--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধা বৰ্ষাকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবৰ বাবে সংসদত উপস্থিত হয়। এই সময়তে সংসদ ভৱনৰ চৌহদত এটা কাউৰীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হয় ৰাঘৱ চাদ্ধা। এই ঘটনাৰ ছবি ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত এই ঘটনাৰ ভাইৰেল ছবিখনত স্পষ্টকৈ দেখা যায় যে ৰাঘৱ চাদ্ধাক কাউৰীৰ আক্ৰমণৰ পৰা পলায়ন কৰা দেখা গৈছে।

ৰাঘৱ চাদ্ধাৰ লগত সংঘটিত হোৱা কাউৰী কাণ্ডৰ পাছত দিল্লীৰ ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই ছবিখন সকলোৰে সৈতে শ্বেয়াৰ কৰিছে। দিল্লী বিজেপিয়ে মস্কৰা কৰি লিখিছে যে - মিছা কথা, কাউৰীয়ে কামুৰিলে। আজিলৈকে আমি কেৱল শুনিছিলোঁ, আজি আমি দেখিলো যে কাউৰীয়ে মিছলীয়াক কামুৰিলে!

কেৱল এয়াই নহয় ছচিয়েল মিডিয়াতো মানুহে মন্তব্য কৰিছে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে – গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। সংসদ চৌহদত আম আদমি পাৰ্টিৰ সাংসদ ৰাঘৱ চাদ্ধাক কাউৰীয়ে আক্ৰমণ কৰিলে। 

উল্লেখযোগ্য যে মণিপুৰৰ হিংসাৰ বিষয়ত আপৰ সাংসদ সঞ্জয় সিঙক সমগ্ৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে নিলম্বন সন্দৰ্ভত ৰাঘৱ চাদ্ধাই কৈছিল যে মণিপুৰত সংবিধানৰ ৩৫৫ আৰু ৩৫৬ অনুচ্ছেদ উলংঘা হোৱাই নহয়, তাত মানৱতাক লজ্জিত কৰা হৈছে। শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি প্ৰমাণিত হোৱা বুলি অভিযোগ উত্থাপন কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু