--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৩ ডিচেম্বৰত প্ৰকাশ পাব ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ইয়াৰ পূৰ্বে এবিপিয়ে চি ভোটাৰৰ সহযোগত এক বৃহৎ এক্সিট পোল চলাইছিল। এগজিট পোলৰ ফলাফলত দেখা গৈছে যে কংগ্ৰেছে ৰাজ্যত অগ্ৰগতি লাভ কৰিছে প্ৰতিদ্বন্দ্বী বিজেপিও বহু পিছ পৰি থকা নাই। 


সমীক্ষা অনুসৰি শাসকীয় কংগ্ৰেছে বিধানসভাৰ ৯০খন আসনৰ ভিতৰত ৪১-৫৩খন আসন লাভ কৰিছে। তাৰমানে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে যদিও যোৱাবাৰৰ তুলনাত আসনৰ সংখ্যা কমি অহা যেন লাগে। একে সময়তে বিজেপি পিছ পৰি থকা যেন লাগিলেও ২০১৮ চনৰ তুলনাত বিজেপিৰ আসন বৃদ্ধি পোৱা যেন লাগে। ছত্তীশগড়ত বিজেপিয়ে লাভ কৰিব পাৰে ৩৬ৰ পৰা ৪৮খন আসন। আন কিছুমানে ০-৪ খন আসন হেৰুৱাব পাৰে।



উৎস- চি ভোটাৰ
ছত্তীশগড়
মুঠ আসন- ৯০ খন


বিজেপি-৩৬-৪৮
কংগ্ৰেছ-৪১-৫৩
অন্যান্য -০-৪

ভোটৰ অংশীদাৰিত্ব

বিজেপি-৪১%
কংগ্ৰেছ-৪৩%
আন-১৬%

উল্লেখ্য যে ছত্তীশগড়ত ২০১৮ চনত কংগ্ৰেছে ৬৮খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ১৫খন আসনত সীমাবদ্ধ আছিল। ৰাজ্যৰ আন আন ৰাজনৈতিক দল জেচিচি (জে)য়ে লাভ কৰিছিল পাঁচখন আসন। অৱশ্যে বৰ্তমান ছত্তীশগড়ত কংগ্ৰেছ বিধায়কৰ সংখ্যা ৭১ জন। এই নিৰ্বাচনত কংগ্ৰেছে ৭৫ খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰিছে। আনকি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলেও সংবাদ মাধ্যমৰ সৈতে কথা পাতি কৈছে যে কংগ্ৰেছে কেৱল জয়ৰ পুনৰাবৃত্তি কৰাই নহয়, ৭৫ খনতকৈও অধিক আসনও লাভ কৰিব।

এইবাৰ বিধানসভা নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ত ৭ নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ত ১৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়। প্ৰথম পৰ্যায়ত ২০ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয় তাৰে ১২ খন আসনত নক্সাল প্ৰভাৱিত। যোৱা পৰ্যায়ত ৭০খন আসনত ভোটগ্ৰহণ কৰা হৈছে। ৩ ডিচেম্বৰত ৰাজ্যত ভোটগণনা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু