--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰশাসনিক বিষয়াৰ বদলিৰ সৈতে জড়িত কেন্দ্ৰীয় চৰকাৰৰ অধ্যাদেশৰ সৈতে জড়িত বিধেয়কখনে মঙলবাৰে (২৫ জুলাই) মোদী কেবিনেটৰ অনুমোদন লাভ কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনত এতিয়া চৰকাৰে উত্থাপন এই বিধেয়কখন কৰিব পাৰিব। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ১৯ মে’ত এই অধ্যাদেশ (দিল্লী অধ্যাদেশ ২০২৩) জাৰি কৰিছিল।

কেন্দ্ৰই জাৰি কৰা অধ্যাদেশত ডেনিক্স কেডাৰৰ গ্ৰুপ-এ বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা আৰু বদলিৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা কৰ্তৃপক্ষ গঠন কৰাৰ ব্যৱস্থা আছে। সংসদৰ অধিৱেশন নথকা সময়ত চৰকাৰে অধ্যাদেশ আনে যদিও ছয় সপ্তাহৰ ভিতৰত সংসদে গৃহীত কৰিব লাগিব।

দিল্লীৰ আম আদমি পাৰ্টি চৰকাৰে এই অধ্যাদেশৰ তীব্ৰ বিৰোধিতা কৰিছে। এই অধ্যাদেশক অসাংবিধানিক বুলি অভিহিত কৰিছে। এই বিষয়টো উচ্চতম ন্যায়ালয়ে ৫জন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰিছে। এই অধ্যাদেশৰ বিৰুদ্ধে সমৰ্থন লাভ কৰিবলৈ আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেইবাজনো বিৰোধী নেতাক সাক্ষাৎ কৰিছে।

বিগত সময়ত অৰবিন্দ কেজৰিৱালে এই বিষয়ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ, ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনকে ধৰি বহু নেতাক সাক্ষাৎ কৰিছিল। ৰাজ্যসভাত এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অৰবিন্দ কেজৰিৱালে কেইবাটাও বিৰোধী দলৰ পৰা সমৰ্থন বিচাৰিছে।

কংগ্ৰেছ, টিএমচি, ডিএমকেকে ধৰি বহু দলে সমৰ্থনৰ কথা কৈছে। বৰ্তমান সংসদৰ বৰ্ষাকালীন অধিৱেশন চলি আছে। এই সময়ছোৱাত চৰকাৰে যিকোনো দিনাই এই বিধেয়কখন দাখিল কৰিব পাৰে। অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে এই অধ্যাদেশৰ বিধেয়কখনো উপস্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ