--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন লোককলৈ এতিয়া বিপাঙত পৰিছে দিল্লীৰ   পাঁচ তাৰকাযুক্ত  হোটেল এখনৰ কৰ্তৃপক্ষ৷ সংযুক্ত আৰৱ গণৰাজ্যৰ বাসিন্দা আৰু আবু ধাবিৰ ৰাজপৰিয়ালৰ কৰ্মচাৰী বুলি ভুৱা পৰিচয় দিয়া  এজন ব্যক্তিয়ে চাৰি মাহৰো অধিক সময় দিল্লীৰ লীলা পেলেচ হোটেলত থকাৰ পিছত পলাতক হৈ আছে৷

তেওঁ হোটেলৰ   বিল হিচাবে  পৰিশোধ কৰিবলৈ আছে প্ৰায় ২৩ লাখ টকা। দিল্লী আৰক্ষীয়ে মানুহজনক মোঃ শ্বৰীফ বুলি চিনাক্ত কৰিছে আৰু ছদ্মবেশৰ অভিযোগত  তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। শনিবাৰে হোটেল মেনেজমেণ্টৰ অভিযোগৰ ভিত্তিত শ্বৰীফৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল৷ আৰক্ষীয়ে কৈছে যে মোঃ শ্বৰীফ যোৱা বছৰৰ ১ আগষ্টৰ পৰা ২০ নৱেম্বৰলৈ পাঁচতাৰকাযুক্ত  হোটেলখনত আছিল৷

তাৰ পিছত তেওঁ কাকো নজনোৱাকৈয়ে হোটেলৰ পৰা  গুচি গ'ল। আৰক্ষীয়ে জনোৱা অনুসৰি লোকজনৰ হোটেলখনক বিলৰ নামত  প্ৰায় ২৩ লাখ টকা দিবলৈ আছে। লোকজনে আনকি হোটেল খনৰ মূল্যৱান সামগ্ৰী চুৰি কৰি নিয়াৰো অভিযোগ উঠিছে৷   আৰম্ভণিতে, তেওঁ কৰ্তৃপক্ষক কৈছিল যে তেওঁ আৰৱত  বাস কৰে  আৰু আবু ধাবিৰ ৰাজপৰিয়ালৰ এজন সদস্য শ্বেখ ফালাহ বিন জায়েদ আল নাহিয়ানৰ কাৰ্যালয়ত কাম কৰে। তেওঁ হোটেলৰ কৰ্মচাৰীসকলক তেওঁ ব্যক্তিগত সহায়ক হিচাবে  শ্বেখৰ সৈতে কাম কৰে  বুলি কৈছিল আৰু  চৰকাৰী কামৰ বাবে ভাৰতত থকাৰ কথাও উল্লেখ কৰিছিল।

তেওঁ যোৱাৰ আগতে কেইবা মাহ ধৰি হোটেলৰ ৪২৭ নম্বৰৰ কোঠাত আছিল। হোটেলত থকাৰ বাবে  শ্বৰীফে আন কিছুমান নথিপত্ৰৰ সৈতে এখন  ভুৱা ইউ.এ.ই. আৱাসী কাৰ্ড, এখন  ব্যৱসায়িক কাৰ্ড প্ৰস্তুত কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে লোক জনৰ  পৰিচয় পত্ৰবোৰ ভুৱা আছিল আৰু আবু ধাবিৰ ৰাজপৰিয়ালৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু