--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃদেশ-বিদেশত মহা আনন্দৰে উদযাপন হৈছে শিৱৰ্ত্ৰি৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা  শিৱৰাত্ৰি দেওবাৰে আবেলিলৈকে চলিব৷    শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পুৱাৰে পৰা দেশৰ বিভিন্ন মন্দিৰত শিল আৰাধনাত ব্যস্ত হৈ পৰিছে৷  হিন্দুসকলে বিশ্বাস কৰে যে আজিৰ দিনটোত শিৱৰ উপাসনা কৰি আৰু শিৱলিঙ্গত পানী , গাখীৰ ঢালিলে ভক্তসকলৰ মনৰ ইচ্ছা পূৰণ হয়।

 এহাল মুছলমান দম্পতীয়ে কাশ্মীৰৰ এটা মন্দিৰতহিন্দু ভক্ৰ সৈতে একেলগে   শিৱৰ মূৰত পানী ঢালে আৰু ঐশ্বৰিক সহায় পাবলৈ তেওঁক উপাসনা কৰে। এই ঘটনাত বহুলোক আচৰিত হৈ পৰিছে৷  কিন্তু মুছলমান দম্পতীহালে  দাবী কৰিছে যে বিষয়টোত  আচৰিত হ’বলগীয়া একো নাই। তেওঁলোকে কয় "আজিৰ দিনটো হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ বাবে এক পবিত্ৰ দিন"। স্থানীয় লোকে ঘটনাটোক ধৰ্মীয় সম্প্ৰীতিৰ উদাহৰণ হিচাপে গ্ৰহণ কৰিছে।

কাশ্মীৰৰ  উপৰি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, আলিগড়ৰ প্ৰাচীন খেৰেশ্বৰ ধাম, গুজৰাটৰ সোমনাথ মন্দিৰ শিৱৰাত্ৰি উপলক্ষে আলোকসজ্জাৰে  আটকধুনীয়া কৰি তোলা হৈছে। মন্দিৰৰ বাহিৰত ভক্তসকলৰ দীঘলীয়া শাৰী। নেপালৰ কাঠমাণ্ডুৰ পশুপতিনাথ মন্দিৰতো কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ভক্তসকলে শনিবাৰ আৰু দেওঁবাৰেও কাশ্মীৰৰ অনন্তনাগ জিলাৰ মাৰ্টেণ্ড সূৰ্য মন্দিৰত ভিৰ কৰে। ৰাজস্থানৰ এহাল দম্পতী জয়া খান আৰু ফৈজান খানে এই মন্দিৰত শিৱৰ মূৰত পানী ঢালি শিৱক আৰাধনা কৰে।

জয়া খানে কয় "মুছলমান সম্প্ৰদায়ৰ লোকসকলক হিন্দু মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি কোনো নিয়ম নাই। আজি শিৱৰাত্ৰি, ঈশ্বৰৰ প্ৰাৰ্থনাৰ দিন। মই শিৱক পানী আগবঢ়াইছো। এনে কাৰ্যই  দম্পতিসকলক উন্নত কৰে। মই এয়া মোৰ মাৰ পৰা শিকিছিলো। আমি মুছলমান, কিন্তু আমি এই পৰম্পৰাটো ভালপাওঁ। সেইকাৰণে মই শিৱক পানী আগবঢ়াইছো৷ "। জয়াই লগতে কয়  যে ভূ-স্বৰ্গ কাশ্মীৰলৈ  অহাৰ আগতে তেওঁ  ভাবিছিল যে কাশ্মীৰত ধৰ্মীয় অস্থিৰতা আছে। তেওঁ কয় "কিন্তু ইয়াত বিশেষ একো হোৱা নাই। কোনো ধৰ্মীয় বৈষম্য নাই। নিজে নাহিলে  আপুনি সেয়া  বুজিব নোৱাৰে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু