--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গোটেই ৰমজান মাহটো ৰোজা ৰখাৰ অন্তত আজি সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হৈছে পবিত্ৰ ঈদ-উল-ফিতৰ। আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই উদযাপন কৰা হৈছ ঈদ। 

এই পবিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায়। এমাহ ধৰি ৰোজা ৰখাৰ পাছত  ইছলাম ধৰ্মীয়ে অতি আন্তৰিকতাৰে পালন কৰিছে ঈদ। প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ঈদৰ আনন্দ। ঈদ উপলক্ষে দেখা যায় প্ৰেম–ভাতৃত্ববোধৰ ছবি। লগতে থাকে নতুন পোছাক পৰিধান কৰাৰ ৰীতি, বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনৰ জুতি।

পুৱাই ঈদগাহ, ময়দান সমূহত সমূহীয়া নামাজ আদায় কৰিছে তেওঁলোকে। ৰমজান মাহ কেতিয়াবা ২৯ দিনীয়া হয়, কেতিয়াবা ৩০ দিনীয়া। ৰমজানৰ শেষত আকাশত জোন দেখাৰ পিছতে পালন কৰা হয় আনন্দৰ পৱিত্ৰ ঈদ। ইছলাম ধৰ্মৰ কেলেণ্ডাৰ লুনাৰ বা চন্দ্ৰৰ কেলেণ্ডাৰৰ ওপৰত নিৰ্ভৰশীল। আৰু সেই কেলেণ্ডাৰ মানি প্ৰতি বছৰে পৃথক পৃথক দিনত পালিত হয় ঈদ।

সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল–মাখল পৰিৱেশ। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। গুৱাহাটী মহানগৰীতো ঈদক লৈ দেখা গৈছে আনন্দমুখৰ পৰিৱেশ। সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ। নামাজৰ বাবে পুৱাই ঈদগাহসমূহত সমবেত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল।

এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, ভাতৃত্ববোধৰ বতৰা। পৱিত্ৰ ঈদৰ অলেখ শুভেচ্ছা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement