--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত কমনৱেলথ গেমছত ভাৰতৰ হৈ দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে জেৰেমী লালৰিনুংগাই৷ ভাৰোত্তোলন প্ৰতিযোগিতাত পুৰুষৰ ৬৭ কিলোগ্ৰাম ফাইনেলত স্বৰ্ণ জয় কৰিছে জেৰেমীয়ে৷ 

লিফ্টাৰ মীৰাবাঈ চানুৱে তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰি শনিবাৰে সোণৰ পদক অৰ্জন কৰাৰ পিছত এইটো ভাৰতৰ অভিযানৰ দ্বিতীয়টো সোণৰ পদক৷ জেৰেমীয়ে ১৪০ কিলোগ্ৰাম উত্তোলন কৰি স্নেচ ইভেণ্টত এটা নতুন কমনৱেলথ গেমছ ৰেকৰ্ড সৃষ্টি কৰে৷ 

তেওঁ ক্লিন এণ্ড জাৰ্ক শাখাত মুঠ ১৬০ কিলোগ্ৰাম উত্তোলন কৰি মুঠ ৩০০ কিলোগ্ৰামৰ সৈতে শেষ কৰে, যিটোও এক নতুন কমনৱেলথ ৰেকৰ্ড।

মিজোৰামৰ আইজলৰ ১৯ বছৰীয়া যুৱকজনে ২০১৮ চনৰ যুৱ অলিম্পিক গেমছত ৬২ কিলোগ্ৰাম ইভেণ্টত স্বৰ্ণ জয় কৰিছিল আৰু বিগত বৰ্ষত কমনৱেলথ চেম্পিয়নশ্বিপত ৬৭ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল।

শনিবাৰে মীৰাবাঈ চানু (সোণ), সংকেত চাৰ্গাৰ (ৰূপ), বিন্দ্যাৰাণী দেৱী (ৰূপ) আৰু গুৰুৰাজ পূজাৰীয়ে (ব্ৰঞ্জ) অৰ্জন কৰা পোডিয়াম সমাপ্তিৰ সৈতে ভাৰোত্তোলন ক্ষেত্ৰৰ পৰা এইটো ভাৰতৰ পঞ্চম পদক আছিল। 
ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ লালনেইহটলুৱাংগাৰ পুত্ৰ লালৰিননুংগায়ো এই সফলতাত এতিয়া দেশত আনন্দৰ জোৱাৰ উঠিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ