--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতবৰ্ষই ইতিমধ্যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ৷ এই আজাদী কা অমৃত মহোৎসৱক সফল কৰি তুলিবলৈ চৰকাৰৰ তৰফৰ পৰা বহু কাৰ্যসূচী হাতত লোৱা হৈছে৷ “হৰ ঘৰ ত্ৰিৰংগা” হৈছে  আজাদী কা অমৃত মহোৎসৱৰে এক অন্যতম কাৰ্যসূচী৷ চৰকাৰে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ঘৰতে ভাৰতবৰ্ষৰ জাতীয় পতাকা  উত্তোলন কৰি এই কাৰ্যসূচীক সফল কৰি তুলিবলৈ অনুৰোধ জনাইছে৷ 

ভাৰতৰ বিভিন্ন বিমান বন্দৰ, চৰকাৰী কাৰ্যালয়, মঠ-মন্দিৰ আদিতো জাতীয় পতাকা ইতিমধ্যে উত্তোলন কৰা হৈছে৷ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰে তেওঁৰ চ’চিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰ। তেওঁৰ নতুন প্ৰফাইল পিকচাৰত ভাৰত জাতীয় পতাকাৰ ফটো সংলগ্ন কৰিছে৷ তেওঁৰ এই পদক্ষেপে এতিয়া অনুৰাগী সকলকো এই অভিযানত যোগ দিবলৈ অনুপ্ৰেৰণা যোগাইছে৷

“আগষ্ট মাহৰ দুই তাৰিখে ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুতকৰ্তা পিঙ্গালি ভেঙ্কায়াৰ জন্মদিন। তেওঁৰ প্ৰতি সন্মান জনাই মই ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগাক দুই আগষ্টৰ পৰা ১৫ আগষ্টলৈ চ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো হিচাপে ব্যৱহাৰ কৰিছো” -  চ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো হিচাপে ত্ৰিৰংগাৰ ফটো ব্যৱহাৰ কৰাৰ পিছতে এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু