--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সম্প্ৰতি ইডিৰ জিম্মাত আছে। গ্ৰেপ্তাৰ আৰু ইডিৰ জিম্মালৈ প্ৰেৰণৰ বিৰুদ্ধে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। 

যাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত উচিত ন্যায়ৰ বাবে আবেদন কৰিছিল অৰবিন্দ কেজৰিৱালে। দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কোনো সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে৷ আদালতে ইডিক সঁহাৰি দিবলৈ সাত দিনৰ মঞ্জুৰ কৰিছিল আৰু শুনানিৰ পৰৱৰ্তী তাৰিখ হিচাপে ৩ এপ্ৰিল নিৰ্ধাৰণ কৰিছে। কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত কৰা আবেদনত দৃঢ়তাৰে কৈছিল যে ইডিৰ কাৰ্যকলাপে তেওঁৰ মৌলিক অধিকাৰ উলংঘন কৰিছে।

ইপিনে, শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি ইডিৰ জিম্মাত অসুস্থ হৈ পৰিছে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। মধুমেহ ৰোগত আক্ৰান্ত কেজৰিৱালৰ ব্লাড ছুগাৰ লেভেল ক্ৰমান্বয়ে নিম্নমুখী হোৱাৰ খবৰ সদৰী কৰিছে কেজৰিৱালৰ ঘনিষ্ঠ সূত্ৰই। ২৮ মাৰ্চলৈ ইডিৰ জিম্মাত থাকিবলগীয়া মুখ্যমন্ত্ৰীগৰাকীক উচিত চিকিৎসাৰ দাবী আপ নেতৃত্বৰ। তাৰ বিপৰীতে আজি কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ পুনৰ উত্তাল হৈ পৰে দিল্লী। আজি দিল্লীৰ বিধানসভাৰ বাহিৰত প্ৰতিবাদমুখৰ হয় আপ আৰু বিজেপি কৰ্মীসকল। কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰতিবাদ আপ নেতা–কৰ্মীৰ।

আনহাতে, কেজৰিৱালৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত বিজেপিৰ। তাৰ মাজতে কানাডাত থকা খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱণ্ট সিং পন্নুৱে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেজৰিৱালক খালিস্তানী সমৰ্থকে ১৩৪ কোটি টকা দিয়াৰ বিস্ফোৰক দাবী কৰিছে। ২০১৪ চনত নিউয়ৰ্কত কেজৰিৱালক সাক্ষাতৰ দাবী কৰিছে সন্ত্ৰাসবাদীটোৱে। দিল্লী বিস্ফোৰণত জড়িত এক অভিযুক্তক মুক্তি দিয়াৰ স্বাৰ্থত কেজৰিৱালক ১৩৪ কোটি দিয়াৰ দাবী কৰিছে পন্নুৱে।

আনহাতে, গ্ৰেপ্তাৰৰ পাছত ইডিৰ জিম্মাৰ পৰাই চৰকাৰ চলাইছে অৰবিন্দ কেজৰিৱালে। ২৪ মাৰ্চত কাৰাগাৰৰ পৰা কেজৰিৱালে জাৰি কৰিছিল প্ৰথমটো চৰকাৰী নিৰ্দেশনা। 

আনহাতে কালি দ্বিতীয়টো চৰকাৰী আদেশ জাৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যাক লৈ তদন্ত অব্যাহত ৰাখিছে EDএ। ইপিনে, পুনৰবাৰ মিডিয়াৰ সন্মুখত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱাল। ২৮ মাৰ্চত কেজৰিৱালে আদালতত বিস্ফোৰক তথ্য দাখিলৰ দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱালে।

ইপিনে, কেজৰিৱালক গ্ৰেপ্তাৰক লৈ অব্যাহত আছে শাসক–বিৰোধীৰ বাকযুদ্ধ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক গ্ৰেপ্তাৰ কৰি মোদী চৰকাৰে বিৰোধীক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ তুলি পুনৰ সোচ্চাৰ হৈ পৰিছে আপ নেতৃত্ব। 

আনহাতে, আপৰ প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দিছে বিজেপিৰ নেতৃত্বই। সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কেজৰিৱালক গ্ৰেপ্তাৰৰ সমৰ্থনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা অনুৰাগ ঠাকুৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ