--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। ইমান দিনে কানাডাৰ নাগৰিক আছিল অক্ষয় কুমাৰ। অভিনেতাগৰাকীয়ে ভাৰতত ৱৰ্কিং ভিছাৰে বলীউডত কাম কৰি আহিছিল।

কানাডাৰ নাগৰিক হিচাপে বিভিন্ন সময়ত সমলোচনা তথা ট্ৰলৰ সন্মুখীন হৈ আহিছিল অক্ষয় কুমাৰ। বিভিন্ন সময়ত গ্ৰহণ কৰা চৰম সুবিধাবাদী চৰিত্ৰৰ বাবেও অক্ষয় কুমাৰ সমালোচিত হৈ আহিছিল। ইয়াৰ মাজতেঅক্ষয় কুমাৰে তেওঁৰ অনুৰাগীসকলক দিলে ভাল খবৰটো।

৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অক্ষয় কুমাৰে টুইটাৰত ফটোসহ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই লিখিলে,Dil aur citizenship, dono Hindustani. Happy Independence Day! Jai Hind! (হৃদয় আৰু নাগৰিকত্ব দুয়োটাই ভাৰতীয়..স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো..জয় হিন্দ)। 

অৱশেষত তেওঁক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ইয়াৰ লগে লগে তেওঁ ত্যাগ কৰিছে ইতিপূৰ্বে গ্ৰহণ কৰা কানাডাৰ নাগৰিকত্ব। যিহেতু ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই সেয়ে তেওঁ কানাডাৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰি সম্পূৰ্ণ ভাৰতীয় নাগৰিক হৈ পৰিল। ২০১১ চনত কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল অক্ষয় কুমাৰে।  উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰে ২০১৯ তে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছিল যদিও বিভিন্ন কাৰণত সেই নাগৰিকত্ব লাভ কৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু