--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ কোৰিয়া ডাঙৰ বিপদৰ সন্মুখীন হৈছে। চৰম খাদ্য সংকটৰ সন্মুখীন হৈছে দেশ। কিম জং উনৰ দেশত খাদ্যৰ নাটনিও দেখা গৈছে। আৰু সেই দেশৰ একনায়কত্ববাদীজন সেইটো লৈ চিন্তিত। সাধাৰণ মানুহক খাদ্যৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰাটো এটা ‘গুৰুতৰ ৰাজনৈতিক সমস্যা’ বুলি কিমে নিজেই কয়।

ইয়াৰ উপৰিও কিমে লগতে কয় যে তেওঁৰ চৰকাৰে দেশৰ অৰ্থনীতিৰ উন্নতিৰ বাবে নতুন নতুন উপায় বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছে। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা ‘কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সী’ৰ প্ৰতিবেদন অনুসৰি দেশখনৰ শাসকীয় দল ‘ৱৰ্কাৰছ পাৰ্টি অৱ কোৰিয়া’ৰ দলীয় বৈঠকত কিমে এই মন্তব্য কৰে। মঙলবাৰ আৰু বুধবাৰে পলিটব্যুৰোৰ অষ্টম কেন্দ্ৰীয় সমিতিৰ ১৯ সংখ্যক বৰ্ধিত অধিৱেশন অনুষ্ঠিত হয়। তাতেই কিমে খাদ্যৰ নাটনিৰ বিষয়ে সেই মন্তব্য কৰিছিল।

উত্তৰ কোৰিয়াই দশক দশক ধৰি খাদ্য নাটনিৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। নব্বৈৰ দশকত তেওঁলোকে ভয়াৱহ দুৰ্ভিক্ষৰ সন্মুখীন হোৱাৰ পৰাই এই সমস্যা আৰম্ভ হৈছিল। তেতিয়াৰ পৰাই কেইবাখনো প্ৰাকৃতিক দুৰ্যোগৰ বাবে দেশৰ খাদ্য সংকট বাঢ়িছে।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদীৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে, “সামগ্ৰিকভাৱে আঞ্চলিক অৰ্থনৈতিক পৰিস্থিতি ভয়াৱহ।” ভৌগোলিক পৰিস্থিতি, অৰ্থনৈতিক সম্ভাৱনা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি দেশৰ বিভিন্ন অঞ্চলৰ মাজত গুৰুতৰ ভাৰসাম্যহীনতা আৰু বিশাল ব্যৱধানৰ সৃষ্টি হৈছে।''

কিমে লগতে কয় যে আমি বহি থকা উচিত নহয়। পৰিস্থিতি কেতিয়া অনুকূল হ’ব বুলি ভাবি ৰৈ থকা উচিত নহয়। বৰঞ্চ আমি ৰাইজৰ স্বাৰ্থত নিজৰ দায়িত্বত অটল থাকিব লাগিব। আমি অধিক নতুন উপায় আৰু চাকৰি বিচাৰি উলিওৱা উচিত
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ