--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ছাত্ৰই পৰীক্ষা দিবলৈ গৈ দেখে যে গোটেই পৰীক্ষা কেন্দ্ৰটোত তেওঁৱেই মাত্ৰ ল’ৰা আৰু বাকীবোৰ সৱ ছোৱালী। এই দৃশ্য দেখি তেওঁ অস্বত্বি অনুভৱ কৰিবলৈ ধৰে। পৰীক্ষা কেন্দ্ৰটোত আছিল ৫০০ গৰাকী ছাত্ৰী আৰু তেওঁৱেই আছিল একমাত্ৰ ছাত্ৰ। সেইবাবেই এই ছাত্ৰজন নাৰ্ভাছ হৈ অজ্ঞান হৈ পৰে।

এই ঘটনা বিহাৰৰ নালন্দাৰ। ছাত্ৰজনৰ পৰিয়ালে জনায় যে ইমানবোৰ ছোৱালী একেলগে দেখাৰ পাছত তেওঁ নাৰ্ভাছ হৈ পৰিছিল আৰু পাছত তেওঁ অজ্ঞান হৈ পৰিছিল। বৰ্তমান ছাত্ৰজন চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু তেওঁৰ চিকিৎসা অব্যাহত আছে। 
बिहार इंटर परीक्षा: परीक्षा सेंटर पर 500 लड़कियों को देख बेहोश हुआ छात्र
এই অদ্ভুত ঘটনাটো নালন্দাত সংঘটিত হৈছিল ইণ্টাৰমিডিয়েট পৰীক্ষাৰ সময়ত। বিহাৰ ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়ত পৰীক্ষা হলত ছাত্ৰজন অচেতন হৈ পৰে আৰু তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ছাত্ৰজনৰ নাম মনীষ শংকৰ আৰু বয়স ১৭ বছৰ।

ছাত্ৰ মনীষ শংকৰ ৫০০ গৰাকী ছাত্ৰীৰ মাজত পৰীক্ষা কেন্দ্ৰত অকলে বহি আছিল। গণিতৰ পৰীক্ষা দিবলৈ গৈছিল মনীষ শংকৰে। অধিক ছোৱালীৰ মাজত বহি থকাৰ বাবে তেওঁ ইমানেই নাৰ্ভাছ হৈ পৰিল যে পৰীক্ষা দিয়াৰ সলনি তেওঁ অজ্ঞান হৈ পৰে। 
Nalanda news only boy among 500 girls giving exam fainted and fell there  au568 | 500 लड़कियों के बीच लड़का दे रहा था एग्जाम, नर्वस में हो गया बेहोश;  अस्पताल में आया
উল্লেখ্য যে আল্লামা ইকবাল কলেজৰ ছাত্ৰ মনীষ শংকৰৰ পৰীক্ষা কেন্দ্ৰ আছিল সুন্দৰগড়ৰ ব্রিলিয়েণ্ট কনভেন্ট স্কুল। উল্লেখ্য যে চিকিৎসালয়ত বহু ঘণ্টাৰ পাছতহে হুঁচ আহে মনীষ শংকৰৰ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু