--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।অষ্টম শ্ৰেণীৰ দুজন ছাত্ৰই বিদ্যালয়ৰ ভিতৰত ধূমপান কৰি আছিল। আন এজন  ছাত্ৰই তেওঁলোকে ধূমপান কৰি থকা দেখিছিল। কেৱল সেয়াই নহয়, ছাত্ৰজনে বিদ্যালয়ৰ শিক্ষকসকলক ধূমপান কৰি থকাৰ  বিষয়ে অৱগত কৰাৰ ভাবুকি দিছিল। ইয়াৰ পিছতে ধূমপান কৰি থকা  ছাত্ৰ দুজনে মিলি সহপাঠী ছাত্ৰ জনক  হত্যা কৰে।  ঘটনাটো দিল্লীৰ বদৰপুৰ অঞ্চলত সংঘটিত হৈছে। 

ঘটনাটোৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, ২৭ এপ্ৰিলৰ নিশা এটা নৰ্দমাৰ পৰা এজন নাবালকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ল’ৰাজনে  স্কুলৰ ইউনিফৰ্ম পিন্ধি আছিল। তেওঁৰ স্কুলবেগটোও উদ্ধাৰ কৰা হয়। ঘটনাস্থলীৰ পৰা তেজৰ দাগ থকা শিল আৰু তেজৰ দাগ থকা টাৱেল এখনো  উদ্ধাৰ কৰা হয়। নাবালকজনৰ মূৰত একাধিক আঘাতৰ চিহ্ন আছিল। নাবালকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰা হৈছে। 

নাবালকজনৰ মৃতদেহটো পিছত তেওঁৰ পৰিয়ালে চিনাক্ত কৰাৰ লগতে এই বিষয়ত এজাহাৰ দাখিল কৰিছে। ছাত্ৰজনৰ পৰিয়ালৰ মতে বৃহস্পতিবাৰে বিদ্যালয়লৈ যোৱাৰ পিছৰে পৰা তেওঁ ঘৰলৈ  উভতি অহা নাছিল। পৰিয়ালটোৱে তেতিয়া আৰক্ষীৰ কাষ চাপিছিল। তাৰ পিছতে নাবালকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আৰক্ষীয়ে ওচৰৰ অঞ্চলবোৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি এই ঘটনাত জড়িত থকাৰ সন্দেহত দুজন নাবালকক আটক কৰিছে। । তেওঁলোকক সোধা-পোছা কৰাৰ পিছত ছাত্ৰ দুজনে হত্যাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে কৈছে যে দুজন শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ ভিতৰত ধূমপান কৰিছিল। মৃত ছাত্ৰ জনে সেয়া দেখা বাবেই তেওঁক হত্যা কৰা হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত