--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পৰিলে মানুহে সকলো অসম্ভৱকো সম্ভৱ কৰিবলৈ প্ৰস্তুত হৈ উঠে। এখন বিয়াৰ খবৰে সকলোতে চৰ্চা লাভ কৰিছে। বিয়াখন সম্পন্ন হৈছিল এজন যুৱক আৰু এগৰাকী কিন্নৰৰ মাজত। এই ঘটনা উত্তৰ প্ৰদেশৰ। শিৱ কুমাৰ বাৰ্মা নামৰ এজন যুৱকে কিন্নৰ অঞ্জলি সিঙৰ সৈতে বৈদিক নিয়মৰ ৰীতি-নীতিৰ মাজেৰে এটা প্ৰাচীন মন্দিৰত সাত ফেৰে লোৱাৰ পাছত বিবাহপাশত আৱদ্ধ হয়। দৰা শিৱ কুমাৰ আৰু কইনা অঞ্জলী প্ৰতাপগড়ৰ গহৰৌলি মজৰে শুকুলপুৰ গাঁৱৰ বাসিন্দা। এই বিবাহ সমাজৰ বাবে এক উদাহৰণ হৈ পৰিছে। কাৰণ দৰা শিৱ কুমাৰ এজন সাধাৰণ যুৱক আৰু কইনা অঞ্জলী এগৰাকী কিন্নৰ। দৰা শিৱ কুমাৰে কয় যে ''মই আজিৰ পৰা ডেৰ বছৰ আগতে অঞ্জলীক লগ পাইছিলো। আমাৰ মাজত কেতিয়া প্ৰেম গঢ় লৈ উঠিল আমি গমেই নাপালো। আমি ইজনে সিজনক এৰি থাকিব নোৱাৰো সেয়েহে আমি বিয়া পতাৰ সিদ্ধান্ত লওঁ।'' কিন্তু পৰিয়ালৰ সদস্যসকল এই বিবাহৰ বাবে সন্মত হোৱা নাছিল। অঞ্জলীয়ে তেওঁৰ পৰিয়ালৰ সদস্যসকলক বুজাইছিল আৰু একে সময়তে শিৱই তেওঁৰ পৰিয়ালক বিয়াখন সম্পন্ন হ'বলৈ সন্মত কৰাইছিল। অৱশেষত দুয়ো ঘৰৰ সন্মতিত এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয় শিৱ-অঞ্জলি।খবৰ অনুসৰি অঞ্জলি আৰু শিৱই বিবাহপাশত আৱদ্ধ হ'বলৈ অযোধ্যাত উপস্থিত হৈছিল। যাতে দুয়ো বিয়াৰ সময়ত ভগৱান ৰামৰ আশীৰ্বাদ লাভ কৰিব পাৰে। পণ্ডিত অৰুণ কুমাৰ তিৱাৰীয়ে নন্দীগ্ৰামৰ প্ৰাচীন মন্দিৰত ঈশ্বৰক সাক্ষী হিচাপে গণ্য কৰি শিৱ-অঞ্জলিৰ বিবাহ সম্পন্ন কৰিছিল। অঞ্জলীৰ ভগ্নী আৰু অঞ্জলীৰ পৰিয়ালৰ এজন ভায়েকে অঞ্জলীৰ কন্যাদান কৰিছিল। এই সময়ছোৱাত গাওঁবাসীকো অত্যন্ত সুখী দেখা গৈছিল। এই বিয়াৰ আনন্দত গাওঁবাসীয়ে নিজেই ইজনে সিজনক মিঠাই খুৱাই মুখ মিঠা কৰিছিল। শিৱ-অঞ্জলিৰ যুগ্ম জীৱন সুখৰ হবলৈ গাওঁবাসীয়ে আশীৰ্বাদ দিছিল। শিৱ কুমাৰে অঞ্জলিক পত্নী হিচাপে আঁকোৱালি লৈ কয় যে ''আমি এটা অনাথ শিশু তুলি লৈ আমাৰ পৰিয়ালটো আগুৱাই লৈ যাম। কইনা অঞ্জলীয়ে লগতে কয় যে ''পৃথিৱীয়ে আমাৰ কিন্নৰ সমাজখনক এতিয়াও ভাল চকুৰে চোৱা নাই। গতিকে আমাৰ সিদ্ধান্ত সমাজে গ্ৰহণ কৰাত কিছু সমস্যা হ'ব। কিন্তু পিছত লাহে লাহে সকলো স্বাভাৱিক হ'ব।'' আৰু পঢ়কঃ তোমাক নেদেখিলে খাবও নোৱাৰোঁ,শুবও নোৱাৰোঁ! বিকিক লগ পাবলৈ ইন্দোৰলৈ ঢপলিয়ালে কেটৰিনা

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি