--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ নিকি  যাদৱৰ হত্যাকাণ্ড সন্দৰ্ভত নিত্য নতুন তথ্য পোহৰলৈ আহিয়েই আছে৷ নিকিৰ স্বামী হত্যাকাৰী চাহিলৰ পৰিয়ালৰ লোক এই হত্যকাণ্ডৰ সৈতে আওপকীয়াকৈ হ’লেও জড়িত থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে চাহিলৰ  পিতৃক গ্ৰেপ্তাৰ  কৰিছে৷ নিকি হত্যাৰ গোচৰত এইবাৰ  দিল্লী আৰক্ষীৰ এজন কনিষ্টবলৰ নাম সাঙোৰ খাই পৰিছে। অভিযোগঅনুসৰি আৰক্ষীৰ সেই কনিষ্টবলজনেই  মূল অভিযুক্ত চাহিল গেহলটক নিকিক হত্যা কৰাৰ পিছত মৃতদেহটো ফ্ৰিজত লুকুৱাই ৰখাত  সহায় কৰিছিল। অনুসন্ধানত প্ৰকাশ পোৱা এই নতুন তথ্যই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মুঠ চাৰিজন লোকে চাহিলক নিকিৰ হত্যাত সহায় কৰিছিল। তেওঁলোকৰ মাজৰে এজন হৈছে চাহিলৰ সম্পৰ্কীয় ভায়েক আশীষ। তেওঁৰ লগত আন দুজন বন্ধুও আছিল। চতুৰ্থ ব্যক্তি নবীনো চাহিলৰ সম্পৰ্কীয় ভাতৃ৷ চাহিলক সহায় কৰা দিল্লী আৰক্ষীৰ এজন কনিষ্টবলজন কোন বা তেওঁৰ নাম কি সেই বিষয়ত বিতং তথ্য আৰক্ষীয়ে প্ৰকাশ কৰা নাই৷  চাহিলক  জেৰা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰিলে যে নিকিক পৰিকল্পিত ভাৱে হত্যা কৰা হৈছিল। এনিকিৰ মৃতদেহ ৰেফ্ৰিজেৰেটৰত লুকুৱাই ৰখাৰ সিদ্ধান্ত হত্যাৰ আগতে গ্ৰহণ কৰা হৈছিল৷ চাহিলে আন ছোৱালী এজনীক পুনৰ বিবাহ কৰোৱাৰ অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পিছতে নিকিৰ  শৰীৰটো ৰেফ্ৰিজেৰেটৰৰ পৰা আঁতৰ কৰাৰ কথা আছিল৷ কিন্তু তাৰ আগতে ধৰা পৰি গ’ল চাহিল৷ 

১৪ ফেব্ৰুৱাৰীত দক্ষিণ-পশ্চিম দিল্লীৰ এখন ধাবাৰ পৰা নিকি যাদৱৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। চাহিলক দিল্লী আৰক্ষীয়ে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তেওঁক সোধা-পোছা কৰাৰ পিছত এটাৰ পিছত এটা কৈ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাই আছে৷ ২০২০  চনত নিকি আৰু চাহিলে গ্ৰেটাৰ নয়ডাৰ আৰ্য সমাজ মন্দিৰত গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল। আৰক্ষীয়ে তেওঁলোকৰ বিবাহৰ প্ৰমাণপত্ৰও উদ্ধাৰ কৰিছে। চাহিলৰ পৰিয়ালেও এই বিবাহৰ বিষয়ে জানিছিল। কিন্তু তেওঁলোকে নিকিক বোৱাৰী  হিচাপে গ্ৰহণ কৰা নাছিল। সেয়েহে যোৱা বছৰ ডিচেম্বৰত চাহিলৰ পৰিয়ালে চাহিলক পুনৰ বিয়া কৰোৱাই দিয়াৰ সিদ্ধান্ত লৈছিল।

আনহাতে চাহিলে নিকিক তেওঁৰ জীৱনৰ পৰা আঁতৰাবলৈ পৰিকল্পনা কৰিছিল  যাতে তেওঁ চাহিলৰ বিয়াত  কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে।  অভিযোগ অনুসৰি চাহিলৰ  পৰিয়ালৰ সদস্যসকলেও নিকিৰ হত্যাত চাহিলক  সহযোগিতা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক