--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতবৰ্ষই ইতিমধ্যে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ৷ এই আজাদী কা অমৃত মহোৎসৱক সফল কৰি তুলিবলৈ চৰকাৰৰ তৰফৰ পৰা বহু কাৰ্যসূচী হাতত লোৱা হৈছে৷ “হৰ ঘৰ ত্ৰিৰংগা” হৈছে  আজাদী কা অমৃত মহোৎসৱৰে এক অন্যতম কাৰ্যসূচী৷ চৰকাৰে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ঘৰতে ভাৰতবৰ্ষৰ জাতীয় পতাকা  উত্তোলন কৰি এই কাৰ্যসূচীক সফল কৰি তুলিবলৈ অনুৰোধ জনাইছে৷ 

ভাৰতৰ বিভিন্ন বিমান বন্দৰ, চৰকাৰী কাৰ্যালয়, মঠ-মন্দিৰ আদিতো জাতীয় পতাকা ইতিমধ্যে উত্তোলন কৰা হৈছে৷ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে৷ মঙ্গলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰে তেওঁৰ চ’চিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰ। তেওঁৰ নতুন প্ৰফাইল পিকচাৰত ভাৰত জাতীয় পতাকাৰ ফটো সংলগ্ন কৰিছে৷ তেওঁৰ এই পদক্ষেপে এতিয়া অনুৰাগী সকলকো এই অভিযানত যোগ দিবলৈ অনুপ্ৰেৰণা যোগাইছে৷

“আগষ্ট মাহৰ দুই তাৰিখে ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুতকৰ্তা পিঙ্গালি ভেঙ্কায়াৰ জন্মদিন। তেওঁৰ প্ৰতি সন্মান জনাই মই ভাৰতীয় জাতীয় পতাকা ত্ৰিৰংগাক দুই আগষ্টৰ পৰা ১৫ আগষ্টলৈ চ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো হিচাপে ব্যৱহাৰ কৰিছো” -  চ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো হিচাপে ত্ৰিৰংগাৰ ফটো ব্যৱহাৰ কৰাৰ পিছতে এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ