--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্যৰ চকৰি কেতিয়া কোন দিশত ঘূৰে সেয়া কোনেও ক’ব নোৱাৰে৷ সৌভাগ্যই লগ দিয়াৰ বাবেই  ১৯ বছৰ বয়সতে কোটিপতি হ’ল পশ্চিম বংগৰ  উত্তৰ দিনাজপুৰৰ ৰায়গঞ্জৰ এজন ৰাজমিস্ত্ৰী। শেহতীয়াকৈ তেওঁ লটাৰীত এক কোটি টকা লাভ কৰিছে। বিষয়টো জনাৰ লগে লগে  যুৱকজনৰ ঘৰত আনন্দৰ লহৰ বৈ গৈছে৷ চুবুৰীয়াসকলৰ মাজতো আনন্দৰ ঢৌ উঠিছে৷  

যুৱকজনৰ নাম মিথু দেবশৰ্মা। পেছাত এজন ৰাজমিস্ত্ৰী। তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ। যুৱকজন ৰায়গঞ্জৰ বীৰঘাই গ্ৰাম পঞ্চায়তৰ বাসিন্দা। আৰ্থিক অনাটনৰ মাজৰে চলিছিল মিথুৰ পৰিয়ালটো৷  মিথুৱে প্ৰায়ে ধনী হোৱাৰ সপোন দেখিছিল। মিথুৱে তেওঁৰ ভাগ্য সলনি কৰাৰ আশাত লটাৰীৰ টিকট এখন কিনিছিল। কিন্তু তেওঁ  সপোনতো ভবা নাছিল যে সেই খন লটাৰীৰ টিকটেই তেওঁৰ ভাগ্য সলাই পেলাব৷  কিন্তু নভবা কথাটোৱেই হ’ল৷ 

মিথুৱে যোৱা শনিবাৰে  ৩০ টকাৰে   লটাৰীৰ  টিকটটো কিনিছিল। তাৰ পিছতে ভাগ্য সলনি হৈ গ’ল মিথুৰ। মিথুৱে জানিব পাৰিলে যে তেওঁ ১ কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে। প্ৰথমে  তেওঁ কথাষাৰ বিশ্বাস কৰিব পৰা নাছিল৷ পিছত খবৰ লৈ তেওঁ সেই বিষয়ত নিশ্চিত হয়৷ 

আনন্দত আত্মহাৰ হৈ পৰা মিথুৱে কয়  "মই এজন মিস্ত্ৰী। মই কেতিয়াও ১ কোটি টকাৰ সপোন দেখা নাছিলো। মই দিন হাজিৰা কৰি  খাওঁ। মই মোৰ আনন্দ বুজাব পৰা নাই।" কিন্তু আনন্দৰ লগতে মিথুৰ মনতো অলপ ভয়ো আছে। ইমান টকাৰে তেওঁ কি কৰিব? তেওঁ কয়  যে পৰিয়ালটোৰ অৱস্থা একেবাৰে ভাল নহয়। পৰিয়ালৰ বাবে সকলো ধন খৰচ কৰিব।

উল্লেখ্য কিছুদিন পূৰ্বে বংগৰে মন্টেশ্বৰৰ বাঘাচান পঞ্চায়তৰ বাঘাচান গাঁৱৰ বাসিন্দা উৎপল পালেও  লটাৰীত  কোটি টকা লাভ কৰিছিল। পেছাত বাছ কৰ্মী মানুহজনে কষ্টৰে অৰ্জা ধনেৰে লটাৰী টিকট কাটিছিল। তাতেই তেওঁৰ ভাগ্য সলনি হৈ পৰিছিল৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক