--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমত পৰিলে মানুহে সকলো অসম্ভৱকো সম্ভৱ কৰিবলৈ প্ৰস্তুত হৈ উঠে। এখন বিয়াৰ খবৰে সকলোতে চৰ্চা লাভ কৰিছে। বিয়াখন সম্পন্ন হৈছিল এজন যুৱক আৰু এগৰাকী কিন্নৰৰ মাজত। এই ঘটনা উত্তৰ প্ৰদেশৰ। শিৱ কুমাৰ বাৰ্মা নামৰ এজন যুৱকে কিন্নৰ অঞ্জলি সিঙৰ সৈতে বৈদিক নিয়মৰ ৰীতি-নীতিৰ মাজেৰে এটা প্ৰাচীন মন্দিৰত সাত ফেৰে লোৱাৰ পাছত বিবাহপাশত আৱদ্ধ হয়। দৰা শিৱ কুমাৰ আৰু কইনা অঞ্জলী প্ৰতাপগড়ৰ গহৰৌলি মজৰে শুকুলপুৰ গাঁৱৰ বাসিন্দা। এই বিবাহ সমাজৰ বাবে এক উদাহৰণ হৈ পৰিছে। কাৰণ দৰা শিৱ কুমাৰ এজন সাধাৰণ যুৱক আৰু কইনা অঞ্জলী এগৰাকী কিন্নৰ। দৰা শিৱ কুমাৰে কয় যে ''মই আজিৰ পৰা ডেৰ বছৰ আগতে অঞ্জলীক লগ পাইছিলো। আমাৰ মাজত কেতিয়া প্ৰেম গঢ় লৈ উঠিল আমি গমেই নাপালো। আমি ইজনে সিজনক এৰি থাকিব নোৱাৰো সেয়েহে আমি বিয়া পতাৰ সিদ্ধান্ত লওঁ।'' কিন্তু পৰিয়ালৰ সদস্যসকল এই বিবাহৰ বাবে সন্মত হোৱা নাছিল। অঞ্জলীয়ে তেওঁৰ পৰিয়ালৰ সদস্যসকলক বুজাইছিল আৰু একে সময়তে শিৱই তেওঁৰ পৰিয়ালক বিয়াখন সম্পন্ন হ'বলৈ সন্মত কৰাইছিল। অৱশেষত দুয়ো ঘৰৰ সন্মতিত এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হয় শিৱ-অঞ্জলি।খবৰ অনুসৰি অঞ্জলি আৰু শিৱই বিবাহপাশত আৱদ্ধ হ'বলৈ অযোধ্যাত উপস্থিত হৈছিল। যাতে দুয়ো বিয়াৰ সময়ত ভগৱান ৰামৰ আশীৰ্বাদ লাভ কৰিব পাৰে। পণ্ডিত অৰুণ কুমাৰ তিৱাৰীয়ে নন্দীগ্ৰামৰ প্ৰাচীন মন্দিৰত ঈশ্বৰক সাক্ষী হিচাপে গণ্য কৰি শিৱ-অঞ্জলিৰ বিবাহ সম্পন্ন কৰিছিল। অঞ্জলীৰ ভগ্নী আৰু অঞ্জলীৰ পৰিয়ালৰ এজন ভায়েকে অঞ্জলীৰ কন্যাদান কৰিছিল। এই সময়ছোৱাত গাওঁবাসীকো অত্যন্ত সুখী দেখা গৈছিল। এই বিয়াৰ আনন্দত গাওঁবাসীয়ে নিজেই ইজনে সিজনক মিঠাই খুৱাই মুখ মিঠা কৰিছিল। শিৱ-অঞ্জলিৰ যুগ্ম জীৱন সুখৰ হবলৈ গাওঁবাসীয়ে আশীৰ্বাদ দিছিল। শিৱ কুমাৰে অঞ্জলিক পত্নী হিচাপে আঁকোৱালি লৈ কয় যে ''আমি এটা অনাথ শিশু তুলি লৈ আমাৰ পৰিয়ালটো আগুৱাই লৈ যাম। কইনা অঞ্জলীয়ে লগতে কয় যে ''পৃথিৱীয়ে আমাৰ কিন্নৰ সমাজখনক এতিয়াও ভাল চকুৰে চোৱা নাই। গতিকে আমাৰ সিদ্ধান্ত সমাজে গ্ৰহণ কৰাত কিছু সমস্যা হ'ব। কিন্তু পিছত লাহে লাহে সকলো স্বাভাৱিক হ'ব।'' আৰু পঢ়কঃ তোমাক নেদেখিলে খাবও নোৱাৰোঁ,শুবও নোৱাৰোঁ! বিকিক লগ পাবলৈ ইন্দোৰলৈ ঢপলিয়ালে কেটৰিনা

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক