--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীয়ে অনুমতি অবিহনে এজন ব্যৱসায়ীয়ে ধোনীৰ প্ৰতিচ্ছবি আৰু নাম ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিত ব্যৱসায়ী মিহিৰ দিৱাকাৰক গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে জয়পুৰ আৰক্ষীয়ে তেওঁক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ৪৬৭, ৪৭১ ধাৰাত অভিযোগ উত্থাপন হৈছে।

বিগত সময়ত ধোনীয়ে দিৱাকাৰৰ কোম্পানী আৰ্কা স্প’ৰ্টছ মেনেজমেণ্টৰ বিৰুদ্ধে ৰাঁচী জিলা আদালতত এজাহাৰ দাখিল কৰিছিল। তেওঁৰ অভিযোগ আছিল যে ২০২১ চনত সেই সংস্থাটোৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। তাৰ পাছতো দিৱাকাৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ নাম আৰু ভাবমূর্তি ব্যৱহাৰ কৰি এখন ক্ৰীড়া একাডেমী চলাই মুনাফা অৰ্জন কৰিছে।

শেহতীয়াকৈ জয়পুৰত এখন একাডেমী মুকলি কৰিছে দিৱাকাৰে। ভাৰত আৰু বিদেশৰ বিভিন্ন চহৰত তেওঁৰ একাডেমী আছে। প্ৰায় সকলো ঠাইতে ধোনিৰ নাম ব্যৱহাৰ কৰি তেওঁ ফ্ৰেঞ্চাইজি মাচুল সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত এম এছ ধোনি ক্ৰিকেট একাডেমী আৰু এম এছ ধোনি স্প’ৰ্টছ একাডেমীয়ে ১৫ কোটি টকা লাভ কৰে। পূৰ্বতে দিৱাকাৰ ধোনিৰ ব্যৱসায়িক সহযোগী আছিল যদিও সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত ধোণীয়ে তেওঁৰ নাম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। দিবকৰে সেই কথা শুনা নাছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক প্ৰথমে নয়দাৰ গৌতম বুদ্ধ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত তেওঁক জয়পুৰলৈ লৈ যোৱা হয়। জয়পুৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোচেফে দাবী কৰে যে দিৱাকাৰে ধোনিৰ নাম ব্যৱহাৰ কৰি গান্ধী পাঠ অঞ্চলত একাডেমী খুলি বহু ধন সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement