--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী উপাধি বিতৰ্কৰ গোচৰত চুৰাটৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড বিহা ৰায়ৰ বিৰুদ্ধে ৰাহুলে গুজৰাট উচ্চ ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি আৰম্ভ  হৈছে। ন্যায়াধীশ হেমন্ত প্ৰচণ্ডৰ বিচাৰপীঠে শনিবাৰে পুৱা বিষয়টোৰ শুনানি গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

 উল্লেখ্য মঙলবাৰে ৰাহুল গান্ধীৰ  অধিবক্তা বি.এম. মংগুকিয়াই শাস্তি কাৰ্যকৰী কৰাৰ বাবে চুৰাট সত্ৰ আদালতে দিয়া  নিৰ্দেশৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। আবেদনখন ন্যায়াধীশ গীতা গোপীৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠত ত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছিল। কিন্তু বুধবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গোপীয়ে গোচৰটোৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। যেতিয়া ৰাহুলৰ অধিবক্তা পি এছ চম্পানেৰীয়ে আবেদনখনৰ আগতীয়া শুনানি অনুষ্ঠিত কৰিব  বিচাৰি আবেদন কৰাত ন্যায়াধীশ গোপীয়ে কৈছিল, " এয়া মোৰ দ্বাৰা  নহয়।’’ 

 তেওঁ উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক গোচৰটো মুখ্য ন্যায়াধীশলৈ  পঠিয়াবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে গোচৰটো ন্যায়াধীশ হেমন্তৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠলৈ গৈছিল। ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। 

ন্যায়াধীশে অৱশ্যে "অপৰাধমূলক মানহানি" গোচৰত ৰাহুলৰ জামিন আবেদনৰ অনুমতি দিছিল আৰু উচ্চতৰ আদালতত ৰায়ৰ বিৰুদ্ধে আপীল কৰিবলৈ তেওঁক ৩০ দিন সময় দিছিল।
২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত