--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত প্ৰায় ১২ কিলোমিটাৰ পথ চোঁচৰাই নি মৃত্যু মুখলৈ ঠেলি দিয়া কুৰি বছৰীয়া যুৱতী অঞ্জলীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে নানান সন্দেহৰ উদ্ৰেক ঘটাইছে। শেহতীয়াকৈ ২০বছৰীয়া অঞ্জলি সিঙৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিল্লী আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছে। মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এখন পৰিষদে অঞ্জলীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন  কৰিছিল।

দেওবাৰে পুৱতি নিশা ২০ বছৰীয়া অঞ্জলি সিঙৰ মৃত্যুৱে দিল্লীৰ জনসাধাৰণক হতবাক কৰি তুলিছে। নৱবৰ্ষৰ নিশা অঞ্জলীক স্কুটীৰে গৈ থকাৰ সময়তে এখন গাড়ীয়ে ১৩ কিলোমিটাৰ পথ চোঁচৰাই নিছিল। অঞ্জলীৰ পৰিয়ালে অভিযোগ কৰিছে যে অঞ্জলীক যৌন নিৰ্যাতন কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অঞ্জলীৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। মৌলানা আজাদ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ এখন পৰিষদেসম্পন্ন কৰা  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীৰ ওচৰত দাখিল কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অঞ্জলীৰ মূৰটো নাই। মগজু বাহিৰলৈ ওলাই গৈছিল।   দিল্লী আৰক্ষীয়ে কৈছে যে অঞ্জলীৰ গোটেই শৰীৰটো ধুলিৰে আৱৰি আছিল।

গোটেই শৰীৰত ৪০ টা আঘাতৰ চিন  পোৱা গৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে তেওঁক  কোনো ধৰণে যৌন নিৰ্যাতন কৰা হোৱা নাছিল। চিকিৎসক পৰিষদে কৈছিল যে বিষয়টো নিশ্চিত কৰিবলৈ মহিলাগৰাকীৰ লেলাৱতি আৰু তেওঁৰ জিন্সৰ ফটা অংশৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে। অঞ্জলীৰ শৰীৰ উলংগ অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তদন্ত এতিয়াও চলি আছে।

২০  বছৰীয়াঅঞ্জলীয়ে  নৱবৰ্ষৰ নিশা স্কুটীৰে  ঘৰলৈ উভতি আহি আছিল। তেওঁৰ স্কুটিখন গাড়ীখনৰ সৈতে খুন্দা খাইছিল। দুৰ্ঘটনাটোৰ ফলত তেওঁৰ কাপোৰ হয়তো গাড়ীৰ চকাত লাগি ধৰিছিল। এই পৰিস্থিতিতো গাড়ীখন চলিয়েই থাকে। ফলস্বৰূপে গাড়ীখনে প্ৰায় ১৩ কিলোমিটাৰ পথ তেওঁক চোঁচৰাই নিয়ে।  
 গাড়ীখন অৱশেষত দিল্লীৰ খানজাৱালা অঞ্চলত ৰখোৱা হৈছিল । ছোৱালীজনীৰ মৃতদেহ পিছত ৰাস্তাৰ ওপৰতে  পোৱা গৈছিল। তেওঁক মঙ্গলপুৰী এছজিএম চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত থকা চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰিছিল। ধৰ্ষণ কৰি গাড়ীৰে চোঁচৰাই নিছিল নেকি? এই প্ৰশ্নৰ উত্তৰ অধিক তদন্তৰ পিছতহে পোৱা যাব বুলি আৰক্ষীয়ে কৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু