--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী ঐক্যমঞ্চ, অসমৰ ১৫টা দলৰ প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিতিত আজি এখন ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হয় ডিব্ৰুগড়স্থিত এইছ এম ৰিজ’ৰ্টত। বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত ১৫টা বিৰোধী দলৰ প্ৰতিনিধি সভাত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে মহাভিযোগ আৰু বিৰোধী ঐক্যমঞ্চৰ সমূহীয়া ঘোষণা পত্ৰক লৈ বিস্তৃতভাৱে আলোচনা কৰি গৃহীত কৰা হয়। 
অসমৰ ১৪টা লোকসভা সমষ্টিত বিৰোধীয়ে ঐক্যৱদ্ধভাৱে যুঁজিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু ৰাইজক দামবৃদ্ধি আৰু বিভিন্ন কৰ আৰোপ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে শোষণ কৰি থকা বুলি অভিযোগ কৰে। 

প্ৰতিনিধি সভাৰ ৰাজহুৱা প্ৰস্তাৱসমূহৰ বিষয়ে শুকুৰবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত হ’বলগীয়া কৰ্মীসভাত ৰাজহুৱা কৰিব বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই। সাংবাদিকক সম্বোধন কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, উপ-দলপতি ৰকিবুল হুছেইনে ঐক্যমঞ্চৰ ভৱিষ্যৎ কৰ্মসূচী সন্দৰ্ভত অৱগত কৰে। 

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংবাদিকক সম্বোধন কৰি কয় যে বিজেপিয়ে ভিজন ডকুমেণ্টত যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়া বিগত ৮ বছৰত কিমান পালন কৰিলে তাৰ হিচাপো ৰাইজৰ আগত দাঙি ধৰা হ’ব। তেওঁ আৰু কয় যে ১০ বছৰৰ ভিতৰত বিজেপিয়ে সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰা ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি এতিয়া ধোঁৱাচাঙত উঠিছে। প্ৰসংগক্ৰমে লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপি বিৰোধী চৰকাৰ এখন গঢ়িবৰ বাবে ১৫টা দলৰ প্ৰতিনিধি সভাই ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ বাবে আজি সংকল্প গ্ৰহণ কৰে। 

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই বিৰোধী ঐক্যৰ ভৱিষ্যৎ কৰ্মসূচী আৰু ঘোষণা পত্ৰ সন্দৰ্ভত প্ৰতিনিধি সভাত হোৱা আলোচনাৰ কথা প্ৰকাশ কৰি সোনকালেই সন্মিলিত বিৰোধীয়ে ৰাইজৰ বাবে প্ৰস্তুত কৰা ঘোষণা পত্ৰ মুকলি কৰিব বুলি জানিবলৈ দিয়ে। ইফালে, ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো দুৰ্নীতি হোৱা নাই বুলি উল্লেখ কৰি কয় যে তেওঁ সমগ্ৰ দুৰ্নীতি ৰাতিহে কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ