--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীয়ে অনুমতি অবিহনে এজন ব্যৱসায়ীয়ে ধোনীৰ প্ৰতিচ্ছবি আৰু নাম ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিত ব্যৱসায়ী মিহিৰ দিৱাকাৰক গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে জয়পুৰ আৰক্ষীয়ে তেওঁক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ৪৬৭, ৪৭১ ধাৰাত অভিযোগ উত্থাপন হৈছে।

বিগত সময়ত ধোনীয়ে দিৱাকাৰৰ কোম্পানী আৰ্কা স্প’ৰ্টছ মেনেজমেণ্টৰ বিৰুদ্ধে ৰাঁচী জিলা আদালতত এজাহাৰ দাখিল কৰিছিল। তেওঁৰ অভিযোগ আছিল যে ২০২১ চনত সেই সংস্থাটোৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। তাৰ পাছতো দিৱাকাৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ নাম আৰু ভাবমূর্তি ব্যৱহাৰ কৰি এখন ক্ৰীড়া একাডেমী চলাই মুনাফা অৰ্জন কৰিছে।

শেহতীয়াকৈ জয়পুৰত এখন একাডেমী মুকলি কৰিছে দিৱাকাৰে। ভাৰত আৰু বিদেশৰ বিভিন্ন চহৰত তেওঁৰ একাডেমী আছে। প্ৰায় সকলো ঠাইতে ধোনিৰ নাম ব্যৱহাৰ কৰি তেওঁ ফ্ৰেঞ্চাইজি মাচুল সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত এম এছ ধোনি ক্ৰিকেট একাডেমী আৰু এম এছ ধোনি স্প’ৰ্টছ একাডেমীয়ে ১৫ কোটি টকা লাভ কৰে। পূৰ্বতে দিৱাকাৰ ধোনিৰ ব্যৱসায়িক সহযোগী আছিল যদিও সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত ধোণীয়ে তেওঁৰ নাম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। দিবকৰে সেই কথা শুনা নাছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক প্ৰথমে নয়দাৰ গৌতম বুদ্ধ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত তেওঁক জয়পুৰলৈ লৈ যোৱা হয়। জয়পুৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোচেফে দাবী কৰে যে দিৱাকাৰে ধোনিৰ নাম ব্যৱহাৰ কৰি গান্ধী পাঠ অঞ্চলত একাডেমী খুলি বহু ধন সংগ্ৰহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু