--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেছাত তেওঁ আছিল ভাড়াতীয়া হত্যাকাৰী। আশীৰ দশকত এগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত কেনেথ ইউজিন স্মিথ নামৰ এজন লোকক আমেৰিকাৰ আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। কেনেকৈ ‘হত্যা’ হ’ব সেই লৈ বহু উত্তেজনাৰ অন্তত অৱশেষত যোৱা বৃহস্পতিবাৰে কেনেথক নাইট্ৰ’জেন গেছৰ দ্বাৰা মৃত্যুদণ্ড দিয়া হয়, যিটো আমেৰিকাৰ দূৰৰ কথা, বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে।

ফাঁচীৰ স্থানত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, কেনেথে ঢলি পৰাৰ আগতে যন্ত্ৰণাত ছাগলীৰ দৰে ছটফট কৰিছিল। নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি এই ফাঁচী পদ্ধতিক লৈ ইতিমধ্যে হুলস্থুলৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কৰ্মীসকলে এই পন্থাৰ বিৰোধিতা কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। যদিও আমেৰিকা প্ৰশাসনে দাবী কৰে, এই পদ্ধতি ফাঁচীৰ বাবে আটাইতকৈ বেদনাহীন।

কিন্তু কাৰ্য্যত ৫৮ বছৰীয়া ভাড়াতীয়া হত্যাকাৰী কেনেথে নাইট্ৰজেন মাস্ক পিন্ধাৰ পৰা ২২ মিনিট ধৰি হৃদযন্ত্ৰৰ কাম বন্ধ নোহোৱালৈকে যন্ত্ৰণাত চিঞৰিছিল। সেই ২২ মিনিটৰ বাবে যেন এটা ভয়ংকৰ নাটক মঞ্চস্থ কৰা হৈছে বুলি কেনেথৰ আধ্যাত্মিক উপদেষ্টা ৰেভাৰেণ্ড জেফ স্মিথে কয়। তেওঁ ফাঁচীৰ সাক্ষী হৈছিল। ৰেভাৰেণ্ডে কয় যে এই ভয়ানক ঘটনাটো দেখি কাৰাগাৰৰ কৰ্মচাৰীসকলো স্তম্ভিত হৈ পৰিছিল।

ৰেভাৰেণ্ডে ক’লে, “তেওঁলোকৰ মুখত আচৰিত আৰু শ্বকৰ চাৱনিটো স্পষ্ট আছিল। সেই পৰিস্থিতিত কি হৈছিল বুজাবলৈ টান, কিন্তু সেই সময়ত উপস্থিত থকা সকলৰ চকুত আতংক দেখিলোঁ।  গোটেই কথাটো হলিউডৰ চিনেমাৰ দৰে। মই যি দেখিলোঁ কেতিয়াও পাহৰিব নোৱাৰো।’’

আমেৰিকাৰ আলাবামা ৰাজ্যৰ হোলমেন কাৰাগাৰত ফাঁচী দিয়া হৈছিল কেনেথক। মুখত মাস্ক লগোৱা হয়। যিদৰে ৰোগীক মাস্কৰ জৰিয়তে অক্সিজেন দিয়া হয়, কেনেথৰ ক্ষেত্ৰতো একে প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হৈছিল। কেৱল অক্সিজেনৰ সলনি নাইট্ৰজেন আছিল। সকলো অক্সিজেনৰ পথ বন্ধ হৈ পৰিছিল।

কেনেথক পৰীক্ষামূলকভাৱে নাইট্ৰজেন গেছৰ দ্বাৰা মৃত্যুদণ্ড দিয়া হয়। ৰেভাৰেণ্ডৰ মতে, কাৰাগাৰ কৰ্তৃপক্ষই কয় যে এই পদ্ধতিত হোৱা মৃত্যু একেবাৰে বেদনাহীন হ’ব, চকুৰ পলকৰ আগতেই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব। কিন্তু কাৰ্যক্ষেত্ৰত ইয়াৰ বিপৰীত। ৰেভাৰেণ্ডে কয় যে তেওঁ, কেনেথৰ পত্নী আৰু পুত্ৰ আৰু কাৰাগাৰৰ কৰ্মচাৰীয়ে মিনিটৰ পিছত মিনিট নৰকীয় হত্যাকাণ্ডৰ ৰূপ লোৱাটো চাই আছিল। তেওঁৰ মতে কেনেথ পানীৰ পৰা ওলাই অহা মাছৰ দৰে লৰচৰ কৰি আছিল।

শনিবাৰে হোৱাইট হাউছে কয় যে এই ফাঁচীৰ বাবে তেওঁলোক গভীৰভাৱে চিন্তিত। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ মুৰব্বী ভলকাৰ টাৰ্ক, ইউৰোপীয় সংঘ আৰু নাগৰিক স্বাধীনতা সংগঠনেও কেনেথৰ ফাঁচীৰ ধৰণক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

আমেৰিকাত গেছৰ ফাঁচী নতুন নহয়। ১৯৯৯ চনত হত্যাৰ দোষী সাব্যস্ত হোৱা এজন মৃত্যুদণ্ডৰ দোষীক হাইড্ৰজেন গেছ ব্যৱহাৰ কৰি ফাঁচী দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ