--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সময় আছিল আশীৰ দশক। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছৰ সৈতে বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাৰ সম্পৰ্কক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দেশত। বিবাহিত পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী হোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। কিন্তু কন্যা মাছাবাৰ জন্মৰ সময়ত কৰা সাহসী পদক্ষেপৰ বাবেও একাংশই প্ৰশংসা কৰে অভিনেত্ৰীগৰাকীক।

নীনা গুপ্তাই একক হাতেৰে মাছাবাক ডাঙৰ-দীঘল কৰিলে। অহৰহ সংগ্ৰামৰ সন্মুখীন হৈছিল। তেওঁ প্ৰায়ে অনুভৱ কৰে যে তেওঁৰ জীৱনৰ কঠিন পৰিস্থিতিৰ সময়সীমা ভাল সময়তকৈ বহু বেছি। ‘‘প্ৰতিবাৰেই ভাবিছিলোঁ, এইটোৱেই সকলো শেষ!’’- শেহতীয়াকৈ এক সাক্ষাৎকাৰত এইদৰে কয় নীনাই।

নীনাৰ ভাষাত "মাছাবা জন্ম হোৱাৰ সময়ত মই কাৰো পৰা একো বিচৰা নাছিলোঁ। কেৱল এইবাবেই মই সেই পৰিস্থিতি চম্ভালিব পাৰিলোঁ।” তেওঁ লগতে কয়, ‘মই যিদৰে ডাঙৰ হৈছো, মই দৰিদ্ৰতাৰ মাজৰেও জীয়াই থাকিব পাৰো। দুখন ৰুটি বনাই খালেই যথেষ্ট। বিলাসী জীৱন যাপন কৰিব নোৱাৰিলে যে কঠিন হ’ব এনে নহয়।”

তেওঁ কয় যে মাছাবাৰ জন্ম মোৰ জীৱনৰ আটাইতকৈ কঠিন সময় আছিল। কিন্তু তেওঁ লগতে কয় যে তেওঁৰ জীৱনে তেওঁক সেই পৰিস্থিতিলৈ ঠেলি দিছে। আন মহিলাসকলেও এই একে পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হোৱাটো প্ৰয়োজনীয় নহয়। তেওঁ ভাবে যে এই ধৰণৰ পৰিস্থিতিৰ সৈতে সকলোৱে মোকাবিলা কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ