--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে যৌন সুখক ঈশ্বৰৰ উপহাৰ বুলি কোৱা   পোপ ফ্ৰান্সিছে এইবাৰ কৈছে যে সুৰা হৈছে "ঈশ্বৰৰ  উপহাৰ" আৰু ইয়াক ব্যৱহাৰ কৰাসকলৰ বাবে   "আনন্দৰ এক প্ৰকৃত উৎস"৷ ইটালীৰ সুৰা উৎপাদকসকলে পোপৰ এনে মন্তব্যত আন্দ প্ৰকাশ কৰিছে৷  কাৰণ ইউৰোপত সুৰাৰ বিৰুদ্ধে জাৰি হৈ থকা  স্বাস্থ্য সতৰ্কবাণীৰ বিষয়টোক পোপৰ এনে মন্তব্যই গৌণ কৰি পেলাব বুলি তেওঁলোকে ধাৰণা কৰিছে৷ 

পোপ ফ্ৰান্সিছে ভেটিকানত ব্যক্তিগত দৰ্শনৰ  সময়ত ইটালীৰ পৰা অহা সুৰা প্ৰস্তুতকৰ্তাসকলৰ স্মুখত এই মন্তব্য কৰিছিল। শ্ৰোতাসকলক আদৰণি জনাই তেওঁ এইদৰে কৈছিল:  "সুৰা, ভূমি, কৃষি দক্ষতা আৰু ঔদ্যোগীকৰণ ঈশ্বৰৰ পৰা পোৱা উপহাৰ– সৃষ্টিকৰ্তাই সেইবোৰ আমাক অৰ্পণ কৰিছে ,কিয়নো আমাৰ সংবেদনশীলতা আৰু সততাৰ দ্বাৰা আমি সেইবোৰক আনন্দৰ এক প্ৰকৃত উৎস কৰি তুলিব পাৰো।"

অৱশ্যে পোপে সুৰা প্ৰস্তুতকৰ্তাসকল তেওঁলোকৰ কামত  "নৈতিক দায়বদ্ধতা"ৰ বিষয়ত   চিন্তা কৰিবলৈ আহ্বান জনায়৷ তেনে নৈতিক দায়বদ্ধতাৰ ভিতৰত আছে সুৰা দায়িত্বশীল ভাবে ব্যৱহাৰ কৰা,  কেৱল  স্বাস্থ্যকৰ সুৰাপানৰ অভ্যাসকহে উৎসাহিত কৰা আদি।

প্ৰতি বছৰে এপ্ৰিলত উত্তৰ ইটালীত অনুষ্ঠিত হোৱা ভিনিটালী সুৰা বাণিজ্য মেলাৰ পূৰ্বে ভেৰোনাৰ বিশ্বপ ডমেনিকো পম্পিলিয়ে এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। পম্পিলিয়ে কৈছে ,  "আপোনাক উৎসাহিত আনন্দ দিবলৈ   এটা গিলাচ ভাল, কিন্তু পৰিমিত ভাৱেহে তাৰ ব্যৱহাৰ কৰিব লাগে।"

ইটালীয়ে ইউৰোপীয় আয়োগৰ দ্বাৰা আয়াৰলেণ্ডক এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুমোদন দিয়াৰ ইটালী, স্পেইন আৰু ইউৰোপীয় ইউনিয়নৰ আন ছয়খন ৰাজ্যৰ প্ৰতিবাদৰ মাজতে  আয়াৰলেণ্ডত ২০২৬  চনৰ পৰা ৱাইন, বিয়েৰ আৰু স্পিৰিটৰ বটলত স্বাস্থ্য সম্পৰ্কীয়  সতৰ্কবাণীৰ লেবেল লগোৱা হ'ব।

ভেৰোনাফিয়েৰৰ সভাপতি ফেডেৰিকো ব্ৰিকোলোৱে কয়  যে সুৰাৰ প্ৰতি পোপৰ এনে মন্তব্য  পানীয়বিধক  "পৰম্পৰাৰ প্ৰতীক আৰু সামাজিক তথা পাৰিপাৰ্শ্বিকভাৱে বহনক্ষম অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতীক কৰি তুলিছে"।

উল্লেখ্য পোপ ফ্ৰান্সিছে অতীততো সুৰাক  সমৰ্থন কৰিছিল। ২০১৬ চনত  তেওঁ কৈছিল যে ৱাইন বিবাহ উদযাপনৰ এক অবিচ্ছেদ্য অংশ। ৱাইন কেথলিকসকলৰ  গুৰুত্বপূৰ্ণ সামগ্ৰী । ২০১৪  চনত গৱেষণাত দেখা গৈছিল যে ভেটিকান চিটিৰ লোকসকলে  আন যিকোনো দেশতকৈ জনমূৰি অধিক সুৰা সেৱন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা