--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী ঐক্যমঞ্চ, অসমৰ ১৫টা দলৰ প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিতিত আজি এখন ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হয় ডিব্ৰুগড়স্থিত এইছ এম ৰিজ’ৰ্টত। বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত ১৫টা বিৰোধী দলৰ প্ৰতিনিধি সভাত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে মহাভিযোগ আৰু বিৰোধী ঐক্যমঞ্চৰ সমূহীয়া ঘোষণা পত্ৰক লৈ বিস্তৃতভাৱে আলোচনা কৰি গৃহীত কৰা হয়। 
অসমৰ ১৪টা লোকসভা সমষ্টিত বিৰোধীয়ে ঐক্যৱদ্ধভাৱে যুঁজিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু ৰাইজক দামবৃদ্ধি আৰু বিভিন্ন কৰ আৰোপ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে শোষণ কৰি থকা বুলি অভিযোগ কৰে। 

প্ৰতিনিধি সভাৰ ৰাজহুৱা প্ৰস্তাৱসমূহৰ বিষয়ে শুকুৰবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হ’বলগীয়া কৰ্মীসভাত ৰাজহুৱা কৰিব বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই। সাংবাদিকক সম্বোধন কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, উপ-দলপতি ৰকিবুল হুছেইনে ঐক্যমঞ্চৰ ভৱিষ্যৎ কৰ্মসূচী সন্দৰ্ভত অৱগত কৰে। 

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংবাদিকক সম্বোধন কৰি কয় যে বিজেপিয়ে ভিজন ডকুমেণ্টত যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়া বিগত ৮ বছৰত কিমান পালন কৰিলে তাৰ হিচাপো ৰাইজৰ আগত দাঙি ধৰা হ’ব। তেওঁ আৰু কয় যে ১০ বছৰৰ ভিতৰত বিজেপিয়ে সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰা ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত উঠিছে। প্ৰসংগক্ৰমে লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপি বিৰোধী চৰকাৰ এখন গঢ়িবৰ বাবে ১৫টা দলৰ প্ৰতিনিধি সভাই ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ বাবে আজি সংকল্প গ্ৰহণ কৰে। 

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই বিৰোধী ঐক্যৰ ভৱিষ্যৎ কৰ্মসূচী আৰু ঘোষণা পত্ৰ সন্দৰ্ভত প্ৰতিনিধি সভাত হোৱা আলোচনাৰ কথা প্ৰকাশ কৰি সোনকালেই সন্মিলিত বিৰোধীয়ে ৰাইজৰ বাবে প্ৰস্তুত কৰা ঘোষণা পত্ৰ মুকলি কৰিব বুলি জানিবলৈ দিয়ে। ইফালে, ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো দুৰ্নীতি হোৱা নাই বুলি উল্লেখ কৰি কয় যে তেওঁ সমগ্ৰ দুৰ্নীতি ৰাতিহে কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু