--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি দেশবাসীয়ে ভিন্ন প্ৰান্তত পুৱা ৭ বজাত সূৰ্য নমস্কাৰ কৰিলে। কেন্দ্রীয় আয়ুস মন্ত্রণালয়ে মকৰ সংক্রান্তিৰ এই পৱিত্ৰ দিনটোত দেশবাসীক সূৰ্য নমস্কাৰ কৰিবলৈ এক কাৰ্যসূচীৰ আয়োজন কৰিছিল। আয়ুস মন্ত্রী সৰ্বানন্দ সোণোৱালে পুৱা ৭ বজাত ডিব্ৰুগড়ত সূৰ্য নমস্কাৰ কাৰ্যসূচীত অংশ লয়। আজিৰ এই ভাৰ্চুৱেল কাৰ্যসূচীটোত কেন্দ্রীয় আয়ুস মন্ত্রণালয়ৰ উদ্যোগত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ পৰা ‘অনুষ্ঠান লাইভ’ প্ৰদৰ্শন কৰে আৰু ইয়াত সমগ্র বিশ্বৰ যোগ অনুশীলনকাৰীসকলে অংশগ্ৰহণ কৰে। অংশগ্রহণকাৰী সকলে ১৩টা ৰাউণ্ড প্ৰদৰ্শন কৰে য’ত প্ৰতিটো ৰাউণ্ডত আছিল ১২টা আসন। উদ্বোধনী ভাষণত কেন্দ্রীয়মন্ত্ৰীগৰাকীয়ে কয় যে মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ’লেহে এখন সুস্থ সমাজ গঢ় দিব পাৰি। সূর্য নমস্কাৰে জীৱনীশক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো এক প্ৰমাণিত সত্য। সূর্য নমস্কাৰে ক’ভিড প্ৰতিৰোধতো সহায়ক হোৱাৰ আশা ব্যক্ত কৰে মন্ত্রীগৰাকীয়ে। সূর্য নমস্কাৰৰ বাবে অৰুণাচলৰ লিকাবালি পাহাৰতো ভক্তৰ ভিৰ। মকৰ সংক্ৰান্তিৰ দিনা অৰুণাচলত হাজাৰ হাজাৰ লোকে স্নান কৰি ৯০০ চিৰি বগাই পাহাৰত উঠি সূৰ্য দেৱতাৰ আশিস ল’লে। পুৱতিনিশাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই লিকাবালিৰ পাহাৰ জলপ্ৰপাত আহি গংগাত স্নান কৰি ভগৱানৰ ওচৰত আশিস ল’লে। মহাভাৰতৰ পৌৰাণিক আখ্যান সম্বলিত অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ লিকাবালিৰ পাহাৰত ৰুক্মিণীক হৰণ কৰি অনাৰ সময়ত এই জলপ্ৰপাত সৃষ্টি হৈছিল বুলি লোক বিশ্বাস আছে। মালিনী থানৰ পৰা ৭ কিলোমিটাৰ দূৰত অৱস্থিত এই জলধৰাত প্ৰতিবছৰে আজিৰ দিনা দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই সুখ-শান্তি আৰু সমৃদ্ধিৰ আশিস বিচাৰি পূজা অৰ্চনা আগবঢ়াই স্নান কৰে। মালিনী থানত পূজা অৰ্চনা কৰি আশিস ল’লে মনৰ ইচ্ছা পূৰণ হৈ বুলি বিশ্বাস কৰে। বছৰটো কুশলে আৰু শান্তিৰ মাজেদি পাৰ হৈ আশা পূৰণ হোৱাৰ কামনাৰে আজি পুৱাৰ ভাগৰে পৰা অগণন ভক্তই ভিৰ কৰে। পৰশুৰাম কুণ্ডৰ পাছত আকাশী গংগাক পবিত্ৰ তীৰ্থস্থান বুলি বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র