--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল সম্প্ৰতি ইডিৰ জিম্মাত আছে। গ্ৰেপ্তাৰ আৰু ইডিৰ জিম্মালৈ প্ৰেৰণৰ বিৰুদ্ধে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। 

যাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত উচিত ন্যায়ৰ বাবে আবেদন কৰিছিল অৰবিন্দ কেজৰিৱালে। দিল্লী উচ্চ ন্যায়ালয়ে বুধবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কোনো সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে৷ আদালতে ইডিক সঁহাৰি দিবলৈ সাত দিনৰ মঞ্জুৰ কৰিছিল আৰু শুনানিৰ পৰৱৰ্তী তাৰিখ হিচাপে ৩ এপ্ৰিল নিৰ্ধাৰণ কৰিছে। কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত কৰা আবেদনত দৃঢ়তাৰে কৈছিল যে ইডিৰ কাৰ্যকলাপে তেওঁৰ মৌলিক অধিকাৰ উলংঘন কৰিছে।

ইপিনে, শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি ইডিৰ জিম্মাত অসুস্থ হৈ পৰিছে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল। মধুমেহ ৰোগত আক্ৰান্ত কেজৰিৱালৰ ব্লাড ছুগাৰ লেভেল ক্ৰমান্বয়ে নিম্নমুখী হোৱাৰ খবৰ সদৰী কৰিছে কেজৰিৱালৰ ঘনিষ্ঠ সূত্ৰই। ২৮ মাৰ্চলৈ ইডিৰ জিম্মাত থাকিবলগীয়া মুখ্যমন্ত্ৰীগৰাকীক উচিত চিকিৎসাৰ দাবী আপ নেতৃত্বৰ। তাৰ বিপৰীতে আজি কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ পুনৰ উত্তাল হৈ পৰে দিল্লী। আজি দিল্লীৰ বিধানসভাৰ বাহিৰত প্ৰতিবাদমুখৰ হয় আপ আৰু বিজেপি কৰ্মীসকল। কেজৰিৱালক গ্ৰেপ্তাৰক লৈ প্ৰতিবাদ আপ নেতা–কৰ্মীৰ।

আনহাতে, কেজৰিৱালৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত বিজেপিৰ। তাৰ মাজতে কানাডাত থকা খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱণ্ট সিং পন্নুৱে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেজৰিৱালক খালিস্তানী সমৰ্থকে ১৩৪ কোটি টকা দিয়াৰ বিস্ফোৰক দাবী কৰিছে। ২০১৪ চনত নিউয়ৰ্কত কেজৰিৱালক সাক্ষাতৰ দাবী কৰিছে সন্ত্ৰাসবাদীটোৱে। দিল্লী বিস্ফোৰণত জড়িত এক অভিযুক্তক মুক্তি দিয়াৰ স্বাৰ্থত কেজৰিৱালক ১৩৪ কোটি দিয়াৰ দাবী কৰিছে পন্নুৱে।

আনহাতে, গ্ৰেপ্তাৰৰ পাছত ইডিৰ জিম্মাৰ পৰাই চৰকাৰ চলাইছে অৰবিন্দ কেজৰিৱালে। ২৪ মাৰ্চত কাৰাগাৰৰ পৰা কেজৰিৱালে জাৰি কৰিছিল প্ৰথমটো চৰকাৰী নিৰ্দেশনা। 

আনহাতে কালি দ্বিতীয়টো চৰকাৰী আদেশ জাৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যাক লৈ তদন্ত অব্যাহত ৰাখিছে EDএ। ইপিনে, পুনৰবাৰ মিডিয়াৰ সন্মুখত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱাল। ২৮ মাৰ্চত কেজৰিৱালে আদালতত বিস্ফোৰক তথ্য দাখিলৰ দাবী কৰে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী সুনীতা কেজৰিৱালে।

ইপিনে, কেজৰিৱালক গ্ৰেপ্তাৰক লৈ অব্যাহত আছে শাসক–বিৰোধীৰ বাকযুদ্ধ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক গ্ৰেপ্তাৰ কৰি মোদী চৰকাৰে বিৰোধীক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ তুলি পুনৰ সোচ্চাৰ হৈ পৰিছে আপ নেতৃত্ব। 

আনহাতে, আপৰ প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দিছে বিজেপিৰ নেতৃত্বই। সুৰা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কেজৰিৱালক গ্ৰেপ্তাৰৰ সমৰ্থনত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা অনুৰাগ ঠাকুৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু