৰাৰ পিছতে পোহৰলৈ আহে ব’ৰ্ডৰ সম্পাদক জয় শ্বাহৰ এই টুইট। তাতে দেশৰ টেষ্ট খেলা ক্ৰিকেটাৰসকলৰ বাবে পৃথকে পৃথকে ইনসেন্টিভ ঘোষণা কৰে ব’ৰ্ডৰ সম্পাদকগৰাকীয়ে। ৰাহুল দ্ৰাবিড়ে মেচৰ পিছত সেই ঘোষণাক পোহৰলৈ আনিলে। ভাৰতীয় প্ৰশিক্ষকগৰাকীৰ মতে ইয়াক ইনসেন্টিভতকৈ পুৰস্কাৰ হিচাপেহে চাব লাগে।

দ্ৰাবিদে কয়, টেষ্ট ক্ৰিকেট খেলিবলৈ কোনো ধৰণৰ ইনসেন্টিভৰ প্ৰয়োজন নাই। কিন্তু ইমান দিনৰ মূৰত টেষ্ট খেলখনক স্বীকৃতি দিয়াটো দেখি ভাল লাগিছে। টেষ্ট অতি কঠিন ফৰ্মেট। ব’ৰ্ডে বুজি পাইছে যে এইটো এটা পুৰস্কাৰ, ইনসেন্টিভ নহয়।” পিছত দ্ৰাবিদে কয়, ‘আমি কেতিয়াও ১০০খন টি-২০ মেচ খেলাৰ লগত ১০০খন টেষ্ট খেলাৰ তুলনা নকৰো।"

প্ৰসংগক্ৰমে ধৰ্মশালাত ভাৰতৰ জয়ৰ কিছু সময়ৰ পিছতে এটা পোষ্টত জয় শ্বাহে লিখিছে, "পুৰুষ দলীয় ক্ৰিকেটাৰৰ বাবে 'টেষ্ট ক্ৰিকেট ইনসেন্টিভ আঁচনি' আৰম্ভ কৰি মই সুখী। ইয়াৰ দ্বাৰা আমাৰ সন্মানীয় খেলুৱৈসকলৰ আৰ্থিক অৱস্থা উন্নত হ’ব। ২০২২-২৩ ছিজনৰ পৰা আৰম্ভ হ’ব ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’। টেষ্ট মেচ খেলাৰ বাবে প্ৰতিখন মেচত ১৫ লাখ টকাৰ উপৰিও এই ধনৰাশি প্ৰদান কৰা হ’ব।”

জয়ে পোষ্টৰ সৈতে এখন তালিকা দিলে। ধৰি লওক ভাৰতে এটা ছিজনত ৯ খন টেষ্ট খেলিব। যদি কোনো ক্ৰিকেটাৰে ৫০%তকৈ কম অৰ্থাৎ ৪ খনতকৈ কম টেষ্ট খেলিছে, তেন্তে তেওঁ ‘ইনসেন্টিভ’ হিচাপে কোনো ধন নাপাব। যদি কোনো ক্ৰিকেটাৰে ৫০ শতাংশতকৈ অধিক অৰ্থাৎ ৫ বা ৬ খন টেষ্ট খেলিছে তেন্তে তেওঁ ‘Incentive’ পাব। প্ৰথম এঘাৰত থাকিলে প্ৰতিখন মেচত ৩০ লাখ টকা আৰু প্ৰথম এঘাৰত নাথাকিলে প্ৰতিখন মেচত ১৫ লাখ টকা পাব।

যদি এজন ক্ৰিকেটাৰে ৭৫ শতাংশতকৈ অধিক অৰ্থাৎ ৯খন খেলৰ ভিতৰত ৭খন বা তাতকৈ অধিক খেল খেলে, তেন্তে ধনৰ পৰিমাণ বহুত বৃদ্ধি পাব। তেনে ক্ষেত্ৰত প্ৰথম এঘাৰ ক্ৰিকেটাৰে প্ৰতিখন মেচতে ৪৫ লাখ টকা লাভ কৰিব। যদি আপুনি প্ৰথম এঘাৰত নাথাকে তেন্তে প্ৰতিখন মেচত ২২.৫ লাখ টকা পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ