--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দিৱালীৰ ফটকাক লৈ মতবিৰোধৰ ফলতে প্ৰাণ গ’ল এজন যুৱকৰ। মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে মুম্বাইত।

জানিব পৰা মতে, ২১ বৰ্ষীয় সুনীল নাইডু নামৰ লোকজনে তিনিজন কিশোৰৰ স’তে ফটকা ফুটোৱাক লৈ তৰ্ক-বিতৰ্কত লিপ্ত হয়। ফলশ্ৰুতিত কিশোৰ তিনিজনে নাইডুক চুৰিকাঘাট কৰি হত্যা কৰে।

মুম্বাইৰ শিৱাজী নগৰৰ পৰেখ কম্পাউডত কিশোৰকেইজনে কাঁচৰ বটলত ফটকা ফুটাই আছিল। কিন্তু নাইডু আহি উক্ত স্থানত উপস্থিত হয় আৰু ইয়াৰ বিৰোধ কৰে।

ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নাইডুক কিশোৰকেইজনে মাৰ-পিট কৰি শেষত গুৰুত্বৰভাৱে চুৰিকাঘাত কৰে। তাৰপাছতে নাইডুক হস্পিতাললৈ লৈ যোৱা হয়। হস্পিতালতে তেওঁক মৃত বুলি ঘোষণা কৰা হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযুক্ত কিশোৰকেইজনৰ বয়স ক্ৰমে ১৪, ১৫, আৰু ১২ বছৰ। ইয়াৰ মাজৰে ১২ বৰ্ষীয় কিশোৰজনক এতিয়াও আৰক্ষীয়ে বিচাৰি আছে।

উল্লেখ্য যে দিৱালীৰ ফটকাক লৈ সম্প্ৰতি দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈ আছে। দেশৰ কেইবাখনো চহৰত ইয়াক নিষিদ্ধও কৰা হৈছে। কিন্তু তৎসত্বেও ফটকা-আতচবাজীৰ প্ৰচলন হৈয়েই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু