--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত বতৰত আমি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ সন্মুখীন হ’বলগীয়া হয়, য’ত চৰ্দি, কাহৰ সম্ভাৱনা সৰ্বাধিক। যিহেতু শীতৰ বতৰ এতিয়াও সম্পূৰ্ণৰূপে অহা নাই, গতিকে বহুতে এতিয়াও ঠাণ্ডা পানী, ঠাণ্ডা পানীয়, বা লাছি খোৱাৰ অভ্যাস এৰি দিয়া নাই, কিন্তু ইয়াৰ বাবেই তেওঁলোকে ডিঙিৰ বিষ বা ডিঙি চেৰচেৰাই থকা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে সমস্যা বাঢ়ি গলে কথা কোৱা, খাদ্য খোৱা সঠিকভাৱে কৰাটো কঠিন হৈ পৰে।

আপুনিও যদি এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে পাকঘৰত থকা কিছুমান সামগ্ৰীৰে এই সমস্যা দূৰ কৰিব পাৰিব-

১) মেথিঃ মেথি অতি সুগন্ধিযুক্ত মছলা, যাৰ বাবে ইয়াৰ দ্বাৰা বহুতো ৰেচিপি প্ৰস্তুত কৰা হয়। ডিঙিৰ সমস্যা হ’লে আপুনি একাপ পানীত এচামুচ মেথিৰ গুটি উতলাই লব। তাৰ কুহুমীয়া পানী চালনীৰে চেকি খাব লাগে।

২) গৰম পানী আৰু মৌঃ ডিঙিৰ বিষৰ বাবে সকাহ পাবলৈ গৰম পানীৰ লগত মৌ মিহলাই লওক। এতিয়া সেই পানী চিপচিপকৈ খাওক, সোনকালে সকাহ দিব।

৩) নিমখ আৰু হালধি পানীৰ গাৰ্গলঃ নিমখ আৰু হালধি, এই দুটাৰ সংমিশ্ৰণে ডিঙিৰ বিষৰ পৰা উপশম দিব পাৰে। ইয়াৰ বাবে আপুনি এগিলাচ পানী দি গৰম কৰি লওক। এতিয়া আধা চামুচ নিমখ আৰু এচামুচ হালধি মিহলাই প্ৰায় ৫ বাৰ গাৰ্গল কৰক, আপোনাৰ সমস্যা ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰিব।

৪) আদা-জালুক দিয়া চাহঃ এনে সমস্যাত আদা-জালুক দিয়া চাহে বৰ সকাহ দিয়ে। সেয়েহে কাঢ়াকৈ এই বনাই খাব লাগে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক