--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গোটেই ৰমজান মাহটো ৰোজা ৰখাৰ অন্তত আজি সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হৈছে পবিত্ৰ ঈদ-উল-ফিতৰ। আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই উদযাপন কৰা হৈছ ঈদ। 

এই পবিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায়। এমাহ ধৰি ৰোজা ৰখাৰ পাছত  ইছলাম ধৰ্মীয়ে অতি আন্তৰিকতাৰে পালন কৰিছে ঈদ। প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ঈদৰ আনন্দ। ঈদ উপলক্ষে দেখা যায় প্ৰেম–ভাতৃত্ববোধৰ ছবি। লগতে থাকে নতুন পোছাক পৰিধান কৰাৰ ৰীতি, বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনৰ জুতি।

পুৱাই ঈদগাহ, ময়দান সমূহত সমূহীয়া নামাজ আদায় কৰিছে তেওঁলোকে। ৰমজান মাহ কেতিয়াবা ২৯ দিনীয়া হয়, কেতিয়াবা ৩০ দিনীয়া। ৰমজানৰ শেষত আকাশত জোন দেখাৰ পিছতে পালন কৰা হয় আনন্দৰ পৱিত্ৰ ঈদ। ইছলাম ধৰ্মৰ কেলেণ্ডাৰ লুনাৰ বা চন্দ্ৰৰ কেলেণ্ডাৰৰ ওপৰত নিৰ্ভৰশীল। আৰু সেই কেলেণ্ডাৰ মানি প্ৰতি বছৰে পৃথক পৃথক দিনত পালিত হয় ঈদ।

সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে উখল–মাখল পৰিৱেশ। প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। গুৱাহাটী মহানগৰীতো ঈদক লৈ দেখা গৈছে আনন্দমুখৰ পৰিৱেশ। সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ। নামাজৰ বাবে পুৱাই ঈদগাহসমূহত সমবেত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল।

এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, ভাতৃত্ববোধৰ বতৰা। পৱিত্ৰ ঈদৰ অলেখ শুভেচ্ছা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু