--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাৰিষা কালে কেৱল প্ৰাপ্তবয়স্ককে নহয়, শিশুকো বৰ আমনি কৰে। হঠাতে উষ্ণতা হ্ৰাস, অধিক আৰ্দ্ৰতা আৰু জমা পানীয়ে মেলেৰিয়া, ডেংগু, পানীলগা, টাইফয়েড, চিকুংগুনিয়া, গেষ্ট্ৰ’এণ্টেৰাইটিছ, কলেৰা, লেপ্ট’স্পাইৰ’ছিছ আৰু জণ্ডিচৰ সমস্যা সৃষ্টি কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এই ৰোগবোৰৰ সাধাৰণ লক্ষণসমূহ হ’ল- উচ্চ জ্বৰ, শৰীৰৰ তীব্ৰ বিষ, ফোহা, বমি আৰু পেটৰ বিষ।

আপুনি জানি স্তম্ভিত হ’ব যে দূষিত খাদ্য আৰু পানীৰ বাবে কৃমিৰ সংক্ৰমণো দেখা পোৱা যায়। ইয়াৰ বাহিৰেও শিশুৰ কাহ, চৰ্দি, ফ্লুও হ’ব পাৰে। কিছুমান সতৰ্কতামূলক ব্যৱস্থা অভিভাৱকে লব লাগে যাতে শিশুসকল সুস্থ হৈ থাকে।

১. চৌপাশ পৰিষ্কাৰ আৰু মহমুক্ত কৰি ৰাখক: ঘৰৰ ওচৰত যাতে পানী জমা হৈ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। মহৰ সৈতে মোকাবিলা কৰিবলৈ নিয়মীয়াকৈ ফগিং কৰক। ফুলৰ পাত্ৰ, বাল্টি, পেলনীয়া টায়াৰত পানী জমা হৈছে নেকি সঘনাই পৰীক্ষা কৰক আৰু কোনো সময় নষ্ট নকৰাকৈ পৰিষ্কাৰ কৰক। ঘৰত ল’ৰা-ছোৱালী থকাৰ সময়ত সন্ধিয়াৰ সময়ত খিৰিকী খোলা ৰাখিব নালাগে কাৰণ মহে কামোৰাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শুই থকাৰ সময়ত শিশুক আঠুৱাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰক। এনে কৰিলে ডেংগু আৰু মেলেৰিয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি।

২. মহ নিধনকাৰী ঔষধ ব্যৱহাৰ কৰক: মহক শিশুৰ পৰা আঁতৰাই ৰাখিবলৈ যিকোনো নিধনকাৰী ঔষধ ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ সৈতে কথা পতাটো ভাল। লেপট’স্পাইৰ’ছিছৰ পৰা হাত সাৰিবলৈ বানপানীৰ পানীৰ মাজেৰে খোজকাঢ়ি যোৱাটো এৰক।

৩. শিশুক উপযুক্ত সাজ-পোছাক পিন্ধাওক: লঘু আৰু ঢিলা আৰু সম্পূৰ্ণ হাতৰ কাপোৰ শিশুক পিন্ধালে আৰাম নিশ্চিত কৰাৰ লগতে কিছু সুৰক্ষা প্ৰদান কৰিব পাৰি। শিশুৰ বাহিৰৰ কাম-কাজ সীমিত কৰক।

৪. ঘৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক: অভিভাৱকে নিয়মিতভাৱে বিচনা চাদৰ, কম্বল, আৰু ঘৰুৱা অন্যান্য সামগ্ৰী ধুই সলনি কৰি ল’ব লাগে যাতে এলাৰ্জী ৰোধ হয় আৰু শিশুটি সুস্থ হৈ থাকে।

৫. হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ভালদৰে বজাই ৰাখক: শিশুৱে খাদ্য খোৱাৰ আগতে, স্কুলৰ পৰা অহাৰ পিছত, বা যিকোনো বস্তু স্পৰ্শ কৰাৰ পাছত হাত ধুব লাগে।

৬. শিশুৱে ভালদৰে খাদ্য গ্ৰহণ কৰাটো নিশ্চিত কৰক: শিশুটিক পুষ্টিকৰ উপাদান, ভিটামিন আৰু খনিজ পদাৰ্থ আৰু ভিটামিন চিৰে সমৃদ্ধ খাদ্য যেনে কমলা, কিৱি, নেমু, ষ্ট্ৰবেৰী, বন্ধাকবি, ফুলকবি আৰু বিলাহী খাবলৈ উৎসাহিত কৰিব লাগে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস