--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধা বৰ্ষাকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবৰ বাবে সংসদত উপস্থিত হয়। এই সময়তে সংসদ ভৱনৰ চৌহদত এটা কাউৰীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় ৰাঘৱ চাদ্ধা। এই ঘটনাৰ ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভাইৰেল ছবিখনত স্পষ্টকৈ দেখা যায় যে ৰাঘৱ চাদ্ধাক কাউৰীৰ আক্ৰমণৰ পৰা পলায়ন কৰা দেখা গৈছে।

ৰাঘৱ চাদ্ধাৰ লগত সংঘটিত হোৱা কাউৰী কাণ্ডৰ পাছত দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই ছবিখন সকলোৰে সৈতে শ্বেয়াৰ কৰিছে। দিল্লী বিজেপিয়ে মস্কৰা কৰি লিখিছে যে - মিছা কথা, কাউৰীয়ে কামুৰিলে। আজিলৈকে আমি কেৱল শুনিছিলোঁ, আজি আমি দেখিলো যে কাউৰীয়ে মিছলীয়াক কামুৰিলে!

কেৱল এয়াই নহয় ছচিয়েল মিডিয়াতো মানুহে মন্তব্য কৰিছে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে – গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। সংসদ চৌহদত আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্ধাক কাউৰীয়ে আক্ৰমণ কৰিলে। 

উল্লেখযোগ্য যে মণিপুৰৰ হিংসাৰ বিষয়ত আপৰ সাংসদ সঞ্জয় সিঙক সমগ্ৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে নিলম্বন সন্দৰ্ভত ৰাঘৱ চাদ্ধাই কৈছিল যে মণিপুৰত সংবিধানৰ ৩৫৫ আৰু ৩৫৬ অনুচ্ছেদ উলংঘা হোৱাই নহয়, তাত মানৱতাক লজ্জিত কৰা হৈছে। শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি প্ৰমাণিত হোৱা বুলি অভিযোগ উত্থাপন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ