--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে প্ৰকাশ পোৱা এক চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে যে লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ২০৩০, ২০৫০ আৰু ২০৮৫ৰ সময়ছোৱাত তাপমাত্ৰা যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বন জৰীপ (FSI)-এ বিৰলা ইনষ্টিটিউট অব্ টেকন’লজী এণ্ড ছাইন্স (BITS) পিলানিৰ সহযোগত 'ভাৰতীয় বনাঞ্চলত জলবায়ু পৰিৱৰ্তনৰ হটস্পট মেপিং' (Mapping of Climate Change Hotspots in Indian Forests)ৰ ওপৰত আধাৰিত এক অধ্যয়নৰ তথ্য প্ৰকাশ কৰিছে। ভাৰতীয় বন জৰীপ (FSI), ২০২১ প্ৰতিবেদন অনুসৰি ভৱিষ্যতে অৰ্থাৎ ২০৩০, ২০৫০ আৰু ২০৮৫ বৰ্ষৰ বাবে উষ্ণতা আৰু বৰষুণৰ তথ্যৰ কম্পিউটাৰ মডেল-আধাৰিত প্ৰণালী ব্যৱহাৰ কৰি ভাৰতৰ বনাঞ্চলৰ ওপৰত জলবায়ুৰ হটস্পটবোৰ নিৰ্ণয় কৰাৰ উদ্দেশ্যৰে অধ্যয়নটো সম্পন্ন কৰা হৈছিল। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱে প্ৰতিবেদনটো প্ৰকাশ কৰি কয়, ‘২০৩০, ২০৫০, ২০৮৫ চনৰ পৰিস্থিতি বিশ্লেষণ কৰি দেখা গৈছে যে লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত অত্যধিক তাপমাত্ৰা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পশ্চিম বংগ, গোৱা, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশত এই সময়ছোৱাত সৰ্বনিম্ন তাপমাত্ৰা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে’। প্ৰতিবেদন অনুসৰি, উত্তৰ-পূবৰ ৰাজ্য সমূহ আৰু ভাৰতৰ উজনি মালাবাৰ উপকূলত বৰষুণ সৰ্বাধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আনহাতে উত্তৰ-পূবৰ আন ৰাজ্য যেনে অৰুণাচল প্ৰদেশ, ছিকিম, দেশৰ উত্তৰ-পশ্চিম অংশ যেনে লাডাখ, জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্ৰদেশত বৰষুণৰ মাত্ৰা হ্ৰাস হোৱাৰো তীব্ৰ সম্ভাৱনা আছে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে ধৰি সেউজগৃহ গেছৰ স্তৰবৃদ্ধি হোৱাৰ ফলত বিশ্বব্যাপী বায়ুমণ্ডলীয় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উষ্ণতাৰ এনে বৃদ্ধিয়ে প্ৰাকৃতিক পৰিঘটনা যেনে বৰষুণ, পৰিৱেশ তন্ত্ৰ আৰু অত্যাৱশ্যকীয় জৈৱিক প্ৰক্ৰিয়াবোৰক প্ৰভাৱিত কৰিছে। জলবায়ু পৰিৱৰ্তনে বতৰৰ প্ৰকাৰৰ ওপৰত নেতিবাচকভাৱে প্ৰভাৱিত কৰে আৰু সেইবোৰে কৃষি আৰু ৰাজহুৱা স্বাস্থ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়। ২০২১ চনত প্ৰকাশিত আইপিচিচি প্ৰতিবেদন অনুসৰি, প্ৰাক-ঔদ্যোগিক সময়ৰ তুলনাত বিশ্বৰ গড় তাপমাত্ৰা ১ ডিগ্ৰী চেলচিয়াছতকৈ অধিক বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তন প্ৰশমনত বনাঞ্চলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বনাঞ্চলসমূহ হৈছে পৃথিৱীৰ কাৰ্বনৰ আটাইতকৈ ডাঙৰ উৎস। বনাঞ্চল কটা বা জ্বলাই দিয়াৰ ফলত এইবোৰ কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ উৎস হৈ পৰে। ইয়াৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলীয় উষ্ণতা যথেষ্ট বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক