--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইটোৰ পিছত সিটো  বিপদে বেৰি ধৰিছে  অৰবিন্দ কেজৰিৱালক। আবকাৰী কেলেংকাৰী সন্দৰ্ভত দিল্লীৰ এখন আদালতে এইবাৰ  তেওঁক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে। কেন্দ্ৰীয় তদন্তকাৰী  সংস্থাটোৱে দিল্লীৰ মুখ্যমন্ত্ৰীক নিজৰ জিম্মাত ৰাখিব নিবিচৰাৰ বাবেই তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়আদালতে কেজৰিৱালক  কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। 

আদালতৰ নিৰ্দেশৰ পিছতে কেজৰিৱালক   তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। দিল্লীৰ তদানীন্তন  উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াকো   আবকাৰী কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।চিছোদিয়াকো বৰ্তমান কাৰাগাৰত ৰখা হৈছে। অৱশ্যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কাৰাগাৰলৈ যোৱাৰ আগতে তেওঁৰ পত্নী সুনীতা আৰু দিল্লীৰ দুজন মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজক লগ কৰিবলৈ সক্ষম হ'ব। গ্ৰেপ্তাৰ হোৱাৰ পিছত কেজৰিৱালে ইডিৰ জিম্মাৰ পৰাই চৰকাৰ চলাইছিল। 

তেওঁ তিহাৰ কাৰাগাৰৰ পৰা চৰকাৰ চলাব পাৰিবনে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। কাৰণ কাৰাগাৰৰ ভিতৰত তেওঁ মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। আবকাৰী কেলেংকাৰীৰ সন্দৰ্ভত ২১ মাৰ্চত কেন্দ্ৰীয় তদন্ত সংস্থাই দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক  গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালে নবাৰকৈ  ইডিৰ চমন এৰাই চলাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ জেৰাৰ পূৰ্বে গ্ৰেপ্তাৰৰ পৰা সুৰক্ষাৰ বাবে আদালতত আবেদন কৰিছিল। অৱশ্যে, আদালতে তেওঁক সকাহ দিয়া নাছিল।কেজৰিৱালক আদালতে  সুৰক্ষা প্ৰদান নকৰাৰ দিনাই  ইডিয়ে তেওঁক নিজৰ  বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। কেজৰিৱালৰ ইডি জিম্মাৰ ম্যাদ সোমবাৰে উকলি যায়।

ইডিয়ে ৰাউজ এভিনিউ আদালতক কৈছে  যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে তদন্তত সহযোগিতা কৰা নাই। । সেয়েহে, ইডিয়ে কেজৰিৱালক নিজৰ জিম্মাত ৰাখিব বিচৰা নাই। তদন্তকাৰী  সংস্থাৰ যুক্তিৰ পিছত আদালতে কেজৰিৱালক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ ১৫ দিনৰ বাবে কাৰাগাৰত থাকিব লাগিব।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ