--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ বছৰটো আৰম্ভ হৈছিল ‘পাথান’ৰ পৰা। এইবাৰ ‘জোৱান’ৰ পাল। একচন আৰু মনোৰঞ্জনেৰে ভৰা আন এখন ছবিৰে পুনৰ আহি আছে শ্বাহৰুখ খান। এই ছবিখনত শ্বাহৰুখ অকলশৰীয়া নহয়, নয়ন্তৰাৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকনলৈকে সকলো নায়িকা আছে। অৱশ্যে এই ছবিখনত প্ৰথমবাৰৰ বাবে শ্বাহৰুখৰ বিপৰীতে নয়ন্তৰাক দেখা যাব।

ইতিমধ্যে বাদশ্বাহে ‘জোৱান’ৰ প্ৰচাৰ আৰম্ভ কৰিছে। এইবাৰো একেই পুৰণি পদ্ধতি। শ্বাহৰুখে ছবিখনৰ প্ৰচাৰৰ বাবে টুইটাৰত ‘আস্ক মি এনিথিং’ নামৰ এক অধিবেশন অনুষ্ঠিত কৰে। তাত তেওঁ অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দিয়ে।

এজন অনুৰাগীয়ে তেওঁক সুধিলে যে অভিনয় কৰি থাকোঁতে নয়ন্তৰাৰ প্ৰেমত পৰিছিল নেকি? ইয়াৰ উত্তৰত শ্বাহৰুখে কোৱা কথাখিনি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। শ্বাহৰুখে ক'লে, "পাগল, তাই দুটা সন্তানৰ মাতৃ।"

ছয়টা বছৰৰ দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত দক্ষিণৰ পৰিচালক বিগনেশৰ সৈতে বিবাহপাশত আবদ্ধ হয় নয়নতৰা। বিবাহৰ বছৰতে চেৰ’গেচিৰ জৰিয়তে দুই পুত্ৰ সন্তানৰ মাতৃ হৈ পৰে অভিনেত্ৰীগৰাকী।

অহা ৭ ছেপ্টেম্বৰত ডাঙৰ পৰ্দাত মুক্তি পাবলৈ গৈ আছে শ্বাহৰুখৰ প্ৰথমখন পান ইণ্ডিয়া ছবি। প্ৰথমবাৰৰ বাবে নয়ন্তৰা আৰু শ্বাহৰুখক ডাঙৰ পৰ্দাত যুটি হিচাপে দেখা যাব। স্বাভাৱিকতে অনুৰাগীসকলে এই নতুন যুটিটোক ডাঙৰ পৰ্দাত চাবলৈ আগ্ৰহী। শ্বাহৰুখে শ্বুটিংৰ বাবে কেইবাবাৰো চেন্নাইলৈ যাবলগীয়া হৈছিল। সেই সময়ত বিমানবন্দৰত অভিনেতাজনৰ সৈতে নয়ন্তৰাক দেখা গৈছিল। গতিকে অপেক্ষা নকৰাকৈয়ে অনুৰাগীয়ে অভিনেতাজনক তেওঁৰ আৰু নয়ন্তৰাৰ প্ৰেমৰ কথা সুধিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক