--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২১ মাৰ্চৰ নিশা দিল্লীৰ সুৰা কেলেংকাৰিৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। সম্প্ৰতি ছদিনৰ বাবে ইডিৰ জিম্মাত আছে মুখ্যমন্ত্ৰীগৰাকী। যাক সততে জনা যায় এক ব্যতিক্ৰমী ৰাজনীতিক হিচাপে। যি ধাৰা অব্যাহত ৰাখিলে অৰবিন্দ কেজৰিৱালে। ইডিৰ জিম্মাৰ পৰাই আৰম্ভ কৰিলে দিল্লী চৰকাৰৰ কাম–কাজ। আজি দিল্লীৰ জলসংকটক লৈ কাৰাগাৰৰ পৰাই প্ৰথমটো চৰকাৰী নিৰ্দেশ জাৰি কৰিলে ইডিয়ে গ্ৰেপ্তাৰ কৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আপ চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লেনাক দিল্লীৰ পানীৰ নাটনি ঘটা অঞ্চলত শীঘ্ৰেই পানীৰ টেংকাৰৰ ব্যৱস্থা কৰাৰ বাবে কাৰাগাৰৰ পৰাই নিৰ্দেশ জাৰি কৰিলে কেজৰিৱালে।

ইপিনে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছত বিৰোধী ইণ্ডিয়া মৰ্চাই আজি আহ্বান কৰিলে সংবাদমেলৰ। ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদী ৰেলীৰ ঘোষণা ইণ্ডিয়া মৰ্চাৰ। আজি সংবাদমেলত বিৰোধী নেতাসকলে কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ তীব্ৰ সমালোচনা কৰিলে কেন্দ্ৰীয় চৰকাৰক। 

আনহাতে, কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছত আজি প্ৰথমবাৰৰ বাবে বৈঠকৰ আয়োজন কৰিলে আম আদমী পাৰ্টীয়ে। য’ত আম আদমী পাৰ্টীয়ে যুগুত কৰি উলিয়ালে দলটোৰ পৰৱৰ্তী ৰণনীতি। তাৰ পূৰ্বে দিল্লীৰ ITOত কেজৰিৱালৰ সমৰ্থনত ধৰ্ণাত বহিল আপ নেতা–কৰ্মীয়ে। আনহাতে, আজি দিল্লী বিজেপিৰ নেতা–কৰ্মীসকলে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে অংশ ল’লে এক প্ৰতিবাদী কাৰ্যসূচীত। য’ত কেজৰিৱালক ভ্ৰষ্টচাৰী আখ্যা দি মুখৰিত হ’ল বিজেপিৰ কৰ্মীসকল।

ইপিনে, আপ নেতা সৌৰভ ভৰদ্বাজে ইলেক্ট’ৰেল বণ্ড প্ৰসংগত তীব্ৰ সমালোচনা কৰে বিজেপিক। কেজৰিৱালক গ্ৰেপ্তাৰ কৰা সুৰা কেলেংকাৰিৰ কিংপিন ৰূপে চিনাক্ত ব্যৱসায়ীৰ পৰা বিজেপিয়ে ৬০ কোটি টকাৰ চান্দা সংগ্ৰহৰ অভিযোগ আপ নেতাগৰাকীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী