--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি বিতৰ্কৰ গোচৰত চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা ৰায়ৰ বিৰুদ্ধে ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি আৰম্ভ  হৈছে। ন্যায়াধীশ হেমন্ত প্ৰচণ্ডৰ বিচাৰপীঠে শনিবাৰে পুৱা বিষয়টোৰ শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

 উল্লেখ্য মঙলবাৰে ৰাহুল গান্ধীৰ  অধিবক্তা বি.এম. মংগুকিয়াই শাস্তি কাৰ্যকৰী কৰাৰ বাবে চুৰাট সত্ৰ আদালতে দিয়া  নিৰ্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। আবেদনখন ন্যায়াধীশ গীতা গোপীৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠত ত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল। কিন্তু বুধবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গোপীয়ে গোচৰটোৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। যেতিয়া ৰাহুলৰ অধিবক্তা পি এছ চম্পানেৰীয়ে আবেদনখনৰ আগতীয়া শুনানি অনুষ্ঠিত কৰিব  বিচাৰি আবেদন কৰাত ন্যায়াধীশ গোপীয়ে কৈছিল, " এয়া মোৰ দ্বাৰা  নহয়।’’ 

 তেওঁ উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক গোচৰটো মুখ্য ন্যায়াধীশলৈ  পঠিয়াবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে গোচৰটো ন্যায়াধীশ হেমন্তৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠলৈ গৈছিল। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। 

ন্যায়াধীশে অৱশ্যে "অপৰাধমূলক মানহানি" গোচৰত ৰাহুলৰ জামিন আবেদনৰ অনুমতি দিছিল আৰু উচ্চতৰ আদালতত ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ তেওঁক ৩০ দিন সময় দিছিল।
২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে