--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্যত বলিব ধৰিছে তীব্ৰ ধুমুহা। বিজ্ঞানীসকলৰ মতে অহা দুবছৰত এই ধুমুহাৰ তীব্ৰতা বৃদ্ধি পাব। কাৰণ সৌৰচক্ৰৰ আটাইতকৈ কঠিন সময় আহিবলৈ ধৰিছে। ২০২৫ চনত সূৰ্য্যই ‘ছলাৰ মেক্সিমাম’ পৰ্যায়ত প্ৰৱেশ কৰিব। এই ১১ বছৰীয়া সৌৰচক্ৰৰ সময়ছোৱাত সূৰ্য্যৰ পৃষ্ঠভাগ আটাইতকৈ সক্ৰিয় হৈ পৰে। ২০২৪ চনৰ পৰা এই ধুমুহাৰ প্ৰাদুৰ্ভাৱ অনুভৱ কৰা হ’ব।

ধুমুহাৰ ফলত পৃথিৱী ক্ষতিগ্ৰস্ত হ’ব বুলি বিজ্ঞানীসকলে আশংকা কৰিছে। ডিজিটেল জগত আৰু ইয়াৰ আধুনিক যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি পৰিব পাৰে!

ইণ্টাৰনেটৰ অবিহনে এই পৃথিৱীখন এতিয়া স্থবিৰ। মহাকাশ বিশেষজ্ঞসকলে কয় যে সৌৰ ধুমুহাৰ সময়ত ইণ্টাৰনেট সেৱা সম্পূৰ্ণ অসাৰ হৈ পৰিব পাৰে। তাতোকৈ চিন্তনীয় কথাটো হ’ল আগতীয়া বিপদৰ বাবে কোনো সংকেত নাথাকিব।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে এযোৰ শব্দ - ‘ইণ্টাৰনেট এপ’কেলিপছ’। সৌৰ ধুমুহা সম্পৰ্কত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই নেটিজেনসকলক ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈও সকীয়াই দিছে। ২০২৫ চনত সৌৰ ধুমুহাৰ ফলত ইণ্টাৰনেট ব্যৱস্থাটো সঁচাকৈয়ে ভাঙি পৰিব নে নাই সেই সন্দৰ্ভত তেওঁলোকে কোনো মন্তব্য কৰা নাছিল। বৰঞ্চ সংগঠনটোৱে ‘উৰাবাতৰি’ ৰোধ কৰাত গুৰুত্ব আৰোপ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে