--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত মাহৰ শেষৰ ফালে টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। কিন্তু দল ঘোষণা নৌহওঁতেই ভাৰতীয় ক্ৰিকেট দললৈ আহিছে এক দুঃসংবাদ৷ টি-২০ বিশ্বকাপত অংশ লোৱাৰ সম্ভাৱনা নাই মহম্মদ ছামিৰ৷ মহম্মদ ছামিৰ অনুপস্থিতিত ভাৰতীয় পেচ আক্রমণত যশপ্রীত বুমৰাহৰ সহযোগী কোন হ’ব, তাকে লৈ চলিছে চিন্তা-চৰ্চা৷ বুমৰাহৰ সহযোগী বিচাৰি ইতিমধ্যে আইপিএলত দৃষ্টি নিক্ষেপ কৰিছে নিৰ্বাচকসকলে। 

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পেচাৰ মায়ংক যাদৱে টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ পেচাৰ হিচাপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ১৫০ বা তাতকৈ অধিক বেগত বলিং কৰি নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল পেচাৰগৰাকীয়ে।

কেৰিয়াৰৰ প্ৰথম দুখন আইপিএল মেচতো মায়ংক যাদৱে ৬ টা উইকেট দখল কৰে। ধাৰণা কৰা হৈছিল যে বিচিচিআইৰ নিৰ্বাচকসকলে মায়ংকক টি-২০ বিশ্বকাপৰ বাবে দলত স্থান দিব৷

কিন্তু তাৰ মাজতে আহিল অনাকাংক্ষিত খবৰ৷ আঘাত পাইছে মায়ংক যাদৱে৷ আঘাতৰ বাবে গুজৰাট টাইটানছৰ বিৰুদ্ধে অন্তিমখন খেলত মায়ংকই ১ অভাৰতকৈ বেছি বলিং কৰিব নোৱাৰিলে।

কিন্তু দুখন খেলৰ অন্তত খেলপথাৰলৈ মায়ংক যাদৱ উভতি আহিব পাৰে৷ কিন্তু এতিয়ালৈকে একো নিশ্চিত নহয় এই খবৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু