ডিজিটেল ডেস্ক: দেশত সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত চলিছে তীব্ৰ প্ৰচাৰ অভিযান। ইয়াৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগে চলাইছে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি। ৫৪৩টা সমষ্টিৰ বাবে দেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ এই নিৰ্বাচনৰ ওপৰত নজৰ বিশ্বৰ বহুকেইখন দেশৰ। প্ৰশ্ন হয় সমগ্ৰ দেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কিমান ধনৰ প্ৰয়োজন হ’ব? তথ্য অনুসৰি এইবাৰৰ নিৰ্বাচনত ব্যয় হ’ব ১.২০ লাখ কোটি টকা। দেশৰ ৰাজনৈতিক ঘটনা–পৰিঘটনাৰ ওপৰত নজৰ ৰখা সংস্থা চেণ্টাৰ ফ’ৰ মিডিয়া ষ্টাডিছৰ সমীক্ষা অনুসৰি ২০২০ চনৰ আমেৰিকাৰ নিৰ্বাচন আছিল সৰ্বাধিক ব্যয়বহুল নিৰ্বাচন। আমেৰিকাৰ সাধাৰণ নিৰ্বাচনত খৰচ হৈছিল ১.২ লাখ কোটি টকা। এই পৰিস্থিতিত এইবাৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন হ’ব বিশ্বৰ সৰ্বাধিক ব্যয়বহুল নিৰ্বাচন প্ৰক্ৰিয়া।
উল্লেখ্য যে ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত ঘোষিত আৰু অঘোষিত ধনৰ ব্যয় হৈছিল ৬০ হাজাৰ কোটি টকা। ইয়াৰ তুলনাত দুগুণ হ’ব এইবাৰৰ নিৰ্বাচনৰ খৰচ। নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰচাৰৰ বাবে খৰচ কৰিব পাৰে সৰ্বাধিক ৯৫ লাখ টকা। কিন্তু তথ্য অনুসৰি প্ৰতিগৰাকী প্ৰাৰ্থীৰ ২০ দিনৰ প্ৰচাৰ অভিযানত গড়ে খৰচ হয় প্ৰায় ৬ কোটি টকা। এই পৰিস্থিতিত স্পষ্ট যে প্ৰাৰ্থীয়ে খৰচ কৰা অধিকসংখ্যক ধন আহে কোনো অজ্ঞাত উৎসৰ পৰা। নিৰ্বাচনত প্ৰাৰ্থীয়ে সৰ্বাধিক ব্যয় কৰে প্ৰচাৰ আৰু বিজ্ঞাপনৰ নামত। এইক্ষেত্ৰত বাৰ্ষিক অডিট ৰিপ’ৰ্ট অনুসৰি ২০১৫ৰ পৰা ২০ৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচাৰৰ নামত খৰচ কৰিছে ২ হাজাৰ কোটি টকা। ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছিল ১ হাজাৰ ১৪২ কোটি টকা। কংগ্ৰেছে ব্যয় কৰিছিল ৬২৬ কোটি টকা। ২০১৯ চনত বিজেপিয়ে জয়লাভ কৰিছিল ৩০৩খন আসনত। এই হিচাপ অনুযায়ী প্ৰতিখন আসন জয়ৰ বাবদ বিজেপিয়ে গড়ে খৰচ কৰিছিল ৪.৪ কোটি টকা। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৫২খন আসনৰ বাবে গড়ে ব্যয় কৰিছিল ১২ কোটি টকা। নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে সঘনাই ব্যৱহাৰ কৰে হেলিকপ্টাৰ সেৱা। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে হেলিকপ্টাৰ সেৱাৰ নামত ব্যয় কৰিছিল ২৫০ কোটি টকা। অনুমান অনুসৰি এইবাৰৰ নিৰ্বাচনত ৰাজনৈতিক দলসমূহে ব্যাপকভাৱে ব্যৱহাৰ কৰিব হেলিকপ্টাৰ সেৱা। যাৰ ফলত বৃদ্ধি হ’ব সামগ্ৰিক নিৰ্বাচনী ব্যয়। চেণ্টাৰ ফ’ৰ মিডিয়া ষ্টাডিছৰ সমীক্ষা অনুসৰি ১.২০ লাখ কোটি টকা ব্যয় হ’ব এইবাৰৰ নিৰ্বাচনত।