--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী সুৰা নীতি কেলেংকাৰী গোচৰত পুনৰ বিজেপিয়ে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। এই বিষয়ত কেজৰিৱালক এতিয়াৰ পৰা আজি অলপ পিছতে জেৰা কৰিবলৈ ওলাইছে চি বি আই।

ইয়াৰ পূৰ্বে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই কেজৰিৱালক আক্ৰমণ কৰিছিল। তেওঁ কয় যে কেজৰিৱালে মণীষ ছিচোদিয়াৰ গ্ল’ভছ পিন্ধি দুৰ্নীতি কৰিছে।সম্বিত পাত্ৰই আৰু কয় যে দিল্লীত সংঘটিত হোৱা সুৰা কেলেংকাৰীৰ কিংপিন কোন সেয়া চিবিআইয়ে জানিব বিচাৰে। চিবিআইয়ে তথ্য উলিয়াই আনিবলৈ চেষ্টা কৰিব। কোনোবাই গ্ল’ভছ পিন্ধি দুৰ্নীতি কৰি আছিল। লগতে তেওঁ কয় যে কেজৰিৱালে বিজয় নাইৰকো ব্যৱহাৰ কৰিছিল।

সম্বিতে লগতে কয় যে,অৰবিন্দ কেজৰিৱালে সুৰা কেলেংকাৰী কৰিছে, গতিকে এতিয়া তেওঁ তাৰ বাবে শাস্তি পাব।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঢ় লৈ উঠা বিৰোধী ঐক্যক লৈও সম্বিত পাত্ৰও সোচ্চাৰ হয়। তেওঁ কয় যে কেজৰিৱাল, ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ দৰে সকলো দুৰ্নীতিগ্ৰস্ত লোক এক হৈ পৰিছে। খৰ্গে কেজৰিৱালকও ফোন কৰে। অৰবিন্দ কেজৰিৱালে কেৱল সুৰা বিক্ৰী কৰি ভাৰতক এক নম্বৰ দেশ হিচাপে গঢ়ি তুলিব। তেওঁ কয় যে দিল্লীৰ সুৰা নীতি কেলেংকাৰী কেৱল কেজৰিৱালৰ ঘৰতহে কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু