--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী দিনা উদযাপন কৰা হয় ধনতেৰছ। ধনতেৰছৰ দিনা ধনৰ দেৱতা, দেৱী লক্ষ্মী আৰু ভগৱান ধনৱন্তৰী দেৱী কুবেৰৰ পূজাৰ অতি গুৰুত্ব আছে। জনবিশ্বাস অনুসৰি ধনতেৰছৰ দিনা সাগৰ মন্থনৰ সময়ত ভগৱান ধনৱন্তীয়ে হাতত অমৃতৰ কলহ লৈ আৱিৰ্ভাৱ হৈছিল বুলি কোৱা হয়। সেয়েহে এই সময়ছোৱাত নতুন বস্তু ক্ৰয়ৰ বাবে পৱিত্ৰ উৎসৱৰ লগতে অতি শুভদিন বুলি গণ্য কৰা হয়। এই কাৰণেই বছৰটোৰ ভিতৰতে এই পৱিত্ৰ উৎসৱৰ বাবে অপেক্ষা কৰি সোণ-ৰূপ, গহনা, বাচন-বৰ্তন আৰু নতুন বাহন আদি ক্ৰয় কৰা নিয়ম আছে। ধনতেৰছৰ পূজা সম্পৰ্কীয় কিছু কথা জানো আহক।

 ১. ধনতেৰছৰ দিনা সুখ-সমৃদ্ধি কামনাৰ অৰ্থে বিশেষকৈ ভগৱান গণেশ, মালক্ষ্মী, ভগৱান ধনৱন্তৰী, ভগৱান কুবেৰ আৰু মৃত্যুৰ দেৱতা যমৰাজক পূজা কৰা হয়। ধনতেৰছৰ দিনা যমৰ বিশেষ পূজা কৰিলে অকাল মৃত্যুৰ ভয় দূৰ হয় বুলি বিশ্বাস কৰা হয়।

 ২. চাকিৰ পঞ্চ মহাপৰ্ব শুভৰম্ভ কৰা ধনতেৰছত চাকি দানৰ বিশেষ গুৰুত্ব আছে। ধনতেৰছত চাকি জ্বলালে ব্যক্তিৰ জীৱনৰ লগত জড়িত সকলো দুখ-কষ্ট দূৰ হয় বুলি বিশ্বাস কৰা হয়। মনোবাঞ্ছা পূৰণ আৰু সুখ-সমৃদ্ধিৰ বাবে এইদিনটোত ঘৰত ১৩টা চাকি জ্বলোৱা পৰম্পৰা আছে।

 ৩. ধনতেৰছত ধনৰ দেৱতা ভগৱান কুবেৰৰ পূজা-অৰ্চনা কৰাটো অতি শুভ। ধনতেৰছৰ দিনা কুবেৰ যন্ত্রক বিশেষভাৱে পূজা কৰি ধনৰ অভাৱ দূৰ কৰি আৰ্থিক স্থিতি মজবুত হয় বুলি বিশ্বাস কৰা হয়। দীপাৱলীৰ দিনা পূজিত কুবেৰ যন্ত্ৰ আপোনাৰ ঘৰৰ পূজা স্থানত ৰাখিলে ধন অভাৱ দূৰ হয় বুলি কোৱা হয়।

 ৪. ধনতেৰছৰ দিনা মালক্ষ্মীৰ সৈতে দক্ষিণাৱৰ্তী শংখ পূজাৰো বিশেষ গুৰুত্ব আছে। শংখ মালক্ষ্মীৰ এক ৰূপ বুলি গণ্য কৰা হয়। দক্ষিণাৱৰ্তী শংখক পূজা কৰিলে জীৱনত কেতিয়াও ধনৰ অভাৱ নহয় বুলি বিশ্বাস কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ