--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে প্ৰকাশ পোৱা এক চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে যে লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ২০৩০, ২০৫০ আৰু ২০৮৫ৰ সময়ছোৱাত তাপমাত্ৰা যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বন জৰীপ (FSI)-এ বিৰলা ইনষ্টিটিউট অব্ টেকন’লজী এণ্ড ছাইন্স (BITS) পিলানিৰ সহযোগত 'ভাৰতীয় বনাঞ্চলত জলবায়ু পৰিৱৰ্তনৰ হটস্পট মেপিং' (Mapping of Climate Change Hotspots in Indian Forests)ৰ ওপৰত আধাৰিত এক অধ্যয়নৰ তথ্য প্ৰকাশ কৰিছে। ভাৰতীয় বন জৰীপ (FSI), ২০২১ প্ৰতিবেদন অনুসৰি ভৱিষ্যতে অৰ্থাৎ ২০৩০, ২০৫০ আৰু ২০৮৫ বৰ্ষৰ বাবে উষ্ণতা আৰু বৰষুণৰ তথ্যৰ কম্পিউটাৰ মডেল-আধাৰিত প্ৰণালী ব্যৱহাৰ কৰি ভাৰতৰ বনাঞ্চলৰ ওপৰত জলবায়ুৰ হটস্পটবোৰ নিৰ্ণয় কৰাৰ উদ্দেশ্যৰে অধ্যয়নটো সম্পন্ন কৰা হৈছিল। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দৰ যাদৱে প্ৰতিবেদনটো প্ৰকাশ কৰি কয়, ‘২০৩০, ২০৫০, ২০৮৫ চনৰ পৰিস্থিতি বিশ্লেষণ কৰি দেখা গৈছে যে লাডাখ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত অত্যধিক তাপমাত্ৰা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পশ্চিম বংগ, গোৱা, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশত এই সময়ছোৱাত সৰ্বনিম্ন তাপমাত্ৰা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে’। প্ৰতিবেদন অনুসৰি, উত্তৰ-পূবৰ ৰাজ্য সমূহ আৰু ভাৰতৰ উজনি মালাবাৰ উপকূলত বৰষুণ সৰ্বাধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আনহাতে উত্তৰ-পূবৰ আন ৰাজ্য যেনে অৰুণাচল প্ৰদেশ, ছিকিম, দেশৰ উত্তৰ-পশ্চিম অংশ যেনে লাডাখ, জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্ৰদেশত বৰষুণৰ মাত্ৰা হ্ৰাস হোৱাৰো তীব্ৰ সম্ভাৱনা আছে। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডকে ধৰি সেউজগৃহ গেছৰ স্তৰবৃদ্ধি হোৱাৰ ফলত বিশ্বব্যাপী বায়ুমণ্ডলীয় উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। উষ্ণতাৰ এনে বৃদ্ধিয়ে প্ৰাকৃতিক পৰিঘটনা যেনে বৰষুণ, পৰিৱেশ তন্ত্ৰ আৰু অত্যাৱশ্যকীয় জৈৱিক প্ৰক্ৰিয়াবোৰক প্ৰভাৱিত কৰিছে। জলবায়ু পৰিৱৰ্তনে বতৰৰ প্ৰকাৰৰ ওপৰত নেতিবাচকভাৱে প্ৰভাৱিত কৰে আৰু সেইবোৰে কৃষি আৰু ৰাজহুৱা স্বাস্থ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলায়। ২০২১ চনত প্ৰকাশিত আইপিচিচি প্ৰতিবেদন অনুসৰি, প্ৰাক-ঔদ্যোগিক সময়ৰ তুলনাত বিশ্বৰ গড় তাপমাত্ৰা ১ ডিগ্ৰী চেলচিয়াছতকৈ অধিক বৃদ্ধি পাইছে। জলবায়ু পৰিৱৰ্তন প্ৰশমনত বনাঞ্চলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বনাঞ্চলসমূহ হৈছে পৃথিৱীৰ কাৰ্বনৰ আটাইতকৈ ডাঙৰ উৎস। বনাঞ্চল কটা বা জ্বলাই দিয়াৰ ফলত এইবোৰ কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ উৎস হৈ পৰে। ইয়াৰ ফলত পৃথিৱীৰ বায়ুমণ্ডলীয় উষ্ণতা যথেষ্ট বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র