--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱস শিবিৰ ২০২৩ৰ সময়ত অসমৰ এন চি চি কেডেট শ্ৰীমতী সায়ন্তানী ঘোষক ডিজি প্ৰশংসা কাৰ্ড প্ৰদান কৰা হয়। দিল্লীৰ জিঅ’এইচ (গাৰ্ড অৱ অনাৰ) খেলপথাৰত এনচিচিৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল গুৰবীৰপাল সিঙে ডিজি প্ৰশংসা কাৰ্ড প্ৰদান কৰে৷ 

সায়ন্তনী ঘোষ ৬০ অসম ছোৱালী বেটেলিয়ন এন চি চিৰ কেডেট। এনচিচিৰ সম্পূৰ্ণ সময়ৰ বিষয়া, সহযোগী বিষয়া (এন অ’), বিষয়া প্ৰশিক্ষকৰ অধীনত, চাৰ্জেণ্ট, মেজৰ প্ৰশিক্ষক আৰু কেডেটসকলক দুঃসাহসিক ক্ৰীড়া, প্ৰশিক্ষণ বা সামাজিক বা সাংস্কৃতিক ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে এই কাৰ্ড প্ৰদান কৰা হয়৷ এই সন্মানীয় কাৰ্ড লাভ কৰা অসমৰ গুৱাহাটীৰ বাসিন্দা সায়ন্তনী ঘোষ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰী। এগৰাকী মেধাৱী ছাত্ৰী হিচাপে সুখ্যাতি অৰ্জন কৰা সায়ন্তনীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে।

এনচিচি গণৰাজ্য দিৱস শিবিৰ (আৰ ডি চি)-২০২৩ত অংশগ্ৰহণৰ বাবে তেওঁ কেৱল শিবিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱাই নহয়, ১৭টা সঞ্চালকালয়ৰ সকলো কেডেটৰ ভিতৰত তেওঁ আছিল একমাত্ৰ কেডেট, যিসকলক প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত কৰা হৈছিল৷ আৰ ডি চিৰ তিনিওটা মূল ইভেণ্টতে (পি এম ৰেলী, পি এম হাউছ ইভেণ্ট, প্ৰেচিডেণ্ট হাউছ ইভেণ্ট) তেওঁ অংশগ্ৰহণ কৰিছিল। ২০২৩ চনৰ গণৰাজ্য দিৱস শিবিৰ ভ্ৰমণৰ সময়ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি, দিল্লীৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, নৌসেনাৰ মুৰব্বী আৰু সেনাবাহিনীৰ মুৰব্বীৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰাৰ বাবেও নিৰ্বাচিত হৈছিল৷

গণৰাজ্য দিৱস শিবিৰ এনচিচিৰ আটাইতকৈ সন্মানীয় বাৰ্ষিক অনুষ্ঠান আৰু ইয়াত অংশগ্ৰহণকাৰী যুৱক-যুৱতীসকলয়ে গণৰাজ্য দিৱসৰ পেৰেড আৰু প্ৰধানমন্ত্ৰীৰ এনচিচি ৰেলীকে ধৰি কেইবাটাও জীৱনজোৰা অভিজ্ঞতাৰ মুখামুখি হয়৷ সাধাৰণতে গোট আৰু সঞ্চালকালয় পৰ্যায়ত কেইবাবাৰো কঠোৰ পৰীক্ষাৰ অন্ততহে আৰ ডি চি কেডেটসকলক এই স্থানলৈ নিৰ্বাচন কৰা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু