--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে যৌন সুখক ঈশ্বৰৰ উপহাৰ বুলি কোৱা   পোপ ফ্ৰান্সিছে এইবাৰ কৈছে যে সুৰা হৈছে "ঈশ্বৰৰ  উপহাৰ" আৰু ইয়াক ব্যৱহাৰ কৰাসকলৰ বাবে   "আনন্দৰ এক প্ৰকৃত উৎস"৷ ইটালীৰ সুৰা উৎপাদকসকলে পোপৰ এনে মন্তব্যত আন্দ প্ৰকাশ কৰিছে৷  কাৰণ ইউৰোপত সুৰাৰ বিৰুদ্ধে জাৰি হৈ থকা  স্বাস্থ্য সতৰ্কবাণীৰ বিষয়টোক পোপৰ এনে মন্তব্যই গৌণ কৰি পেলাব বুলি তেওঁলোকে ধাৰণা কৰিছে৷ 

পোপ ফ্ৰান্সিছে ভেটিকানত ব্যক্তিগত দৰ্শনৰ  সময়ত ইটালীৰ পৰা অহা সুৰা প্ৰস্তুতকৰ্তাসকলৰ স্মুখত এই মন্তব্য কৰিছিল। শ্ৰোতাসকলক আদৰণি জনাই তেওঁ এইদৰে কৈছিল:  "সুৰা, ভূমি, কৃষি দক্ষতা আৰু ঔদ্যোগীকৰণ ঈশ্বৰৰ পৰা পোৱা উপহাৰ– সৃষ্টিকৰ্তাই সেইবোৰ আমাক অৰ্পণ কৰিছে ,কিয়নো আমাৰ সংবেদনশীলতা আৰু সততাৰ দ্বাৰা আমি সেইবোৰক আনন্দৰ এক প্ৰকৃত উৎস কৰি তুলিব পাৰো।"

অৱশ্যে পোপে সুৰা প্ৰস্তুতকৰ্তাসকল তেওঁলোকৰ কামত  "নৈতিক দায়বদ্ধতা"ৰ বিষয়ত   চিন্তা কৰিবলৈ আহ্বান জনায়৷ তেনে নৈতিক দায়বদ্ধতাৰ ভিতৰত আছে সুৰা দায়িত্বশীল ভাবে ব্যৱহাৰ কৰা,  কেৱল  স্বাস্থ্যকৰ সুৰাপানৰ অভ্যাসকহে উৎসাহিত কৰা আদি।

প্ৰতি বছৰে এপ্ৰিলত উত্তৰ ইটালীত অনুষ্ঠিত হোৱা ভিনিটালী সুৰা বাণিজ্য মেলাৰ পূৰ্বে ভেৰোনাৰ বিশ্বপ ডমেনিকো পম্পিলিয়ে এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। পম্পিলিয়ে কৈছে ,  "আপোনাক উৎসাহিত আনন্দ দিবলৈ   এটা গিলাচ ভাল, কিন্তু পৰিমিত ভাৱেহে তাৰ ব্যৱহাৰ কৰিব লাগে।"

ইটালীয়ে ইউৰোপীয় আয়োগৰ দ্বাৰা আয়াৰলেণ্ডক এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুমোদন দিয়াৰ ইটালী, স্পেইন আৰু ইউৰোপীয় ইউনিয়নৰ আন ছয়খন ৰাজ্যৰ প্ৰতিবাদৰ মাজতে  আয়াৰলেণ্ডত ২০২৬  চনৰ পৰা ৱাইন, বিয়েৰ আৰু স্পিৰিটৰ বটলত স্বাস্থ্য সম্পৰ্কীয়  সতৰ্কবাণীৰ লেবেল লগোৱা হ'ব।

ভেৰোনাফিয়েৰৰ সভাপতি ফেডেৰিকো ব্ৰিকোলোৱে কয়  যে সুৰাৰ প্ৰতি পোপৰ এনে মন্তব্য  পানীয়বিধক  "পৰম্পৰাৰ প্ৰতীক আৰু সামাজিক তথা পাৰিপাৰ্শ্বিকভাৱে বহনক্ষম অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতীক কৰি তুলিছে"।

উল্লেখ্য পোপ ফ্ৰান্সিছে অতীততো সুৰাক  সমৰ্থন কৰিছিল। ২০১৬ চনত  তেওঁ কৈছিল যে ৱাইন বিবাহ উদযাপনৰ এক অবিচ্ছেদ্য অংশ। ৱাইন কেথলিকসকলৰ  গুৰুত্বপূৰ্ণ সামগ্ৰী । ২০১৪  চনত গৱেষণাত দেখা গৈছিল যে ভেটিকান চিটিৰ লোকসকলে  আন যিকোনো দেশতকৈ জনমূৰি অধিক সুৰা সেৱন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ