--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী দিনা উদযাপন কৰা হয় ধনতেৰছ। ধনতেৰছৰ দিনা ধনৰ দেৱতা, দেৱী লক্ষ্মী আৰু ভগৱান ধনৱন্তৰী দেৱী কুবেৰৰ পূজাৰ অতি গুৰুত্ব আছে। জনবিশ্বাস অনুসৰি ধনতেৰছৰ দিনা সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তীয়ে হাতত অমৃতৰ কলহ লৈ আৱিৰ্ভাৱ হৈছিল বুলি কোৱা হয়। সেয়েহে এই সময়ছোৱাত নতুন বস্তু ক্ৰয়ৰ বাবে পৱিত্ৰ উৎসৱৰ লগতে অতি শুভদিন বুলি গণ্য কৰা হয়। এই কাৰণেই বছৰটোৰ ভিতৰতে এই পৱিত্ৰ উৎসৱৰ বাবে অপেক্ষা কৰি সোণ-ৰূপ, গহনা, বাচন-বৰ্তন আৰু নতুন বাহন আদি ক্ৰয় কৰা নিয়ম আছে। ধনতেৰছৰ পূজা সম্পৰ্কীয় কিছু কথা জানো আহক।

 ১. ধনতেৰছৰ দিনা সুখ-সমৃদ্ধি কামনাৰ অৰ্থে বিশেষকৈ ভগৱান গণেশ, মালক্ষ্মী, ভগৱান ধনৱন্তৰী, ভগৱান কুবেৰ আৰু মৃত্যুৰ দেৱতা যমৰাজক পূজা কৰা হয়। ধনতেৰছৰ দিনা যমৰ বিশেষ পূজা কৰিলে অকাল মৃত্যুৰ ভয় দূৰ হয় বুলি বিশ্বাস কৰা হয়।

 ২. চাকিৰ পঞ্চ মহাপৰ্ব শুভৰম্ভ কৰা ধনতেৰছত চাকি দানৰ বিশেষ গুৰুত্ব আছে। ধনতেৰছত চাকি জ্বলালে ব্যক্তিৰ জীৱনৰ লগত জড়িত সকলো দুখ-কষ্ট দূৰ হয় বুলি বিশ্বাস কৰা হয়। মনোবাঞ্ছা পূৰণ আৰু সুখ-সমৃদ্ধিৰ বাবে এইদিনটোত ঘৰত ১৩টা চাকি জ্বলোৱা পৰম্পৰা আছে।

 ৩. ধনতেৰছত ধনৰ দেৱতা ভগৱান কুবেৰৰ পূজা-অৰ্চনা কৰাটো অতি শুভ। ধনতেৰছৰ দিনা কুবেৰ যন্ত্রক বিশেষভাৱে পূজা কৰি ধনৰ অভাৱ দূৰ কৰি আৰ্থিক স্থিতি মজবুত হয় বুলি বিশ্বাস কৰা হয়। দীপাৱলীৰ দিনা পূজিত কুবেৰ যন্ত্ৰ আপোনাৰ ঘৰৰ পূজা স্থানত ৰাখিলে ধন অভাৱ দূৰ হয় বুলি কোৱা হয়।

 ৪. ধনতেৰছৰ দিনা মালক্ষ্মীৰ সৈতে দক্ষিণাৱৰ্তী শংখ পূজাৰো বিশেষ গুৰুত্ব আছে। শংখ মালক্ষ্মীৰ এক ৰূপ বুলি গণ্য কৰা হয়। দক্ষিণাৱৰ্তী শংখক পূজা কৰিলে জীৱনত কেতিয়াও ধনৰ অভাৱ নহয় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু