--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশ-বিদেশত মহা আনন্দৰে উদযাপন হৈছে শিৱৰ্ত্ৰি৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা  শিৱৰাত্ৰি দেওবাৰে আবেলিলৈকে চলিব৷    শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পুৱাৰে পৰা দেশৰ বিভিন্ন মন্দিৰত শিল আৰাধনাত ব্যস্ত হৈ পৰিছে৷  হিন্দুসকলে বিশ্বাস কৰে যে আজিৰ দিনটোত শিৱৰ উপাসনা কৰি আৰু শিৱলিঙ্গত পানী , গাখীৰ ঢালিলে ভক্তসকলৰ মনৰ ইচ্ছা পূৰণ হয়।

 এহাল মুছলমান দম্পতীয়ে কাশ্মীৰৰ এটা মন্দিৰতহিন্দু ভক্ৰ সৈতে একেলগে   শিৱৰ মূৰত পানী ঢালে আৰু ঐশ্বৰিক সহায় পাবলৈ তেওঁক উপাসনা কৰে। এই ঘটনাত বহুলোক আচৰিত হৈ পৰিছে৷  কিন্তু মুছলমান দম্পতীহালে  দাবী কৰিছে যে বিষয়টোত  আচৰিত হ’বলগীয়া একো নাই। তেওঁলোকে কয় "আজিৰ দিনটো হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ বাবে এক পবিত্ৰ দিন"। স্থানীয় লোকে ঘটনাটোক ধৰ্মীয় সম্প্ৰীতিৰ উদাহৰণ হিচাপে গ্ৰহণ কৰিছে।

কাশ্মীৰৰ  উপৰি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, আলিগড়ৰ প্ৰাচীন খেৰেশ্বৰ ধাম, গুজৰাটৰ সোমনাথ মন্দিৰ শিৱৰাত্ৰি উপলক্ষে আলোকসজ্জাৰে  আটকধুনীয়া কৰি তোলা হৈছে। মন্দিৰৰ বাহিৰত ভক্তসকলৰ দীঘলীয়া শাৰী। নেপালৰ কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰতো কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলে শনিবাৰ আৰু দেওঁবাৰেও কাশ্মীৰৰ অনন্তনাগ জিলাৰ মাৰ্টেণ্ড সূৰ্য মন্দিৰত ভিৰ কৰে। ৰাজস্থানৰ এহাল দম্পতী জয়া খান আৰু ফৈজান খানে এই মন্দিৰত শিৱৰ মূৰত পানী ঢালি শিৱক আৰাধনা কৰে।

জয়া খানে কয় "মুছলমান সম্প্ৰদায়ৰ লোকসকলক হিন্দু মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি কোনো নিয়ম নাই। আজি শিৱৰাত্ৰি, ঈশ্বৰৰ প্ৰাৰ্থনাৰ দিন। মই শিৱক পানী আগবঢ়াইছো। এনে কাৰ্যই  দম্পতিসকলক উন্নত কৰে। মই এয়া মোৰ মাৰ পৰা শিকিছিলো। আমি মুছলমান, কিন্তু আমি এই পৰম্পৰাটো ভালপাওঁ। সেইকাৰণে মই শিৱক পানী আগবঢ়াইছো৷ "। জয়াই লগতে কয়  যে ভূ-স্বৰ্গ কাশ্মীৰলৈ  অহাৰ আগতে তেওঁ  ভাবিছিল যে কাশ্মীৰত ধৰ্মীয় অস্থিৰতা আছে। তেওঁ কয় "কিন্তু ইয়াত বিশেষ একো হোৱা নাই। কোনো ধৰ্মীয় বৈষম্য নাই। নিজে নাহিলে  আপুনি সেয়া  বুজিব নোৱাৰে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক