--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময় আছিল আশীৰ দশক। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছৰ সৈতে বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাৰ সম্পৰ্কক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দেশত। বিবাহিত পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। কিন্তু কন্যা মাছাবাৰ জন্মৰ সময়ত কৰা সাহসী পদক্ষেপৰ বাবেও একাংশই প্ৰশংসা কৰে অভিনেত্ৰীগৰাকীক।

নীনা গুপ্তাই একক হাতেৰে মাছাবাক ডাঙৰ-দীঘল কৰিলে। অহৰহ সংগ্ৰামৰ সন্মুখীন হৈছিল। তেওঁ প্ৰায়ে অনুভৱ কৰে যে তেওঁৰ জীৱনৰ কঠিন পৰিস্থিতিৰ সময়সীমা ভাল সময়তকৈ বহু বেছি। ‘‘প্ৰতিবাৰেই ভাবিছিলোঁ, এইটোৱেই সকলো শেষ!’’- শেহতীয়াকৈ এক সাক্ষাৎকাৰত এইদৰে কয় নীনাই।

নীনাৰ ভাষাত "মাছাবা জন্ম হোৱাৰ সময়ত মই কাৰো পৰা একো বিচৰা নাছিলোঁ। কেৱল এইবাবেই মই সেই পৰিস্থিতি চম্ভালিব পাৰিলোঁ।” তেওঁ লগতে কয়, ‘মই যিদৰে ডাঙৰ হৈছো, মই দৰিদ্ৰতাৰ মাজৰেও জীয়াই থাকিব পাৰো। দুখন ৰুটি বনাই খালেই যথেষ্ট। বিলাসী জীৱন যাপন কৰিব নোৱাৰিলে যে কঠিন হ’ব এনে নহয়।”

তেওঁ কয় যে মাছাবাৰ জন্ম মোৰ জীৱনৰ আটাইতকৈ কঠিন সময় আছিল। কিন্তু তেওঁ লগতে কয় যে তেওঁৰ জীৱনে তেওঁক সেই পৰিস্থিতিলৈ ঠেলি দিছে। আন মহিলাসকলেও এই একে পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হোৱাটো প্ৰয়োজনীয় নহয়। তেওঁ ভাবে যে এই ধৰণৰ পৰিস্থিতিৰ সৈতে সকলোৱে মোকাবিলা কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু