--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ মুহূৰ্তত এদিন পিছুৱালে চন্দ্ৰযান-৩ উৎক্ষেপণৰ দিন। ১৩ জুলাই নহয়, ১৪ জুলাইতহে যাত্ৰা আৰম্ভ কৰিব যান  খনে। আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই প্ৰতিষ্ঠানটোৰ টুইটাৰত এই কথা প্ৰকাশ কৰে। ইছৰ’ই প্ৰকাশ কৰা অনুসৰি ১৪ জুনৰ বিয়লি ২.৩৫ বজাত  শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ এ যাত্ৰা আৰম্ভ কৰিব।   চন্দ্ৰযান-২ৰ বিফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই পুনৰ নতুন উদ্যমেৰে চন্দ্ৰযান-৩ অভিযানৰ বাবে সাজু হৈছে। 

ইছৰ’ই যোৱা মাহত ঘোষণা কৰা হৈছিল যে অভিযানটো  জুলাইত আৰম্ভ হ'ব। প্ৰথমে  যান খনে  ১ত জুলাইত চন্দ্ৰ অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। সেই দিনটোত যাত্ৰা কৰিলে যান খনে  ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছিল। মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এখন  আটাইতকৈ গধুৰ উৎক্ষেপণ বাহনৰ দ্বাৰা  উৎক্ষেপণ কৰা হ'ব। সেই যান খনক  মাৰ্ক-৩  বুলি কোৱা হয়।উল্লেখ্য  চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত ভাৰতে এক বিশেষ সফলতা লভিবলৈ সক্ষম হৈছে।

 চন্দ্ৰযান-২ অভিযান শেষ মুহূৰ্তত বিফল হোৱাৰ পিছত ভাৰতে এইবাৰ চন্দ্ৰযান-৩ৰ অভিযানৰ বাবে সাজু হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰতীয় হাকাশ গৱেষণা সংস্থাই ইছৰোই  চন্দ্ৰযান-৩ প্ৰাথমিক পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল।  ভাৰতীয় বিজ্ঞানীসকলে নিৰ্মাণ কৰা এই অত্যাধুনিক যানখনে চন্দ্ৰৰ মাটি, বতৰ আদিৰ বিষয়ে পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰিব। ই  পৃথিৱীৰ উপগ্ৰহটোৰ অধ্যয়নত নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আশা কৰা হৈছে। 


উল্লেখ্য ভাৰতৰ চন্দ্ৰযান-২ অভিযান  সফল হোৱা নাছিল। চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটি  চন্দ্ৰযান-২ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ফলত ভাৰতৰ সেই  অভিযানটো বিফল হৈছিল। ইছৰোৰ বিজ্ঞানীসকলে আত্মবিশ্বাস হেৰুৱাই নেপেলাই  চন্দ্ৰযান-৩ ক সফল কৰিবলৈ চেষ্টা চলাই  আছে। 

 ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছে  "চন্দ্ৰযান-৩ৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰত  পৰিকল্পিত অৱতৰণ কৰা। বিজ্ঞানীসকলে ইয়াৰ বাবে দিনে-ৰাতি কাম কৰি আছে। কেইবাটাও নতুন সঁজুলি বিকশিত কৰা হৈছে, সফলতা নিশ্চিত কৰাৰ লগতে  বিফলতাৰ দিশবোৰৰ ওপৰত বিশেষ চকু ৰখা হৈছে।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement