--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২১ মাৰ্চৰ নিশা দিল্লীৰ সুৰা কেলেংকাৰিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। সম্প্ৰতি ছদিনৰ বাবে ইডিৰ জিম্মাত আছে মুখ্যমন্ত্ৰীগৰাকী। যাক সততে জনা যায় এক ব্যতিক্ৰমী ৰাজনীতিক হিচাপে। যি ধাৰা অব্যাহত ৰাখিলে অৰবিন্দ কেজৰিৱালে। ইডিৰ জিম্মাৰ পৰাই আৰম্ভ কৰিলে দিল্লী চৰকাৰৰ কাম–কাজ। আজি দিল্লীৰ জলসংকটক লৈ কাৰাগাৰৰ পৰাই প্ৰথমটো চৰকাৰী নিৰ্দেশ জাৰি কৰিলে ইডিয়ে গ্ৰেপ্তাৰ কৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আপ চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাক দিল্লীৰ পানীৰ নাটনি ঘটা অঞ্চলত শীঘ্ৰেই পানীৰ টেংকাৰৰ ব্যৱস্থা কৰাৰ বাবে কাৰাগাৰৰ পৰাই নিৰ্দেশ জাৰি কৰিলে কেজৰিৱালে।

ইপিনে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছত বিৰোধী ইণ্ডিয়া মৰ্চাই আজি আহ্বান কৰিলে সংবাদমেলৰ। ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদী ৰেলীৰ ঘোষণা ইণ্ডিয়া মৰ্চাৰ। আজি সংবাদমেলত বিৰোধী নেতাসকলে কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ তীব্ৰ সমালোচনা কৰিলে কেন্দ্ৰীয় চৰকাৰক। 

আনহাতে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছত আজি প্ৰথমবাৰৰ বাবে বৈঠকৰ আয়োজন কৰিলে আম আদমী পাৰ্টীয়ে। য’ত আম আদমী পাৰ্টীয়ে যুগুত কৰি উলিয়ালে দলটোৰ পৰৱৰ্তী ৰণনীতি। তাৰ পূৰ্বে দিল্লীৰ ITOত কেজৰিৱালৰ সমৰ্থনত ধৰ্ণাত বহিল আপ নেতা–কৰ্মীয়ে। আনহাতে, আজি দিল্লী বিজেপিৰ নেতা–কৰ্মীসকলে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অংশ ল’লে এক প্ৰতিবাদী কাৰ্যসূচীত। য’ত কেজৰিৱালক ভ্ৰষ্টচাৰী আখ্যা দি মুখৰিত হ’ল বিজেপিৰ কৰ্মীসকল।

ইপিনে, আপ নেতা সৌৰভ ভৰদ্বাজে ইলেক্ট’ৰেল বণ্ড প্ৰসংগত তীব্ৰ সমালোচনা কৰে বিজেপিক। কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সুৰা কেলেংকাৰিৰ কিংপিন ৰূপে চিনাক্ত ব্যৱসায়ীৰ পৰা বিজেপিয়ে ৬০ কোটি টকাৰ চান্দা সংগ্ৰহৰ অভিযোগ আপ নেতাগৰাকীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু