--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:যোৱা কিছুদিনৰে পৰা বিশেষভাৱে চৰ্চিত হৈছিল বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ কন্যা৷ কংগ্ৰেছ দলে স্মৃতি ইৰাণীৰ কন্যা গোৱাৰ ৰেষ্টুৰেণ্টৰ মালিক বুলি নানান অভিযোগ আৰোপ কৰিছিল৷ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা জয়ৰাম ৰামেশ, পৱন খেৰা আদি নেতায়ে স্মৃতি ইৰাণীৰ কন্যাৰ বিপক্ষে তীক্ষ্ণ আৰু মিছা অভিযোগ আৰোপ কৰি তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ  কৰিছে বুলি ৰায়দান দিয়ে৷ 

লগতে স্মৃতি ইৰাণী নাইবা তেওঁৰ কন্যা কোনো গৰাকীয়েই গোৱাৰ ৰেষ্টুৰেণ্টৰ মালিক নহয় আৰু এনে কোনো বিষয়ৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই বুলিও ৰায়দান দিয়ে৷ কংগ্ৰেছ নেতা কেইজনে ভিত্তিহীন গোচৰৰ জৰিয়তে স্মৃতি ইৰাণী আৰু তেওঁৰ কন্যাৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰিব বিচাৰিছে বুলিও ন্যায়ালয়ে কয়৷

উল্লেখযোগ্য যে স্মৃতি ইৰাণীয়ে কংগ্ৰেছী নেতা কেইজনে কৰা অভিযোগৰ ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছিল৷আৰু ওঠৰ বছৰীয়া কন্যাৰ ওপৰত মিছা আৰোপ লগোৱাৰ বাবে কংগ্ৰেছ নেতা কেইজনৰ ওপৰত এক মানহানি গোচৰ ৰুজু কৰিছিল৷

ন্যায়ালয়ে উক্ত বিষয়টো পৰ্যবেক্ষণ কৰি কংগ্ৰেছ নেতা কেইজনক সামজিক প্ৰচাৰ মাধ্যম ফেচবুক, টুইটাৰ, ইউটিউত আদিত  স্মৃতি ইৰাণী আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে  লিখা প’ষ্ট, ফটো, ভিডিঅ’ আদিবোৰ ২৪ ঘন্টাৰ ভিতৰত আঁতৰাবলৈ নিৰ্দেশ দিছে৷ 

দিল্লী উচ্চ ন্যায়ালয়ে কয় যে সমাজৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদা ৰক্ষা কৰাটো ন্যায়ালয়ৰ কৰ্তব্য। লগতে ইয়াৰোপৰি  স্মৃতি ইৰাণী কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এগৰাকী সন্মানীয় সদস্য৷ এই গোচৰটো বৰ্তমান পৰৱৰ্তী শুনানিৰ বাবে তালিকাবদ্ধ কৰা হৈছে ৷ পৰৱৰ্তী শুনানি ১৮ আগষ্ট আৰু নৱেম্বৰৰ ১৫ তাৰিখে হোৱাৰ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ