--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।অষ্টম শ্ৰেণীৰ দুজন ছাত্ৰই বিদ্যালয়ৰ ভিতৰত ধূমপান কৰি আছিল। আন এজন  ছাত্ৰই তেওঁলোকে ধূমপান কৰি থকা দেখিছিল। কেৱল সেয়াই নহয়, ছাত্ৰজনে বিদ্যালয়ৰ শিক্ষকসকলক ধূমপান কৰি থকাৰ  বিষয়ে অৱগত কৰাৰ ভাবুকি দিছিল। ইয়াৰ পিছতে ধূমপান কৰি থকা  ছাত্ৰ দুজনে মিলি সহপাঠী ছাত্ৰ জনক  হত্যা কৰে।  ঘটনাটো দিল্লীৰ বদৰপুৰ অঞ্চলত সংঘটিত হৈছে। 

ঘটনাটোৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, ২৭ এপ্ৰিলৰ নিশা এটা নৰ্দমাৰ পৰা এজন নাবালকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ল’ৰাজনে  স্কুলৰ ইউনিফৰ্ম পিন্ধি আছিল। তেওঁৰ স্কুলবেগটোও উদ্ধাৰ কৰা হয়। ঘটনাস্থলীৰ পৰা তেজৰ দাগ থকা শিল আৰু তেজৰ দাগ থকা টাৱেল এখনো  উদ্ধাৰ কৰা হয়। নাবালকজনৰ মূৰত একাধিক আঘাতৰ চিহ্ন আছিল। নাবালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰা হৈছে। 

নাবালকজনৰ মৃতদেহটো পিছত তেওঁৰ পৰিয়ালে চিনাক্ত কৰাৰ লগতে এই বিষয়ত এজাহাৰ দাখিল কৰিছে। ছাত্ৰজনৰ পৰিয়ালৰ মতে বৃহস্পতিবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা তেওঁ ঘৰলৈ  উভতি অহা নাছিল। পৰিয়ালটোৱে তেতিয়া আৰক্ষীৰ কাষ চাপিছিল। তাৰ পিছতে নাবালকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে ওচৰৰ অঞ্চলবোৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই ঘটনাত জড়িত থকাৰ সন্দেহত দুজন নাবালকক আটক কৰিছে। । তেওঁলোকক সোধা-পোছা কৰাৰ পিছত ছাত্ৰ দুজনে হত্যাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে কৈছে যে দুজন শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ ভিতৰত ধূমপান কৰিছিল। মৃত ছাত্ৰ জনে সেয়া দেখা বাবেই তেওঁক হত্যা কৰা হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে