--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চৰেণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা অধিবক্তাক দেওবাৰে কলিকতাত গ্ৰেপ্তাৰ কৰিলে স্থানীয় আৰক্ষীয়ে ।গ্ৰেপ্তাৰৰ পিছত তেওঁক আৰক্ষী চকীলৈ লৈ যোৱা হয়৷ 

সূত্ৰ অনুসৰি, অধিবক্তা ৰাজীৱ কুমাৰক এন্টি ৰাউডী বিভাগৰ বিষয়াই গ্ৰেপ্তাৰ কৰে৷ ইয়াৰোপৰি আৰক্ষীয়ে তেওঁ  কোনো লোকক পঞ্চাছ লাখ টকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ আনিছে৷ কলিকতাৰ মাজমজিয়াত অৱস্থিত এটা শ্বপিং মলত অধিবক্তাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰাঁচিৰ আৰক্ষীৰ পৰা অধিবক্তাজনৰ সম্ভেদ লাভ কৰিছিল আৰক্ষীয়ে ৷আনহাতে অধিবক্তা ৰাজীৱ কুমাৰৰ বিপক্ষে গোচৰ ৰুজু কৰিছিল ঝাৰখণ্ড আৰক্ষীয়ে ।

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী বিৰুদ্ধে অবৈধ ধনৰ লেনদেনৰ অভিযোগ কৰিছিল এই অধিবক্তাজনে৷ আনকি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পি আই এলো ৰুজু কৰিছিল ৰাজীৱ কুমাৰে৷ আনহাতে মুখমন্ত্ৰী হেমন্ত চৰেণে কয় যে ৰাজীৱ কুমাৰে ৰুজু কৰা আবেদনখনৰ আন এজন বিজেপি নেতাই ৰুজু কৰা আবেদনৰ সৈতে সাদৃশ্য আছে। হয়তো একেজন লোকেই এই আবেদনখন ৰুজু কৰিছে বুলিও তেওঁ মন্তব্য দিয়ে৷

বৰ্তমান ৰাজীৱ কুমাৰক আৰক্ষী চকীতে ৰখা হৈছে আৰু কি গোচৰত তেওঁক আটক কৰা হৈছে সেইয়া আৰক্ষীয়ে এতিয়াও জানিবলৈ দিয়া নাই৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
অসমৰ লোহিত-ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত বিৰল প্ৰজাতিৰ ঘঁৰিয়ালৰ সন্ধান
খৈৰাবাৰীত লাভ জেহাদ! হিন্দু পৰিচয় দি ডিব্ৰুগড়ৰ নাবালিকাক পলুৱাই নিলে ধুবুৰীৰ যুৱকে
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ