--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত বতৰত আমি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়, য’ত চৰ্দি, কাহৰ সম্ভাৱনা সৰ্বাধিক। যিহেতু শীতৰ বতৰ এতিয়াও সম্পূৰ্ণৰূপে অহা নাই, গতিকে বহুতে এতিয়াও ঠাণ্ডা পানী, ঠাণ্ডা পানীয়, বা লাছি খোৱাৰ অভ্যাস এৰি দিয়া নাই, কিন্তু ইয়াৰ বাবেই তেওঁলোকে ডিঙিৰ বিষ বা ডিঙি চেৰচেৰাই থকা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে সমস্যা বাঢ়ি গলে কথা কোৱা, খাদ্য খোৱা সঠিকভাৱে কৰাটো কঠিন হৈ পৰে।

আপুনিও যদি এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে পাকঘৰত থকা কিছুমান সামগ্ৰীৰে এই সমস্যা দূৰ কৰিব পাৰিব-

১) মেথিঃ মেথি অতি সুগন্ধিযুক্ত মছলা, যাৰ বাবে ইয়াৰ দ্বাৰা বহুতো ৰেচিপি প্ৰস্তুত কৰা হয়। ডিঙিৰ সমস্যা হ’লে আপুনি একাপ পানীত এচামুচ মেথিৰ গুটি উতলাই লব। তাৰ কুহুমীয়া পানী চালনীৰে চেকি খাব লাগে।

২) গৰম পানী আৰু মৌঃ ডিঙিৰ বিষৰ বাবে সকাহ পাবলৈ গৰম পানীৰ লগত মৌ মিহলাই লওক। এতিয়া সেই পানী চিপচিপকৈ খাওক, সোনকালে সকাহ দিব।

৩) নিমখ আৰু হালধি পানীৰ গাৰ্গলঃ নিমখ আৰু হালধি, এই দুটাৰ সংমিশ্ৰণে ডিঙিৰ বিষৰ পৰা উপশম দিব পাৰে। ইয়াৰ বাবে আপুনি এগিলাচ পানী দি গৰম কৰি লওক। এতিয়া আধা চামুচ নিমখ আৰু এচামুচ হালধি মিহলাই প্ৰায় ৫ বাৰ গাৰ্গল কৰক, আপোনাৰ সমস্যা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব।

৪) আদা-জালুক দিয়া চাহঃ এনে সমস্যাত আদা-জালুক দিয়া চাহে বৰ সকাহ দিয়ে। সেয়েহে কাঢ়াকৈ এই বনাই খাব লাগে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু