--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত প্ৰায় ১২ কিলোমিটাৰ পথ চোঁচৰাই নি মৃত্যু মুখলৈ ঠেলি দিয়া কুৰি বছৰীয়া যুৱতী অঞ্জলীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে নানান সন্দেহৰ উদ্ৰেক ঘটাইছে। শেহতীয়াকৈ ২০বছৰীয়া অঞ্জলি সিঙৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিল্লী আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছে। মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এখন পৰিষদে অঞ্জলীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন  কৰিছিল।

দেওবাৰে পুৱতি নিশা ২০ বছৰীয়া অঞ্জলি সিঙৰ মৃত্যুৱে দিল্লীৰ জনসাধাৰণক হতবাক কৰি তুলিছে। নৱবৰ্ষৰ নিশা অঞ্জলীক স্কুটীৰে গৈ থকাৰ সময়তে এখন গাড়ীয়ে ১৩ কিলোমিটাৰ পথ চোঁচৰাই নিছিল। অঞ্জলীৰ পৰিয়ালে অভিযোগ কৰিছে যে অঞ্জলীক যৌন নিৰ্যাতন কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অঞ্জলীৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এখন পৰিষদেসম্পন্ন কৰা  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অঞ্জলীৰ মূৰটো নাই। মগজু বাহিৰলৈ ওলাই গৈছিল।   দিল্লী আৰক্ষীয়ে কৈছে যে অঞ্জলীৰ গোটেই শৰীৰটো ধুলিৰে আৱৰি আছিল।

গোটেই শৰীৰত ৪০ টা আঘাতৰ চিন  পোৱা গৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে তেওঁক  কোনো ধৰণে যৌন নিৰ্যাতন কৰা হোৱা নাছিল। চিকিৎসক পৰিষদে কৈছিল যে বিষয়টো নিশ্চিত কৰিবলৈ মহিলাগৰাকীৰ লেলাৱতি আৰু তেওঁৰ জিন্সৰ ফটা অংশৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে। অঞ্জলীৰ শৰীৰ উলংগ অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তদন্ত এতিয়াও চলি আছে।

২০  বছৰীয়াঅঞ্জলীয়ে  নৱবৰ্ষৰ নিশা স্কুটীৰে  ঘৰলৈ উভতি আহি আছিল। তেওঁৰ স্কুটিখন গাড়ীখনৰ সৈতে খুন্দা খাইছিল। দুৰ্ঘটনাটোৰ ফলত তেওঁৰ কাপোৰ হয়তো গাড়ীৰ চকাত লাগি ধৰিছিল। এই পৰিস্থিতিতো গাড়ীখন চলিয়েই থাকে। ফলস্বৰূপে গাড়ীখনে প্ৰায় ১৩ কিলোমিটাৰ পথ তেওঁক চোঁচৰাই নিয়ে।  
 গাড়ীখন অৱশেষত দিল্লীৰ খানজাৱালা অঞ্চলত ৰখোৱা হৈছিল । ছোৱালীজনীৰ মৃতদেহ পিছত ৰাস্তাৰ ওপৰতে  পোৱা গৈছিল। তেওঁক মঙ্গলপুৰী এছজিএম চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। ধৰ্ষণ কৰি গাড়ীৰে চোঁচৰাই নিছিল নেকি? এই প্ৰশ্নৰ উত্তৰ অধিক তদন্তৰ পিছতহে পোৱা যাব বুলি আৰক্ষীয়ে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক