--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিৱালীৰ ফটকাক লৈ মতবিৰোধৰ ফলতে প্ৰাণ গল এজন যুৱকৰ। মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে মুম্বাইত।

জানিব পৰা মতে, ২১ বৰ্ষীয় সুনীল নাইডু নামৰ লোকজনে তিনিজন কিশোৰৰ সতে ফটকা ফুটোৱাক লৈ তৰ্ক-বিতৰ্কত লিপ্ত হয়। ফলশ্ৰুতিত কিশোৰ তিনিজনে নাইডুক চুৰিকাঘাট কৰি হত্যা কৰে।

মুম্বাইৰ শিৱাজী নগৰৰ পৰেখ কম্পাউডত কিশোৰকেইজনে কাঁচৰ বটলত ফটকা ফুটাই আছিল। কিন্তু নাইডু আহি উক্ত স্থানত উপস্থিত হয় আৰু ইয়াৰ বিৰোধ কৰে।

ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাইডুক কিশোৰকেইজনে মাৰ-পিট কৰি শেষত গুৰুত্বৰভাৱে চুৰিকাঘাত কৰে। তাৰপাছতে নাইডুক হস্পিতাললৈ লৈ যোৱা হয়। হস্পিতালতে তেওঁক মৃত বুলি ঘোষণা কৰা হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্ত কিশোৰকেইজনৰ বয়স ক্ৰমে ১৪, ১৫, আৰু ১২ বছৰ। ইয়াৰ মাজৰে ১২ বৰ্ষীয় কিশোৰজনক এতিয়াও আৰক্ষীয়ে বিচাৰি আছে।

উল্লেখ্য যে দিৱালীৰ ফটকাক লৈ সম্প্ৰতি দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈ আছে। দেশৰ কেইবাখনো চহৰত ইয়াক নিষিদ্ধও কৰা হৈছে। কিন্তু তৎসত্বেও ফটকা-আতচবাজীৰ প্ৰচলন হৈয়েই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক