--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত বতৰত আমি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়, য’ত চৰ্দি-কাহ আৰু জ্বৰৰ সম্ভাৱনা সৰ্বাধিক। যিহেতু শীতৰ বতৰ এতিয়াও সম্পূৰ্ণৰূপে অহা নাই, গতিকে বহুতে এতিয়াও ঠাণ্ডা পানী ব্যৱহাৰ কৰি আছে, ইয়াৰ ফলত ডিঙিৰ বিষৰ সন্মুখীন হ’বলগীয়া হৈ পাছত সমস্যা দুগুণে বাঢ়ি যায়। ভুক্তভোগীয়ে খাদ্য খোৱা আৰু সঠিকভাৱে কথা কোৱাটো কঠিন হৈ পৰে।

 ডিঙিৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব?

অতীজৰে পৰা এনেধৰণৰ বহু ঔষধে আমাক ডিঙি, নাকৰ ৰোগৰ পৰা উপশম দি আহিছে। বিশেষকৈ যদি আপুনি ডিঙিৰ বিষত অসুবিধা পাইছে, তেন্তে নিশ্চিতভাৱে পাকঘৰত ৰখা এইবোৰ সামগ্ৰী এনেদৰে ব্যৱহাৰ কৰিব পাৰে।

 * মেথি

মেথি অতি সুগন্ধিযুক্ত মছলা, যাৰ বাবে ইয়াৰ দ্বাৰা বহুতো ৰেচিপি প্ৰস্তুত কৰা হয়। ইয়াৰ বাবে আপুনি একাপ পানীত এচামুচ মেথিৰ গুটি উতলাই ঠাণ্ডা হ’বলৈ দি কুহুমীয়া হ’লে চাকনীৰে চেকি খাব লাগে।

 * যষ্টিমধু আৰু মৌ

ডিঙিৰ বিষৰ বাবে যষ্টিমধু ঔষধ হিচাপে গণ্য কৰা হয়, যদি আপুনিও এই সমস্যাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে এচামুচ যষ্টিমধু পাউদাৰৰ লগত মৌ মিহলাই লওক, এতিয়া কুহুময়া পানীৰে গাৰ্গল কৰক, সোনকালে সকাহ দিব।

 * নিমখ আৰু হালধি পানীৰ গাৰ্গল-

খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ আমি প্ৰায়ে নিমখ আৰু হালধি ব্যৱহাৰ কৰো, কিন্তু এই দুটাৰ সংমিশ্ৰণে ডিঙিৰ বিষৰ পৰা উপশম লাভ কৰিব পাৰে। ইয়াৰ বাবে আপুনি এগিলাচ পানী কুহুমীয়া কৰি আধা চামুচ নিমখ আৰু এচামুচ হালধি মিহলাই প্ৰায় ৫বাৰ গাৰ্গল কৰক, আপোনাৰ সমস্যা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ আৰম্ভ কৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক