--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ নিকি  যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত নিত্য নতুন তথ্য পোহৰলৈ আহিয়েই আছে৷ নিকিৰ স্বামী হত্যাকাৰী চাহিলৰ পৰিয়ালৰ লোক এই হত্যকাণ্ডৰ সৈতে আওপকীয়াকৈ হ’লেও জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে চাহিলৰ  পিতৃক গ্ৰেপ্তাৰ  কৰিছে৷ নিকি হত্যাৰ গোচৰত এইবাৰ  দিল্লী আৰক্ষীৰ এজন কনিষ্টবলৰ নাম সাঙোৰ খাই পৰিছে। অভিযোগঅনুসৰি আৰক্ষীৰ সেই কনিষ্টবলজনেই  মূল অভিযুক্ত চাহিল গেহলটক নিকিক হত্যা কৰাৰ পিছত মৃতদেহটো ফ্ৰিজত লুকুৱাই ৰখাত  সহায় কৰিছিল। অনুসন্ধানত প্ৰকাশ পোৱা এই নতুন তথ্যই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মুঠ চাৰিজন লোকে চাহিলক নিকিৰ হত্যাত সহায় কৰিছিল। তেওঁলোকৰ মাজৰে এজন হৈছে চাহিলৰ সম্পৰ্কীয় ভায়েক আশীষ। তেওঁৰ লগত আন দুজন বন্ধুও আছিল। চতুৰ্থ ব্যক্তি নবীনো চাহিলৰ সম্পৰ্কীয় ভাতৃ৷ চাহিলক সহায় কৰা দিল্লী আৰক্ষীৰ এজন কনিষ্টবলজন কোন বা তেওঁৰ নাম কি সেই বিষয়ত বিতং তথ্য আৰক্ষীয়ে প্ৰকাশ কৰা নাই৷  চাহিলক  জেৰা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰিলে যে নিকিক পৰিকল্পিত ভাৱে হত্যা কৰা হৈছিল। এনিকিৰ মৃতদেহ ৰেফ্ৰিজেৰেটৰত লুকুৱাই ৰখাৰ সিদ্ধান্ত হত্যাৰ আগতে গ্ৰহণ কৰা হৈছিল৷ চাহিলে আন ছোৱালী এজনীক পুনৰ বিবাহ কৰোৱাৰ অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পিছতে নিকিৰ  শৰীৰটো ৰেফ্ৰিজেৰেটৰৰ পৰা আঁতৰ কৰাৰ কথা আছিল৷ কিন্তু তাৰ আগতে ধৰা পৰি গ’ল চাহিল৷ 

১৪ ফেব্ৰুৱাৰীত দক্ষিণ-পশ্চিম দিল্লীৰ এখন ধাবাৰ পৰা নিকি যাদৱৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। চাহিলক দিল্লী আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তেওঁক সোধা-পোছা কৰাৰ পিছত এটাৰ পিছত এটা কৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাই আছে৷ ২০২০  চনত নিকি আৰু চাহিলে গ্ৰেটাৰ নয়ডাৰ আৰ্য সমাজ মন্দিৰত গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল। আৰক্ষীয়ে তেওঁলোকৰ বিবাহৰ প্ৰমাণপত্ৰও উদ্ধাৰ কৰিছে। চাহিলৰ পৰিয়ালেও এই বিবাহৰ বিষয়ে জানিছিল। কিন্তু তেওঁলোকে নিকিক বোৱাৰী  হিচাপে গ্ৰহণ কৰা নাছিল। সেয়েহে যোৱা বছৰ ডিচেম্বৰত চাহিলৰ পৰিয়ালে চাহিলক পুনৰ বিয়া কৰোৱাই দিয়াৰ সিদ্ধান্ত লৈছিল।

আনহাতে চাহিলে নিকিক তেওঁৰ জীৱনৰ পৰা আঁতৰাবলৈ পৰিকল্পনা কৰিছিল  যাতে তেওঁ চাহিলৰ বিয়াত  কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে।  অভিযোগ অনুসৰি চাহিলৰ  পৰিয়ালৰ সদস্যসকলেও নিকিৰ হত্যাত চাহিলক  সহযোগিতা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু