--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰত ঘৰৰ প্ৰতিটো দিশ আৰু সামগ্ৰীৰ ৰক্ষণাবেক্ষণ সম্পৰ্কে কিছু নিয়ম দিয়া হৈছে। এই নিয়মবোৰ পালন নকৰিলে বাস্তুদোষৰ সৃষ্টি হয় আৰু জীৱনত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। বাস্তুশাস্ত্ৰতো এই বাস্তুদোষবোৰ দূৰ কৰাৰ ব্যৱস্থাৰ কথা উল্লেখ আছে। এই ব্যৱস্থাসমূহে পৰিৱেশৰ ঋণাত্মকতা আঁতৰাই ধনাত্মক শক্তি সঞ্চাৰ কৰে। আজি আমি এনে বাস্তুদোষ দূৰ কৰাৰ কিছুমান ফলপ্ৰসূ উপায় জানো আহক। যিটো কৰিলে আৰ্থিক সংকট টনকিয়াল হৈ কেৰিয়াৰত সফলতা আৰম্ভ হয়।

 ঘৰৰ বাস্তুদোষ দূৰ কৰাৰ ফলপ্ৰসূ উপায়-

* যদি আপুনি ঘৰৰ কোনো অংশৰ বাস্তুদোষ আঁতৰাব নোৱাৰে তেন্তে তাত ২টা কৰ্পূৰৰ টুকুৰা ৰাখক। গলিলে আকৌ তাত নতুন কৰ্পূৰৰ টুকুৰা ৰাখিব। বাস্তুদোষ দূৰ কৰাৰ বাবে কৰ্পূৰ বৃহৎ শক্তিশালী। ই ঘৰৰ ঋণাত্মক শক্তিক ধনাত্মকতালৈ ৰূপান্তৰিত কৰে।

* যদি সঘনাই ধনৰ ক্ষতি হয়, আৰ্থিক সংকট ভুগি আছে, তেতিয়া পুৱা বা গধূলি পাকঘৰত বাটি এটাত কিছু লং আৰু কৰ্পূৰ জ্বলাই দিব। সম্ভৱ হ’লে এই প্ৰতিকাৰ দৈনিক কৰক আৰু ইয়াৰ বাবে ৰূপৰ বাটি ব্যৱহাৰ কৰক। এনে কৰিলে ধনৰ লোকচান ৰোধ হ’ব আৰু মালক্ষ্মী সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰিব।

* কামত যদি বাৰে বাৰে বাধা আহি পৰে, তেন্তে শনিবাৰে গা ধোৱা পানীত কৰ্পূৰ তেল কেইটোপালমান দিব। লগতে বৃহস্পতিবাৰে এচিকুট হালধি মিহলোৱা পানীৰে গা ধুব লাগে। ইয়াৰ দ্বাৰা বাধা আঁতৰি যাব আৰু ভাগ্যই আপোনাক সমৰ্থন কৰিবলৈ আৰম্ভ কৰিব।

* ঘৰত যদি বাৰে বাৰে কাজিয়া আৰু গৃহকন্দল হয়, তেন্তে ঘিউত ডুবাই থোৱা কৰ্পূৰ দৈনিক কিছুদিন জ্বলাই দিব। ইয়াৰ ফলত ঘৰখনত ইতিবাচকতা বৃদ্ধি পাব আৰু সুখ-সমৃদ্ধি আৰু শান্তি বিৰাজ কৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ ভূমিত জলসিঞ্চন প্ৰকল্পৰ কাম বন্ধ কৰাৰ নিৰ্দেশ নগাৰ
কানাডাত ভূমিকম্পৰ আশংকা! ১২ হাজাৰ বছৰৰ পিছত জাগ্ৰত হোৱাৰ লক্ষণ ইউকন ফল্ট
বিশ্বনাথত নৱ বিবাহিতা মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
ৰাতিপুৱা স্কুললৈ গৈছিল... কিন্তু ঘূৰি নাহিল বিট্টু ! বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পিতৃৰ
মাটিবাৰী সংক্ৰান্তীয় কন্দলৰ ভয়ংকৰ পৰিণতি!  এগৰাকী মহিলাক চুলিত ধৰি টানি চোঁচৰাই গুৰুলাগুৰুলকৈ প্ৰহাৰ আত্মীয়ৰ
মাৰ্ঘেৰিটাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট এজন সেনা জোৱান
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
ট্রাম্পৰ শুল্কযুদ্ধই কঁপাইছে দেশ, ৰাছিয়াকো সমালোচনা
পিতৃৰ মৃত্যু, প্ৰেমিকৰ সৈতে মাতৃৰ পলায়ন! নাবালক পুত্ৰই থানাত এজাহাৰ দি ক'লে- সিহঁতে মোক মাৰি পেলাব
ঘাইপথত হঠাতে ব্ৰেক মৰাটো অমনোযোগিতাৰ পৰিচায়ক! পথ দুর্ঘটনাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য
টি চি এছৰ কৰ্মচাৰী চাটাইৰ সিদ্ধান্তৰ পাছতেই আন এক তথ্য প্রযুক্তি কোম্পানীয়ে আনিলে আশাৰ বতৰা