--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি দেশবাসীয়ে ভিন্ন প্ৰান্তত পুৱা ৭ বজাত সূৰ্য নমস্কাৰ কৰিলে। কেন্দ্রীয় আয়ুস মন্ত্রণালয়ে মকৰ সংক্রান্তিৰ এই পৱিত্ৰ দিনটোত দেশবাসীক সূৰ্য নমস্কাৰ কৰিবলৈ এক কাৰ্যসূচীৰ আয়োজন কৰিছিল। আয়ুস মন্ত্রী সৰ্বানন্দ সোণোৱালে পুৱা ৭ বজাত ডিব্ৰুগড়ত সূৰ্য নমস্কাৰ কাৰ্যসূচীত অংশ লয়। আজিৰ এই ভাৰ্চুৱেল কাৰ্যসূচীটোত কেন্দ্রীয় আয়ুস মন্ত্রণালয়ৰ উদ্যোগত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ পৰা ‘অনুষ্ঠান লাইভ’ প্ৰদৰ্শন কৰে আৰু ইয়াত সমগ্র বিশ্বৰ যোগ অনুশীলনকাৰীসকলে অংশগ্ৰহণ কৰে। অংশগ্রহণকাৰী সকলে ১৩টা ৰাউণ্ড প্ৰদৰ্শন কৰে য’ত প্ৰতিটো ৰাউণ্ডত আছিল ১২টা আসন। উদ্বোধনী ভাষণত কেন্দ্রীয়মন্ত্ৰীগৰাকীয়ে কয় যে মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ’লেহে এখন সুস্থ সমাজ গঢ় দিব পাৰি। সূর্য নমস্কাৰে জীৱনীশক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো এক প্ৰমাণিত সত্য। সূর্য নমস্কাৰে ক’ভিড প্ৰতিৰোধতো সহায়ক হোৱাৰ আশা ব্যক্ত কৰে মন্ত্রীগৰাকীয়ে। সূর্য নমস্কাৰৰ বাবে অৰুণাচলৰ লিকাবালি পাহাৰতো ভক্তৰ ভিৰ। মকৰ সংক্ৰান্তিৰ দিনা অৰুণাচলত হাজাৰ হাজাৰ লোকে স্নান কৰি ৯০০ চিৰি বগাই পাহাৰত উঠি সূৰ্য দেৱতাৰ আশিস ল’লে। পুৱতিনিশাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই লিকাবালিৰ পাহাৰ জলপ্ৰপাত আহি গংগাত স্নান কৰি ভগৱানৰ ওচৰত আশিস ল’লে। মহাভাৰতৰ পৌৰাণিক আখ্যান সম্বলিত অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ লিকাবালিৰ পাহাৰত ৰুক্মিণীক হৰণ কৰি অনাৰ সময়ত এই জলপ্ৰপাত সৃষ্টি হৈছিল বুলি লোক বিশ্বাস আছে। মালিনী থানৰ পৰা ৭ কিলোমিটাৰ দূৰত অৱস্থিত এই জলধৰাত প্ৰতিবছৰে আজিৰ দিনা দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তই সুখ-শান্তি আৰু সমৃদ্ধিৰ আশিস বিচাৰি পূজা অৰ্চনা আগবঢ়াই স্নান কৰে। মালিনী থানত পূজা অৰ্চনা কৰি আশিস ল’লে মনৰ ইচ্ছা পূৰণ হৈ বুলি বিশ্বাস কৰে। বছৰটো কুশলে আৰু শান্তিৰ মাজেদি পাৰ হৈ আশা পূৰণ হোৱাৰ কামনাৰে আজি পুৱাৰ ভাগৰে পৰা অগণন ভক্তই ভিৰ কৰে। পৰশুৰাম কুণ্ডৰ পাছত আকাশী গংগাক পবিত্ৰ তীৰ্থস্থান বুলি বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক