--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন লোককলৈ এতিয়া বিপাঙত পৰিছে দিল্লীৰ   পাঁচ তাৰকাযুক্ত  হোটেল এখনৰ কৰ্তৃপক্ষ৷ সংযুক্ত আৰৱ গণৰাজ্যৰ বাসিন্দা আৰু আবু ধাবিৰ ৰাজপৰিয়ালৰ কৰ্মচাৰী বুলি ভুৱা পৰিচয় দিয়া  এজন ব্যক্তিয়ে চাৰি মাহৰো অধিক সময় দিল্লীৰ লীলা পেলেচ হোটেলত থকাৰ পিছত পলাতক হৈ আছে৷

তেওঁ হোটেলৰ   বিল হিচাবে  পৰিশোধ কৰিবলৈ আছে প্ৰায় ২৩ লাখ টকা। দিল্লী আৰক্ষীয়ে মানুহজনক মোঃ শ্বৰীফ বুলি চিনাক্ত কৰিছে আৰু ছদ্মবেশৰ অভিযোগত  তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। শনিবাৰে হোটেল মেনেজমেণ্টৰ অভিযোগৰ ভিত্তিত শ্বৰীফৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল৷ আৰক্ষীয়ে কৈছে যে মোঃ শ্বৰীফ যোৱা বছৰৰ ১ আগষ্টৰ পৰা ২০ নৱেম্বৰলৈ পাঁচতাৰকাযুক্ত  হোটেলখনত আছিল৷

তাৰ পিছত তেওঁ কাকো নজনোৱাকৈয়ে হোটেলৰ পৰা  গুচি গ'ল। আৰক্ষীয়ে জনোৱা অনুসৰি লোকজনৰ হোটেলখনক বিলৰ নামত  প্ৰায় ২৩ লাখ টকা দিবলৈ আছে। লোকজনে আনকি হোটেল খনৰ মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়াৰো অভিযোগ উঠিছে৷   আৰম্ভণিতে, তেওঁ কৰ্তৃপক্ষক কৈছিল যে তেওঁ আৰৱত  বাস কৰে  আৰু আবু ধাবিৰ ৰাজপৰিয়ালৰ এজন সদস্য শ্বেখ ফালাহ বিন জায়েদ আল নাহিয়ানৰ কাৰ্যালয়ত কাম কৰে। তেওঁ হোটেলৰ কৰ্মচাৰীসকলক তেওঁ ব্যক্তিগত সহায়ক হিচাবে  শ্বেখৰ সৈতে কাম কৰে  বুলি কৈছিল আৰু  চৰকাৰী কামৰ বাবে ভাৰতত থকাৰ কথাও উল্লেখ কৰিছিল।

তেওঁ যোৱাৰ আগতে কেইবা মাহ ধৰি হোটেলৰ ৪২৭ নম্বৰৰ কোঠাত আছিল। হোটেলত থকাৰ বাবে  শ্বৰীফে আন কিছুমান নথিপত্ৰৰ সৈতে এখন  ভুৱা ইউ.এ.ই. আৱাসী কাৰ্ড, এখন  ব্যৱসায়িক কাৰ্ড প্ৰস্তুত কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোক জনৰ  পৰিচয় পত্ৰবোৰ ভুৱা আছিল আৰু আবু ধাবিৰ ৰাজপৰিয়ালৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক