--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইটোৰ পিছত সিটো  বিপদে বেৰি ধৰিছে  অৰবিন্দ কেজৰিৱালক। আবকাৰী কেলেংকাৰী সন্দৰ্ভত দিল্লীৰ এখন আদালতে এইবাৰ  তেওঁক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে। কেন্দ্ৰীয় তদন্তকাৰী  সংস্থাটোৱে দিল্লীৰ মুখ্যমন্ত্ৰীক নিজৰ জিম্মাত ৰাখিব নিবিচৰাৰ বাবেই তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়আদালতে কেজৰিৱালক  কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। 

আদালতৰ নিৰ্দেশৰ পিছতে কেজৰিৱালক   তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। দিল্লীৰ তদানীন্তন  উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকো   আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।চিছোদিয়াকো বৰ্তমান কাৰাগাৰত ৰখা হৈছে। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কাৰাগাৰলৈ যোৱাৰ আগতে তেওঁৰ পত্নী সুনীতা আৰু দিল্লীৰ দুজন মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজক লগ কৰিবলৈ সক্ষম হ'ব। গ্ৰেপ্তাৰ হোৱাৰ পিছত কেজৰিৱালে ইডিৰ জিম্মাৰ পৰাই চৰকাৰ চলাইছিল। 

তেওঁ তিহাৰ কাৰাগাৰৰ পৰা চৰকাৰ চলাব পাৰিবনে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। কাৰণ কাৰাগাৰৰ ভিতৰত তেওঁ মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত ২১ মাৰ্চত কেন্দ্ৰীয় তদন্ত সংস্থাই দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক  গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালে নবাৰকৈ  ইডিৰ চমন এৰাই চলাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ জেৰাৰ পূৰ্বে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষাৰ বাবে আদালতত আবেদন কৰিছিল। অৱশ্যে, আদালতে তেওঁক সকাহ দিয়া নাছিল।কেজৰিৱালক আদালতে  সুৰক্ষা প্ৰদান নকৰাৰ দিনাই  ইডিয়ে তেওঁক নিজৰ  বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালৰ ইডি জিম্মাৰ ম্যাদ সোমবাৰে উকলি যায়।

ইডিয়ে ৰাউজ এভিনিউ আদালতক কৈছে  যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তদন্তত সহযোগিতা কৰা নাই। । সেয়েহে, ইডিয়ে কেজৰিৱালক নিজৰ জিম্মাত ৰাখিব বিচৰা নাই। তদন্তকাৰী  সংস্থাৰ যুক্তিৰ পিছত আদালতে কেজৰিৱালক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ ১৫ দিনৰ বাবে কাৰাগাৰত থাকিব লাগিব।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু