--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ বছৰটো আৰম্ভ হৈছিল ‘পাথান’ৰ পৰা। এইবাৰ ‘জোৱান’ৰ পাল। একচন আৰু মনোৰঞ্জনেৰে ভৰা আন এখন ছবিৰে পুনৰ আহি আছে শ্বাহৰুখ খান। এই ছবিখনত শ্বাহৰুখ অকলশৰীয়া নহয়, নয়ন্তৰাৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকনলৈকে সকলো নায়িকা আছে। অৱশ্যে এই ছবিখনত প্ৰথমবাৰৰ বাবে শ্বাহৰুখৰ বিপৰীতে নয়ন্তৰাক দেখা যাব।

ইতিমধ্যে বাদশ্বাহে ‘জোৱান’ৰ প্ৰচাৰ আৰম্ভ কৰিছে। এইবাৰো একেই পুৰণি পদ্ধতি। শ্বাহৰুখে ছবিখনৰ প্ৰচাৰৰ বাবে টুইটাৰত ‘আস্ক মি এনিথিং’ নামৰ এক অধিবেশন অনুষ্ঠিত কৰে। তাত তেওঁ অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

এজন অনুৰাগীয়ে তেওঁক সুধিলে যে অভিনয় কৰি থাকোঁতে নয়ন্তৰাৰ প্ৰেমত পৰিছিল নেকি? ইয়াৰ উত্তৰত শ্বাহৰুখে কোৱা কথাখিনি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। শ্বাহৰুখে ক'লে, "পাগল, তাই দুটা সন্তানৰ মাতৃ।"

ছয়টা বছৰৰ দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দক্ষিণৰ পৰিচালক বিগনেশৰ সৈতে বিবাহপাশত আবদ্ধ হয় নয়নতৰা। বিবাহৰ বছৰতে চেৰ’গেচিৰ জৰিয়তে দুই পুত্ৰ সন্তানৰ মাতৃ হৈ পৰে অভিনেত্ৰীগৰাকী।

অহা ৭ ছেপ্টেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাবলৈ গৈ আছে শ্বাহৰুখৰ প্ৰথমখন পান ইণ্ডিয়া ছবি। প্ৰথমবাৰৰ বাবে নয়ন্তৰা আৰু শ্বাহৰুখক ডাঙৰ পৰ্দাত যুটি হিচাপে দেখা যাব। স্বাভাৱিকতে অনুৰাগীসকলে এই নতুন যুটিটোক ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী। শ্বাহৰুখে শ্বুটিংৰ বাবে কেইবাবাৰো চেন্নাইলৈ যাবলগীয়া হৈছিল। সেই সময়ত বিমানবন্দৰত অভিনেতাজনৰ সৈতে নয়ন্তৰাক দেখা গৈছিল। গতিকে অপেক্ষা নকৰাকৈয়ে অনুৰাগীয়ে অভিনেতাজনক তেওঁৰ আৰু নয়ন্তৰাৰ প্ৰেমৰ কথা সুধিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু