--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত কিছু বছৰৰ পৰা হাঁওফাঁওৰ কৰ্কট ৰোগে সংহাৰী ৰূপ ধাৰণ কৰিছে।ধূমপান, প্ৰদূষিত পৰিবেশ আদিয়েই ইয়াৰ মুখ্য কাৰণ বুলি ভবা হৈছে। সচৰাচৰ হোৱা কৰ্কট ৰোগবোৰৰ ভিতৰত ইয়ো এটাআন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগে প্ৰতিবছৰে অধিক লোকৰ প্ৰাণহানি ঘটাই  আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি হাঁওফাঁও কৰ্কট ৰোগত আক্ৰান্ত হোৱা পাঁচজনৰ ভিতৰত প্ৰায় এজনৰ মৃত্যু হয় । 

২০১২ চনত বিশ্বত হাঁওফাঁওৰ কৰ্কট ৰোগী সংখ্যা আছিল ১.৮ নিযুত আছিল।২০১৮ চনত এই সংখ্যা আছিল ২.০৯ নিযুত। তদুপৰি, কেৱল ২০১৮ চনত হাঁওফাঁওৰ কৰ্কট ৰোগত ১.৭৬ নিযুত লোকে প্ৰাণ হেৰুৱাইছিল। বিশ্বত আন কৰ্কট ৰোগৰ তুলনাত হাঁওফাঁওৰ কৰ্কট ৰোগত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ১৭.৮ শতাংশ।

হাঁওফাঁওৰ কৰ্কট ৰোগৰ কিছুমান লক্ষণ হৈছে:- শ্লেষ্মাৰ পৰিৱৰ্তন , কাহিলে তেজ ওলোৱা, বুকু বা পিঠিৰ বিষ, বস্তু গিলাত অসুবিধা পোৱা  ইত্যাদি। ৫০ বছৰৰ তলৰ লোকৰ মাজত বৃদ্ধি পাইছে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা। মূলতঃ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেই এই বয়সৰ লোকসকল কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে বুলি মাৰ্কিন গৱেষকৰ গৱেষণাত প্ৰকাশ পাইছে। শেহতীয়াকৈ এক অধ্যয়ন অনুসৰি ৫০ বছৰ বয়সৰ আগতে ধৰা পৰা কৰ্কট ৰোগৰ ঘটনা সমগ্ৰ বিশ্বতে ভয়ংকৰভাৱে বৃদ্ধি পাইছে।

 ৫০ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত হোৱা কৰ্কট ৰোগৰ ভিতৰত আছে হাঁওফাঁও, স্তন, মলাশয়, খাদ্যনলী, বৃক্ক, যকৃত আৰু অগ্ন্যাশয়ৰ কৰ্কট ৰোগ। সুৰা পান, টোপনি ক্ষতি, ধূমপান, মেদবহুলতা, আৰু উচ্চ মাত্ৰাত সংসাধিত খাদ্য গ্ৰহণ আদি কাৰকৰ বাবেই ৫০ বছৰৰ তলৰ অধিকাংশ লোক কৰ্কট ৰোগত আক্ৰান্ত হয় বুলি গৱেষকসকলে কৈছে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ধঁপাত সেৱনৰ ফলত প্ৰতি বছৰে প্ৰায় 8 নিযুত লোকৰ মৃত্যু হয় যাৰ ভিতৰত ১.২ নিযুত লোক নিষ্ক্ৰিয় ধূমপানৰ সংস্পৰ্শলৈ অহাৰ ফলত মৃত্যুক সাৱটি ল'বলগীয়া হয়। সেয়ে ধূমপানৰ পৰা বিৰত থাকি এটা সুস্থ জীৱন যাপন কৰিবলৈ ধূম্ৰপায়ীসকলে আজিৰেই পৰাই অংগীকাৰবদ্ধ হওঁক।

ধপাতজাত সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী যেনে ইউৰেনিয়াম, এচবেষ্টছ, বিকিৰণ আদি, বায়ু প্ৰদূষণ, আৰু পুষ্টিৰ অভাৱৰ বাবে এনে কৰ্কট ৰোগ হোৱা দেখা যায়। শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে কাৰ্চিনোজেনিক সামগ্ৰীয়ে হাঁওফাঁওৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে প্ৰতি বছৰে ১.৬ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।

ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ। যদিহে আপুনি সঁচাকৈয়ে ধূমপান ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে তেন্তে আপুনি জানিব আপুনি জীৱনক, আপোনাৰ পৰিয়ালক, সমাজক অধিক ভালপাবলৈ আৰম্ভ কৰিছে।

কিদৰে ত্যাগ কৰিব ধূমপানৰ অভ্যাস?
ধূমপান ত্যাগ কৰাৰ দিশত প্ৰথম পদক্ষেপটো হ’ল দৃঢ়ভাৱে এই বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা।ধূমপানে কেৱল ধূমপান কৰাজনৰ বাবেই ক্ষতিকাৰক নহয়,  তেওঁৰ চাৰিওফালৰ লোকসকলৰ বাবেও ই ক্ষতিকাৰক।

নিকোটিনৰ সলনি আন বস্তু ব্যৱহাৰ কৰক
ধূমপান হঠাতে ত্যাগ কৰিলে নিকোটিন প্ৰত্যাহাৰৰ ফলত মূৰৰ বিষৰ দৰে লক্ষণে দেখা দিব পাৰে। সেয়েহে, নিকোটিন গামৰ দৰে নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপীয়ে এনে পৰিস্থিতিত লোক এজনক সহায় কৰিব পাৰে।

চেনিবিহীন গাম চোবাওক
যদি আপোনাৰ  আহাৰৰ পিছত ধূমপান কৰাৰ অভ্যাস আছে তেন্তে  চুইংগাম ওবাব পাৰে। ওপৰত ই আপোনাৰ ধঁপাতৰ প্ৰতি আগ্ৰহ কমোৱাত  সহায় কৰিব। কেঁচা গাজৰ আৰু বাদাম খালে ধঁপাতৰ প্ৰতি আগ্ৰহ নিয়ন্ত্ৰণত সহায় হয়।

যোগাসন কৰক
হাঁওফাঁও সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে প্ৰাণায়াম আৰু আন যোগাসন কৰক। যোগাসন আৰু ব্যায়ামে আপোনাৰ শৰীৰ -মন সুস্থ তথা সতেজ কৰি তুলিব।খোজ কঢ়া আৰু জগিং কৰাৰ দৰে সাধাৰণ ব্যায়ামেৰে আৰম্ভণি কৰিব পাৰে।

সংসদত এক প্ৰশ্নৰ উত্তৰত উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে আলুৰ বাহিৰে, বেছিভাগ খাদ্য সামগ্ৰী ব্যয়বহুল হৈ পৰিছে। ইয়াৰ ভিতৰত আছে ৰহৰ দাইল-মুগ দাইল, চাউল, চেনী, গাখীৰ, চীনা বাদামৰ তেল আৰু ময়দা।উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি  যোৱা এবছৰত আলু ১২ শতাংশ  সস্তা হৈছে, কিন্তু পিয়াজ ৫ শতাংশ  অধিক ব্যয়বহুল হৈ পৰিছে। বিলাহীৰ পিছত পাকঘৰৰ বাজেট গধুৰ কৰাত ৰহৰ দাইলে বিশেষ ভূমিকা লৈছে। ৰহৰ দাইল ১ বছৰত ৩১  জুলাইলৈকে ৩০ শতাংশ  ব্যয়বহুল হৈ পৰিছে।
ক্ৰিচিলৰ মতে  যোগান হ্ৰাস হোৱাৰ বাবে ছেপ্টেম্বৰৰ আৰম্ভণিতে পিঁয়াজ প্ৰতি কিলোগ্ৰামত ৬০-৭০  টকা হ'ব পাৰে। বৰ্তমান পিঁয়াজ  প্ৰতি কিলোগ্ৰামত ২৫-৩০ টকাত বিক্ৰী কৰা হৈছে। ক্ৰিচিলে কয় যে  মহাৰাষ্ট্ৰৰ দৰে পিঁয়াজৰ  মুখ্য উৎপাদক ৰাজ্যবোৰত হোৱা ধাৰাসাৰ  বৰষুণৰ বাবেই পিঁয়াজৰ মূল্য আকাশলংঘী হ’ব পাৰে। 

উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে কৈছেযে ৰহৰ  দাইলৰ মূল্য বৃদ্ধিৰ মুখ্য কাৰণ হৈছে ঘৰুৱা উৎপাদন হ্ৰাস। যোৱা বছৰ ৪.২২  নিযুত টন ৰহৰ দাইল উৎপাদন  হৈছিল। এই বছৰ ৩.৪৩  নিযুত টনলৈ হ্ৰাস হ'ব বুলি অনুমান কৰা হৈছে। তথ্য অনুসৰি এমাহৰ ভিতৰতে ১০ টকালৈ বৃদ্ধি পালে চাউলৰ দাম । এমাহতেই ৩২ টকীয়া চাউলৰ দাম বাঢ়ি ৪২ টকা হল, ৰহৰ দাইলৰ কেজিত একেবাৰে বাঢ়িল ৪০ টকা যিয়ে বৰ্তমান তোলপাৰ লগাই আছে ,১১০ টকাৰ ঠাইত ১৫০ টকা হল ৰহৰ দাইলৰ দাম ।  ২৪০ টকা কেজি জিৰাৰ দাম এতিয়া হল ৭০০ টকা  , শুকান জলকীয়াৰ দাম ২৮০ , হালধীৰ দাম বাঢ়িল ১৬০ টকালৈ লগতে বাঢ়িল মিঠাতেলৰ ৫ টকাকৈ আৰু চেনিৰো ২ টকাকৈ বাঢ়িছে দাম । ইমানৰ পিছতো দাম বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
১২৪৮ যোদ্ধাই যুঁজিব ফুটবলৰ বিশ্বযুদ্ধত
অসমৰ ১১ গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা; সন্মানিত জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাসো
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement