--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা অধিবক্তাক দেওবাৰে কলিকতাত গ্ৰেপ্তাৰ কৰিলে স্থানীয় আৰক্ষীয়ে ।গ্ৰেপ্তাৰৰ পিছত তেওঁক আৰক্ষী চকীলৈ লৈ যোৱা হয়৷ 

সূত্ৰ অনুসৰি, অধিবক্তা ৰাজীৱ কুমাৰক এন্টি ৰাউডী বিভাগৰ বিষয়াই গ্ৰেপ্তাৰ কৰে৷ ইয়াৰোপৰি আৰক্ষীয়ে তেওঁ  কোনো লোকক পঞ্চাছ লাখ টকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে৷ কলিকতাৰ মাজমজিয়াত অৱস্থিত এটা শ্বপিং মলত অধিবক্তাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাঁচিৰ আৰক্ষীৰ পৰা অধিবক্তাজনৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷আনহাতে অধিবক্তা ৰাজীৱ কুমাৰৰ বিপক্ষে গোচৰ ৰুজু কৰিছিল ঝাৰখণ্ড আৰক্ষীয়ে ।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ অভিযোগ কৰিছিল এই অধিবক্তাজনে৷ আনকি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পি আই এলো ৰুজু কৰিছিল ৰাজীৱ কুমাৰে৷ আনহাতে মুখমন্ত্ৰী হেমন্ত চৰেণে কয় যে ৰাজীৱ কুমাৰে ৰুজু কৰা আবেদনখনৰ আন এজন বিজেপি নেতাই ৰুজু কৰা আবেদনৰ সৈতে সাদৃশ্য আছে। হয়তো একেজন লোকেই এই আবেদনখন ৰুজু কৰিছে বুলিও তেওঁ মন্তব্য দিয়ে৷

বৰ্তমান ৰাজীৱ কুমাৰক আৰক্ষী চকীতে ৰখা হৈছে আৰু কি গোচৰত তেওঁক আটক কৰা হৈছে সেইয়া আৰক্ষীয়ে এতিয়াও জানিবলৈ দিয়া নাই৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান