--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰীষ্মৰ প্ৰচণ্ড দহন আৰম্ভ হৈছে নতুন দিল্লীত৷ বুধবাৰে দিল্লীৰ সৰ্বাধিক তাপমাত্ৰাই ৩৯.১ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰে বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এক বিবৃতিযোগে সদৰী কৰে৷ এইবছৰ এতিয়ালৈকে  এয়া দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা।
ৰাষ্ট্ৰীয় ৰাজধানীত সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ১৭ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছিল, যি ঋতুৰ গড়তকৈ তিনি গুণ কম বুলি আইএমডিয়ে কয়৷

বতৰ বিজ্ঞান বিভাগৰ মতে, দিল্লী আৰু ইয়াৰ কাষৰীয়া এলেকাবোৰে বজ্ৰপাতৰ সৈতে সপ্তাহান্তত পাতলীয়া বৰষুণৰ সৈতে প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব পাৰে।

বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰৰ বাবে আংশিকভাৱে ডাৱৰীয়া আকাশৰ আগজাননী দিছে৷ সৰ্বাধিক আৰু নিম্নতম তাপমাত্ৰা ক্ৰমান্বয়ে ৩৯ আৰু ১৯ ডিগ্ৰী চেলচিয়াছত স্থিৰ হোৱাৰ সম্ভাৱনা আছে।

ইফালে, ‘আইএমডি’য়ে জম্মু-কাশ্মীৰ, লাডাখ আৰু হিমাচল প্ৰদেশৰ বাবে 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে৷ সম্ভৱতঃ সপ্তাহান্তত এই অঞ্চলত ধাৰাসাৰ বৰষুণ/তুষাৰপাত হ'ব পাৰে৷
জম্মু-কাশ্মীৰ আৰু লাডাখত ১৩ আৰু ১৪ এপ্ৰিলত ধাৰাসাৰ বৰষুণ/তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে৷ হিমাচল প্ৰদেশত ১৪ এপ্ৰিলত ধাৰাসাৰ বৰষুণ/তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে৷

বতৰ বিজ্ঞান বিভাগে ১৩ এপ্ৰিলৰ বাবে জম্মু-কাশ্মীৰ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড় আৰু ৰাজস্থানৰ কিছু অংশৰ বাবে শিলাবৃষ্টিৰ সতৰ্কবাণী জাৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ