--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰশাসনিক বিষয়াৰ বদলিৰ সৈতে জড়িত কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশৰ সৈতে জড়িত বিধেয়কখনে মঙলবাৰে (২৫ জুলাই) মোদী কেবিনেটৰ অনুমোদন লাভ কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনত এতিয়া চৰকাৰে উত্থাপন এই বিধেয়কখন কৰিব পাৰিব। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ১৯ মে’ত এই অধ্যাদেশ (দিল্লী অধ্যাদেশ ২০২৩) জাৰি কৰিছিল।

কেন্দ্ৰই জাৰি কৰা অধ্যাদেশত ডেনিক্স কেডাৰৰ গ্ৰুপ-এ বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা আৰু বদলিৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা কৰ্তৃপক্ষ গঠন কৰাৰ ব্যৱস্থা আছে। সংসদৰ অধিৱেশন নথকা সময়ত চৰকাৰে অধ্যাদেশ আনে যদিও ছয় সপ্তাহৰ ভিতৰত সংসদে গৃহীত কৰিব লাগিব।

দিল্লীৰ আম আদমি পাৰ্টি চৰকাৰে এই অধ্যাদেশৰ তীব্ৰ বিৰোধিতা কৰিছে। এই অধ্যাদেশক অসাংবিধানিক বুলি অভিহিত কৰিছে। এই বিষয়টো উচ্চতম ন্যায়ালয়ে ৫জন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে। এই অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন লাভ কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেইবাজনো বিৰোধী নেতাক সাক্ষাৎ কৰিছে।

বিগত সময়ত অৰবিন্দ কেজৰিৱালে এই বিষয়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনকে ধৰি বহু নেতাক সাক্ষাৎ কৰিছিল। ৰাজ্যসভাত এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অৰবিন্দ কেজৰিৱালে কেইবাটাও বিৰোধী দলৰ পৰা সমৰ্থন বিচাৰিছে।

কংগ্ৰেছ, টিএমচি, ডিএমকেকে ধৰি বহু দলে সমৰ্থনৰ কথা কৈছে। বৰ্তমান সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি আছে। এই সময়ছোৱাত চৰকাৰে যিকোনো দিনাই এই বিধেয়কখন দাখিল কৰিব পাৰে। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে এই অধ্যাদেশৰ বিধেয়কখনো উপস্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু