--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:যোৱা কিছুদিনৰে পৰা বিশেষভাৱে চৰ্চিত হৈছিল বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ কন্যা৷ কংগ্ৰেছ দলে স্মৃতি ইৰাণীৰ কন্যা গোৱাৰ ৰেষ্টুৰেণ্টৰ মালিক বুলি নানান অভিযোগ আৰোপ কৰিছিল৷ সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা জয়ৰাম ৰামেশ, পৱন খেৰা আদি নেতায়ে স্মৃতি ইৰাণীৰ কন্যাৰ বিপক্ষে তীক্ষ্ণ আৰু মিছা অভিযোগ আৰোপ কৰি তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ  কৰিছে বুলি ৰায়দান দিয়ে৷ 

লগতে স্মৃতি ইৰাণী নাইবা তেওঁৰ কন্যা কোনো গৰাকীয়েই গোৱাৰ ৰেষ্টুৰেণ্টৰ মালিক নহয় আৰু এনে কোনো বিষয়ৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই বুলিও ৰায়দান দিয়ে৷ কংগ্ৰেছ নেতা কেইজনে ভিত্তিহীন গোচৰৰ জৰিয়তে স্মৃতি ইৰাণী আৰু তেওঁৰ কন্যাৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰিব বিচাৰিছে বুলিও ন্যায়ালয়ে কয়৷

উল্লেখযোগ্য যে স্মৃতি ইৰাণীয়ে কংগ্ৰেছী নেতা কেইজনে কৰা অভিযোগৰ ন্যায় বিচাৰি ন্যায়ালয়ৰ কাষ চাপিছিল৷আৰু ওঠৰ বছৰীয়া কন্যাৰ ওপৰত মিছা আৰোপ লগোৱাৰ বাবে কংগ্ৰেছ নেতা কেইজনৰ ওপৰত এক মানহানি গোচৰ ৰুজু কৰিছিল৷

ন্যায়ালয়ে উক্ত বিষয়টো পৰ্যবেক্ষণ কৰি কংগ্ৰেছ নেতা কেইজনক সামজিক প্ৰচাৰ মাধ্যম ফেচবুক, টুইটাৰ, ইউটিউত আদিত  স্মৃতি ইৰাণী আৰু তেওঁৰ কন্যাৰ বিৰুদ্ধে  লিখা প’ষ্ট, ফটো, ভিডিঅ’ আদিবোৰ ২৪ ঘন্টাৰ ভিতৰত আঁতৰাবলৈ নিৰ্দেশ দিছে৷ 

দিল্লী উচ্চ ন্যায়ালয়ে কয় যে সমাজৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদা ৰক্ষা কৰাটো ন্যায়ালয়ৰ কৰ্তব্য। লগতে ইয়াৰোপৰি  স্মৃতি ইৰাণী কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এগৰাকী সন্মানীয় সদস্য৷ এই গোচৰটো বৰ্তমান পৰৱৰ্তী শুনানিৰ বাবে তালিকাবদ্ধ কৰা হৈছে ৷ পৰৱৰ্তী শুনানি ১৮ আগষ্ট আৰু নৱেম্বৰৰ ১৫ তাৰিখে হোৱাৰ সম্ভাৱনা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান