--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষ মুহূৰ্তত এদিন পিছুৱালে চন্দ্ৰযান-৩ উৎক্ষেপণৰ দিন। ১৩ জুলাই নহয়, ১৪ জুলাইতহে যাত্ৰা আৰম্ভ কৰিব যান  খনে। আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই প্ৰতিষ্ঠানটোৰ টুইটাৰত এই কথা প্ৰকাশ কৰে। ইছৰ’ই প্ৰকাশ কৰা অনুসৰি ১৪ জুনৰ বিয়লি ২.৩৫ বজাত  শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ এ যাত্ৰা আৰম্ভ কৰিব।   চন্দ্ৰযান-২ৰ বিফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই পুনৰ নতুন উদ্যমেৰে চন্দ্ৰযান-৩ অভিযানৰ বাবে সাজু হৈছে। 

ইছৰ’ই যোৱা মাহত ঘোষণা কৰা হৈছিল যে অভিযানটো  জুলাইত আৰম্ভ হ'ব। প্ৰথমে  যান খনে  ১ত জুলাইত চন্দ্ৰ অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। সেই দিনটোত যাত্ৰা কৰিলে যান খনে  ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰিব বুলি ধাৰণা কৰা হৈছিল। মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এখন  আটাইতকৈ গধুৰ উৎক্ষেপণ বাহনৰ দ্বাৰা  উৎক্ষেপণ কৰা হ'ব। সেই যান খনক  মাৰ্ক-৩  বুলি কোৱা হয়।উল্লেখ্য  চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত ভাৰতে এক বিশেষ সফলতা লভিবলৈ সক্ষম হৈছে।

 চন্দ্ৰযান-২ অভিযান শেষ মুহূৰ্তত বিফল হোৱাৰ পিছত ভাৰতে এইবাৰ চন্দ্ৰযান-৩ৰ অভিযানৰ বাবে সাজু হৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ভাৰতীয় হাকাশ গৱেষণা সংস্থাই ইছৰোই  চন্দ্ৰযান-৩ প্ৰাথমিক পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল।  ভাৰতীয় বিজ্ঞানীসকলে নিৰ্মাণ কৰা এই অত্যাধুনিক যানখনে চন্দ্ৰৰ মাটি, বতৰ আদিৰ বিষয়ে পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰিব। ই  পৃথিৱীৰ উপগ্ৰহটোৰ অধ্যয়নত নতুন দিশৰ সন্ধান দিব পাৰিব বুলি আশা কৰা হৈছে। 


উল্লেখ্য ভাৰতৰ চন্দ্ৰযান-২ অভিযান  সফল হোৱা নাছিল। চন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰি থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটি  চন্দ্ৰযান-২ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ফলত ভাৰতৰ সেই  অভিযানটো বিফল হৈছিল। ইছৰোৰ বিজ্ঞানীসকলে আত্মবিশ্বাস হেৰুৱাই নেপেলাই  চন্দ্ৰযান-৩ ক সফল কৰিবলৈ চেষ্টা চলাই  আছে। 

 ইছৰোৰ মুৰব্বী এছ সোমনাথে কৈছে  "চন্দ্ৰযান-৩ৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰত  পৰিকল্পিত অৱতৰণ কৰা। বিজ্ঞানীসকলে ইয়াৰ বাবে দিনে-ৰাতি কাম কৰি আছে। কেইবাটাও নতুন সঁজুলি বিকশিত কৰা হৈছে, সফলতা নিশ্চিত কৰাৰ লগতে  বিফলতাৰ দিশবোৰৰ ওপৰত বিশেষ চকু ৰখা হৈছে।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু