--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  ৷হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ। যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব আপুনি জীৱনক, আপোনাৰ পৰিয়ালক, সমাজক অধিক ভালপাবলৈ আৰম্ভ কৰিছে।

কিদৰে ত্যাগ কৰিব ধূমপানৰ বদ অভ্যাস?
ধূমপান ত্যাগ কৰাৰ দিশত প্ৰথম পদক্ষেপটো হ’ল দৃঢ়ভাৱে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা।ধূমপানে কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়,  তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক।

নিকোটিনৰ সলনি আন বস্তু ব্যৱহাৰ কৰক
ধূমপান হঠাতে ত্যাগ কৰিলে নিকোটিন প্ৰত্যাহাৰৰ ফলত মূৰৰ বিষৰ দৰে লক্ষণে দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত লোক এজনক সহায় কৰিব পাৰে।

চেনিবিহীন গাম চোবাওক
যদি আপোনাৰ  আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেন্তে  চুইংগাম ওবাব পাৰে। ওপৰত ই আপোনাৰ ধঁপাতৰ প্ৰতি আগ্ৰহ কমোৱাত  সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ প্ৰতি আগ্ৰহ নিয়ন্ত্ৰণত সহায় হয়।

যোগাসন কৰক
হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে প্ৰাণায়াম আৰু আন যোগাসন কৰক। যোগাসন আৰু ব্যায়ামে আপোনাৰ শৰীৰ -মন সুস্থ তথা সতেজ কৰি তুলিব।খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভণি কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক