--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰীষ্মৰ প্ৰচণ্ড দহন আৰম্ভ হৈছে নতুন দিল্লীত৷ বুধবাৰে দিল্লীৰ সৰ্বাধিক তাপমাত্ৰাই ৩৯.১ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এক বিবৃতিযোগে সদৰী কৰে৷ এইবছৰ এতিয়ালৈকে  এয়া দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা।
ৰাষ্ট্ৰীয় ৰাজধানীত সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ১৭ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছিল, যি ঋতুৰ গড়তকৈ তিনি গুণ কম বুলি আইএমডিয়ে কয়৷

বতৰ বিজ্ঞান বিভাগৰ মতে, দিল্লী আৰু ইয়াৰ কাষৰীয়া এলেকাবোৰে বজ্ৰপাতৰ সৈতে সপ্তাহান্তত পাতলীয়া বৰষুণৰ সৈতে প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব পাৰে।

বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰৰ বাবে আংশিকভাৱে ডাৱৰীয়া আকাশৰ আগজাননী দিছে৷ সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ৩৯ আৰু ১৯ ডিগ্ৰী চেলচিয়াছত স্থিৰ হোৱাৰ সম্ভাৱনা আছে।

ইফালে, ‘আইএমডি’য়ে জম্মু-কাশ্মীৰ, লাডাখ আৰু হিমাচল প্ৰদেশৰ বাবে 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে৷ সম্ভৱতঃ সপ্তাহান্তত এই অঞ্চলত ধাৰাসাৰ বৰষুণ/তুষাৰপাত হ'ব পাৰে৷
জম্মু-কাশ্মীৰ আৰু লাডাখত ১৩ আৰু ১৪ এপ্ৰিলত ধাৰাসাৰ বৰষুণ/তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে৷ হিমাচল প্ৰদেশত ১৪ এপ্ৰিলত ধাৰাসাৰ বৰষুণ/তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে৷

বতৰ বিজ্ঞান বিভাগে ১৩ এপ্ৰিলৰ বাবে জম্মু-কাশ্মীৰ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু ৰাজস্থানৰ কিছু অংশৰ বাবে শিলাবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু