--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ এখন চিকিৎসালয়ত এগৰাকী মহিলা কনিষ্ঠ চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ ৰাইজৰ মাজত সৃষ্টি হোৱা ব্যাপক ক্ষোভৰ মাজতে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত হোৱা গোচৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

মহাৰাষ্ট্ৰৰ জলগাঁৱত অনুষ্ঠিত ‘লাখপতি দিদী সন্মিলন’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘মহিলাৰ সুৰক্ষা অতি গুৰুত্বপূৰ্ণ। মই আকৌ এবাৰ প্ৰতিখন ৰাজ্য চৰকাৰক ক’ম যে নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ ক্ষমা কৰিব নোৱাৰা। দোষী যিয়েই নহওক কিয়, তেওঁক ৰেহাই দিয়া উচিত নহয়।’’

মোডী চৰকাৰে “লাখপতি দিদী”ক এটি আত্মসহায়ক গোট বুলি সংজ্ঞায়িত কৰিছে। ইয়াৰ সদস্যই বছৰি ১ লাখ টকা বা তাতকৈ অধিক ঘৰুৱা উপাৰ্জন কৰে। এই আয় কমেও চাৰিটা কৃষি ঋতু বা ব্যৱসায়িক চক্ৰৰ বাবে গণনা কৰা হয়। ইয়াত গড় মাহিলী আয় কমেও ১০ হাজাৰ টকা।

আনহাতে নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতিও প্ৰধানমন্ত্ৰী মোদীয়ে শোক প্ৰকাশ কৰে। কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ এগৰাকী কনিষ্ঠ আৱাসী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰ সন্দৰ্ভত তেওঁ কয় যে ‘মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ক্ষমা কৰিব নোৱাৰা আৰু দোষী যিয়েই নহওক কিয় তেওঁলোকক ৰেহাই দিয়া উচিত নহয়।’ লগতে তেওঁ কয় যে দেশ যি অৱস্থাতেই নাথাকক কিয়, তেওঁ বুজি পায় তেওঁৰ ভগ্নী-কন্যাৰ যন্ত্ৰণা আৰু ক্ষোভ। তেওঁ কয়, "আজি মই আকৌ এবাৰ দেশৰ প্ৰতিটো ৰাজনৈতিক দল আৰু ৰাজ্য চৰকাৰক ক'ম যে নাৰীৰ বিৰুদ্ধে অপৰাধ এক অক্ষমণীয় পাপ।"

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যিজন দোষী, তেওঁক ৰেহাই দিয়া উচিত নহয়। যিসকলে তেওঁক যিকোনো প্ৰকাৰে সহায় কৰিছিল তেওঁলোককো কৰায়ত্ব কৰা উচিত । সেয়া চিকিৎসালয় হওক, বিদ্যালয় হওক, কাৰ্যালয় হওক বা আৰক্ষী ব্যৱস্থা হওক, যি স্তৰতে গাফিলতি হয়, সকলোৰে হিচাপ লোৱা হ'ব। স্পষ্ট হ'ব লাগে যে এই পাপ ক্ষমা কৰিব নোৱাৰা।আমাৰ চৰকাৰে মহিলাৰ ওপৰত অত্যাচাৰ কৰাসকলক কঠোৰতম শাস্তি দিবলৈ আইনসমূহ অহৰহ কঠোৰ কৰি আহিছে।’’


নেপালত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ জলগাঁৱৰ বহু লোকৰ মৃত্যু হোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ সকলো নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ভাৰত চৰকাৰে নেপাল চৰকাৰৰ সৈতে যোগাযোগ কৰে। আমি আমাৰ মন্ত্ৰী ৰক্ষা খাদছেক তৎক্ষণাত নেপাললৈ যাবলৈ ক'লোঁ। আমি আমাৰ নিৰুদ্দেশ হোৱা আত্মীয়ৰ মৃতদেহ বায়ুসেনাৰ দ্বাৰা ঘূৰাই আনিছো ৷ আঘাতপ্ৰাপ্তসকলৰ ভালকৈ চিকিৎসা কৰা হৈছে। তেওঁলোকৰ আৰোগ্য কামনা কৰিছো।"

তেওঁ কয় যে আজি ‘লাখপতি দিদি’ সকলৰ এক বৃহৎ সন্মিলন অনুষ্ঠিত কৰা হৈছে।আজি ইয়াৰ পৰা ছয় হাজাৰ কোটিৰো অধিক ধন দেশৰ লাখ লাখ সখী মণ্ডললৈ মুকলি কৰি দিয়া হৈছে। মোৰ সকলো আই আৰু ভগ্নীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।’


প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "লোকসভা নিৰ্বাচনৰ সময়ত যেতিয়া মই আপোনালোকৰ ওচৰলৈ আহিছিলো, তেতিয়া মই প্ৰতিশ্ৰুতি দিছিলো যে আমি তিনি কোটি ভগ্নীক লাখপতি দিদী বনাব লাগিব। আত্মসহায়ক গোটত কাম কৰা মহিলা আৰু তেওঁলোকৰ বাৰ্ষিক আয় এক লাখ টকাতকৈও অধিক। এই ব্যৱস্থাৰ ফলত যোৱা ১০ বছৰত এক কোটি লাখপতি দিদি হৈ পৰিল। মহাৰাষ্ট্ৰত মাতৃ, ভগ্নী, যুৱক-যুৱতী আৰু কৃষকৰ বাবে বহুতো নতুন আঁচনি গৃহীত হৈছে।লাখপতি দিদি বনোৱাৰ এই অভিযান সমগ্ৰ পৰিয়াল আৰু আগন্তুক প্ৰজন্মক সবলীকৰণৰ এক বৃহৎ অভিযান। ইয়াৰ ফলত গাঁওখনৰ সমগ্ৰ অৰ্থনীতি সলনি হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পোলেণ্ডৰ জনসাধাৰণে মহাৰাষ্ট্ৰৰ জনসাধাৰণক বহুত সন্মান কৰে। তাৰ ৰাজধানীত কলহাপুৰ মেম’ৰিয়েল অৱস্থিত। পোলেণ্ডৰ জনসাধাৰণে কলহাপুৰৰ জনসাধাৰণৰ সেৱা আৰু আতিথ্যৰ মনোভাৱক সন্মান জনাই এই মেম’ৰিয়েল নিৰ্মাণ কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলেণ্ডৰ হাজাৰ হাজাৰ মাতৃ আৰু শিশুক কলহাপুৰৰ ৰাজ পৰিয়ালে আশ্ৰয় দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন