--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। ইমান দিনে কানাডাৰ নাগৰিক আছিল অক্ষয় কুমাৰ। অভিনেতাগৰাকীয়ে ভাৰতত ৱৰ্কিং ভিছাৰে বলীউডত কাম কৰি আহিছিল।

কানাডাৰ নাগৰিক হিচাপে বিভিন্ন সময়ত সমলোচনা তথা ট্ৰলৰ সন্মুখীন হৈ আহিছিল অক্ষয় কুমাৰ। বিভিন্ন সময়ত গ্ৰহণ কৰা চৰম সুবিধাবাদী চৰিত্ৰৰ বাবেও অক্ষয় কুমাৰ সমালোচিত হৈ আহিছিল। ইয়াৰ মাজতেঅক্ষয় কুমাৰে তেওঁৰ অনুৰাগীসকলক দিলে ভাল খবৰটো।

৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অক্ষয় কুমাৰে টুইটাৰত ফটোসহ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই লিখিলে,Dil aur citizenship, dono Hindustani. Happy Independence Day! Jai Hind! (হৃদয় আৰু নাগৰিকত্ব দুয়োটাই ভাৰতীয়..স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো..জয় হিন্দ)। 

অৱশেষত তেওঁক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ইয়াৰ লগে লগে তেওঁ ত্যাগ কৰিছে ইতিপূৰ্বে গ্ৰহণ কৰা কানাডাৰ নাগৰিকত্ব। যিহেতু ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই সেয়ে তেওঁ কানাডাৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰি সম্পূৰ্ণ ভাৰতীয় নাগৰিক হৈ পৰিল। ২০১১ চনত কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল অক্ষয় কুমাৰে।  উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰে ২০১৯ তে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছিল যদিও বিভিন্ন কাৰণত সেই নাগৰিকত্ব লাভ কৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক