--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাগ্যৰ চকৰি কেতিয়া কোন দিশত ঘূৰে সেয়া কোনেও ক’ব নোৱাৰে৷ সৌভাগ্যই লগ দিয়াৰ বাবেই  ১৯ বছৰ বয়সতে কোটিপতি হ’ল পশ্চিম বংগৰ  উত্তৰ দিনাজপুৰৰ ৰায়গঞ্জৰ এজন ৰাজমিস্ত্ৰী। শেহতীয়াকৈ তেওঁ লটাৰীত এক কোটি টকা লাভ কৰিছে। বিষয়টো জনাৰ লগে লগে  যুৱকজনৰ ঘৰত আনন্দৰ লহৰ বৈ গৈছে৷ চুবুৰীয়াসকলৰ মাজতো আনন্দৰ ঢৌ উঠিছে৷  

যুৱকজনৰ নাম মিথু দেবশৰ্মা। পেছাত এজন ৰাজমিস্ত্ৰী। তেওঁৰ বয়স মাত্ৰ ১৯ বছৰ। যুৱকজন ৰায়গঞ্জৰ বীৰঘাই গ্ৰাম পঞ্চায়তৰ বাসিন্দা। আৰ্থিক অনাটনৰ মাজৰে চলিছিল মিথুৰ পৰিয়ালটো৷  মিথুৱে প্ৰায়ে ধনী হোৱাৰ সপোন দেখিছিল। মিথুৱে তেওঁৰ ভাগ্য সলনি কৰাৰ আশাত লটাৰীৰ টিকট এখন কিনিছিল। কিন্তু তেওঁ  সপোনতো ভবা নাছিল যে সেই খন লটাৰীৰ টিকটেই তেওঁৰ ভাগ্য সলাই পেলাব৷  কিন্তু নভবা কথাটোৱেই হ’ল৷ 

মিথুৱে যোৱা শনিবাৰে  ৩০ টকাৰে   লটাৰীৰ  টিকটটো কিনিছিল। তাৰ পিছতে ভাগ্য সলনি হৈ গ’ল মিথুৰ। মিথুৱে জানিব পাৰিলে যে তেওঁ ১ কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে। প্ৰথমে  তেওঁ কথাষাৰ বিশ্বাস কৰিব পৰা নাছিল৷ পিছত খবৰ লৈ তেওঁ সেই বিষয়ত নিশ্চিত হয়৷ 

আনন্দত আত্মহাৰ হৈ পৰা মিথুৱে কয়  "মই এজন মিস্ত্ৰী। মই কেতিয়াও ১ কোটি টকাৰ সপোন দেখা নাছিলো। মই দিন হাজিৰা কৰি  খাওঁ। মই মোৰ আনন্দ বুজাব পৰা নাই।" কিন্তু আনন্দৰ লগতে মিথুৰ মনতো অলপ ভয়ো আছে। ইমান টকাৰে তেওঁ কি কৰিব? তেওঁ কয়  যে পৰিয়ালটোৰ অৱস্থা একেবাৰে ভাল নহয়। পৰিয়ালৰ বাবে সকলো ধন খৰচ কৰিব।

উল্লেখ্য কিছুদিন পূৰ্বে বংগৰে মন্টেশ্বৰৰ বাঘাচান পঞ্চায়তৰ বাঘাচান গাঁৱৰ বাসিন্দা উৎপল পালেও  লটাৰীত  কোটি টকা লাভ কৰিছিল। পেছাত বাছ কৰ্মী মানুহজনে কষ্টৰে অৰ্জা ধনেৰে লটাৰী টিকট কাটিছিল। তাতেই তেওঁৰ ভাগ্য সলনি হৈ পৰিছিল৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু